--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ আগশাৰীৰ চাহ ৰোপণকাৰী সংস্থা, ক্ষুদ্ৰ চাহ খেতিয়ক, আৰু উৎপাদকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন যৌথ আবেদনত কেঁচা চাহ পাতৰ নূন্যতম বহনক্ষম মূল্যৰ চৰকাৰী অধিসূচনা জাৰি কৰিবলৈ আহ্বান জনাইছে। The-North-East-Confederation-of-Small-Tea-Growers-Association-has-reacted-to-the-actions-of-the-Tea-Association-of-India

ডিজিটেল ডেস্কঃ আবেদন নে বিজ্ঞাপন! প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰা আবেদনক বাতৰি কাকতত বিজ্ঞাপন হিচাপে প্ৰচাৰ কৰাৰ আঁৰৰ ৰহস্য কি? অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীক সমূলি ধ্বংসৰ ষড়যন্ত্ৰ নেকি এয়া! ওভতি ধৰিলে উত্তৰ-পূৱ কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনে (NECSTGA)। 


উল্লেখ্য যে ভাৰতৰ আগশাৰীৰ চাহ ৰোপণকাৰী সংস্থা, ক্ষুদ্ৰ চাহ খেতিয়ক, আৰু উৎপাদকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন যৌথ আবেদনত কেঁচা চাহ পাতৰ নূন্যতম বহনক্ষম মূল্যৰ চৰকাৰী অধিসূচনা জাৰি কৰিবলৈ আহ্বান জনাইছে। যিখন আবেদন অসমৰ বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰচাৰ কৰা হৈছে। 


ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত সংগঠনটোৱে এনে কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি-- কেঁচা চাহপাতৰ স্থায়ী মূল্য নিৰ্ধাৰণ হ'লে খেতিয়ক আৰু শ্ৰমিকসকল উপকৃত হ'ব। কিন্তু প্ৰথমে ভাৰতীয় চাহ সন্থা (ITA) আৰু টী এচ'ছিয়েচন অৱ ইণ্ডিয়া (TAI) ই প্ৰতি কিলোগ্ৰামত ৩৫-৪০ টকাৰ প্ৰস্তাৱিত মূল্য দি দেখুওৱাক। 


উত্তৰ-পূব কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনৰ সভাপতি দিগন্ত ফুকন আৰু সচিব প্ৰধান বিনোদ বুঢ়াগোহাঁয়ে ITA আৰু TAI-য়ে প্ৰথমে খেতিয়কক এই মূল্য দি এটা আদৰ্শ দেখুৱাবৰ সৎ সাহস পাৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰে। সংগঠনটোৰ গুৰুতৰ অভিযোগ- "বিগত পাঁচ মাহত ITA আৰু TAI-ৰ বাগিচাবোৰে ক্ষুদ্ৰ খেতিয়কক মাত্ৰ১২-১৬ টকাৰ ভিতৰতহে প্ৰতি কেজি কেঁচা চাহপাতৰ দৰ দি আহিছে। আনকি তেওঁলোকৰ বহু বাগিচাই বিধিবদ্ধ মজুৰি আৰু পি.এফ. দিবলৈও সক্ষম নহয়। 


সেয়ে, তেওঁলোকৰ এই প্ৰস্তাৱিত মূল্য গোটেই বছৰটো কেনেকৈ ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিব পাৰি তাক লৈ ৰহস্যৰ গোন্ধ পাইছে উত্তৰ-পূব কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনে। এনে কাৰ্যই উত্তৰ পূবৰ ক্ষুদ্ৰ চাহ খেতি আৰু বটলিফ ফেক্টৰীৰ বন্ধৰে বৃহৎ অৰ্থনৈতিক বিপৰ্যয় মাতি অনাৰো আশংকা প্ৰকাশ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন