--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এখন বাইকৰ তলত চেপা খাই পৰি আছে এজন যুৱক । উদ্ধাৰৰ বাবে হয়তো চিঞৰিছে কাৰোবাৰ সহায় বিচাৰি । দুপাল পিতা বৰষুণ , যুৱকজনৰ মৃত্যুৰ কাতৰ চিঞৰ

ডিজিটেল ডেস্কঃ নাৰী মমতাময়ী ,নাৰী স্নেহশীলা , এক কোমল হৃদয় দি ঈশ্বৰে সৃষ্টি কৰিছে নাৰীক । পিছে এশ শতাংশ নাৰীৰ ক্ষেত্ৰত শুদ্ধ নহয় এই কথা । নিষ্ঠুৰ আৰু হৃদয়হীন নাৰীও দেখা যায় আজিৰ সমাজত । কিমান কঠোৰ, কিমান নিষ্ঠুৰ হলে বাৰু মানুহে মৃত্যু যন্ত্ৰনাত চটফটাই থকা কোনো লোকক সহায়ৰ বাবে আগবাঢ়ি নোযোৱাকৈ থাকিব পাৰে ?


এখন বাইকৰ তলত চেপা খাই পৰি আছে এজন যুৱক । উদ্ধাৰৰ বাবে হয়তো চিঞৰিছে কাৰোবাৰ সহায় বিচাৰি । দুপাল পিতা বৰষুণ , যুৱকজনৰ মৃত্যুৰ কাতৰ চিঞৰ । তাৰ মাজতে চকা-চমকা কৈ দেখা গল দুগৰাকী নাৰীয়ে টৰ্চ লাইটৰ পোহৰ পেলাই মটৰ চাইকেলৰ সৈতে মৃত্যুমুখী যুৱকজনক চাই থকাৰ দৃশ্য । যুৱক জনৰ মৃত্যু কাতৰ চিঞঁৰ , সহায়ৰ আহ্বান নেওচি কিছু সময় ৰ পাছত অন্তৰ্ধান হয় সেই দুই নাৰী । তাৰ পাছতেই হয়তো সকলো শেষ হৈ গৈছিল । আন্ধাৰৰ তোলা এটি ভিডিও ক্লিপত ছায়ামায়াকৈ দেখা পোৱা সেই ৰহস্যময়ী মহিলা দুগৰাকী কোন আছিল ? যুৱক জনক বচোৱাৰ কোনো চেষ্টা নকৰি কিয় মনে মনে আঁতৰি গৈছিল মহিলা দুগৰাকী ? এজন সবল সুঠাম ডেকাৰ মৃত্যু যন্ত্ৰণা কেনে দৰে উপভোগ কৰিব পাৰে নাৰীয়ে ?এই লৈ কলিয়াবৰত চলিছে এক চৰ্চা ।



যোৱা বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ বাঘৰচুক গাওঁত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ । বালিটিকা গাওঁৰ মিন্টু বৰা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল বাঘৰচুক গাওঁৰ দিপালী বৰা নামৰ মহিলা গৰাকীৰ ঘৰৰ চৌহদত । এখন বাইকে হেঁচা মাৰি ধৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল যুৱক জনৰ মৃতদেহ । প্ৰাথমিক পৰ্য্যায়ত আৰক্ষীয়ে এয়া এক দুৰ্ঘটনা বুলি মন্তব্য কৰিছে যদিও ৰাইজে ইয়াক মানি লব বিচৰা নাই ।


আনহাতে উল্লেখিত ভিডিঅ'তো ভাইৰেল হোৱাৰ পাছত ৰাইজে হত্যাকাণ্ড বুলি সন্দেহ কৰিছে । এই ঘটনাৰ সু বিচাৰ দাবী কৰি স্থানীয় ৰাইজে দিপালী বৰাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদো সাব্যস্ত কৰে । শেহতীয়াভাবে দিপালী বৰাৰ পৰিয়ালে হত্যাকাণ্ড সংঘটিত কৰি দুর্ঘটনাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰি মিন্টু বৰাৰ পৰিয়ালে শিলঘাট আৰক্ষীৰ হাতত এখন এজাহাৰ দাখিল কৰিছে । সেই ভিডিও ক্লিপ , মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন , আন আন তথ্য পৰীক্ষা কৰি আৰক্ষীয়ে কৰা তদন্তৰ পাছতহে পোহৰলৈ আহিব মিন্টু বৰাৰ মৃত্যুৰ প্ৰকৃত সত্যটো ।


মিন্টু বৰাৰ মৃত্যু দুৰ্ঘটনা নে হত্যাকাণ্ড এই প্ৰশ্নৰ উত্তৰতকৈ ভিডিও ক্লিপ ত দেখা ৰহস্যময়ী মহিলা দুগৰাকী কোন আছিল , যুৱক জনক বচাবলৈ নিজে অথবা আনৰ সহায় কিয় বিচৰা নাছিল । যুৱক জনৰ মৃত্যু কাতৰ যন্ত্ৰণা উপভোগ কৰি দিপালী বৰাৰ ঘৰৰ দিশে গুচি যোৱা মহিলা দুগৰাকী কোন আছিল , আৰক্ষীৰ তদন্তত পোহৰলৈ আহিবনে এইবোৰ কথা ? মিন্টু বৰাৰ মৃত্যুত পৰোক্ষ ভাবে হলেও এই ৰহস্যময়ী নাৰী দুগৰাকী হাত আছিল নেকি ? আৰক্ষীৰ তদন্তৰ আওতালৈ এই বিষয়বোৰ অহাটো বিচাৰিছে মিন্টু বৰাৰ পৰিয়াল তথা স্থানীয় ৰাইজে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ