ডিজিটেল ডেস্ক: বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত যুৱক৷
নিহত যুৱকজন আনন্দ বজাৰ হৰিপুৰৰ ধনজিৎ(চুনা) নাথ(২৪)৷
পুৱতিনিশা গাতি শান্তি বজাৰৰ পৰা ৰাস চাই ঘৰলৈ ওভতাৰ পথত আনন্দ বজাৰৰ হাটখোলাত সংঘটিত হয় দুৰ্ঘটনাটো৷
অচিনাক্ত বাহনৰ খুন্দাত ছিন্নভিন্ন হৈ পৰে যুৱকজনৰ দেহটো৷
থিতাতে নিহত হয় যুৱকজন৷
স্থানীয় লোকে বাহনখন ডাম্পাৰ বুলি সন্দেহ কৰিছে৷
আৰক্ষীৰ তদন্ত অব্যাহত।