--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শনিবাৰে ঘোষণা কৰা দলটোৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে গীলক এইবাৰ ভাৰত আৰু শ্রীলংকাই অহা বছৰ আয়োজন কৰা টি-২০ বিশ্ব কাপত দেখা পোৱা নাযাব।

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই শনিবাৰে টি-২০ বিশ্ব কাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গীলৰ নাম এবাৰো উল্লেখ কৰা নাছিল। 


শনিবাৰে ঘোষণা কৰা দলটোৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে গীলক এইবাৰ ভাৰত আৰু শ্রীলংকাই অহা বছৰ আয়োজন কৰা টি-২০ বিশ্ব কাপত দেখা পোৱা নাযাব। গীলক বিশ্ব কাপৰ টি-২০ দলৰ পৰা বাদ দিয়াৰ পাছত কেইবাটাও চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। গীল দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতীয় দলৰ সহঃঅধিনায়ক আছিল। কিন্তু দলটোৰ অধিনায়কজনেই শেষ মুহূর্তলৈকে জানিব পৰা নাছিল যে তেওঁক বিশ্ব কাপৰ দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। 



এন ডি টি ভিয়ে বি চি চি আইৰ সূত্ৰৰ উদ্ধৃতি দি প্রকাশ কৰে যে মুখ্য নির্বাচক অজিত আগাৰকাৰ, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূর্যকুমাৰ যাদৱে গীলক বিশ্ব কাপৰ দলৰ পৰা বাদ দিয়াৰ প্রসংগত কোনো কথাই আগতীয়াকৈ জনোৱা নাছিল। 


গীলৰ শেহতীয়া প্রদর্শন মুঠেও সন্তোষজনক নহয়, কিন্তু অধিনায়ক সূর্যকুমাৰৰ প্ৰদৰ্শনো ভাল নহয়। তেওঁক আন্তঃ বিশ্ব কাপলৈকে তেওঁক অধিনায়ক পদত অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। বি চি চি আইৰ সূত্ৰই প্ৰকাশ কৰা মতে, গীলে ভৰিৰ আঙুলিত আঘাত পোৱাৰ পাছৰে পৰা তেওঁৰ বিকল্পৰ সন্ধান আৰম্ভ কৰে গম্ভীৰ আৰু সূর্যকুমাৰকে ধৰি টীম মেনেজমেণ্ট। ইয়াৰ অৰ্থ হ'ল গীলক নজনোৱাকৈয়ে তেওঁক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছিল।


উল্লেখযোগ্য যে গীলে খেলিব নোৱাৰাকৈ সিমান গুৰুতৰ আঘাত পোৱা নাছিল। তেওঁ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আহমেদাবাদত হৈ যোৱা পঞ্চমখন টি-২০ত খেলাৰ আগ্রহো প্রকাশ কৰিছিল। আনহাতে, শনিবাৰে দল ঘোষণা কৰাৰ সময়ত সংবাদমেলত মুখ্য নির্বাচক আগাৰকাৰে গীলক বাদ দিয়াৰ প্ৰসংগত সাংবাদিকে সোধা প্রশ্নৰ স্পষ্ট উত্তৰ দিব পৰা নাছিল। 


মনকৰিবলগীয়া যে লক্ষ্ণৌত চতুর্থ টি-২০ মেচখনৰ আগতে গীলে ভৰিৰ আঙুলিত আঘাত পাইছিল। চতুর্থ মেচখনত ঘন কুঁৱলীৰ বাবে বাতিল কৰা হৈছিল। গীল সেই সময়লৈকে দলৰ সহঃ অধিনায়ক হৈ আছিল, কিন্তু ২৪ ঘণ্টাতকৈ কম সময়ৰ ভিতৰত তেওঁক দলৰ পৰা বাদ দিয়ে। এই সিদ্ধান্ত স্বয়ং গীলৰ বাবে আশ্চর্যজনক আছিল। ডাঙৰ কথাটো হ'ল দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অন্তিম মেচলৈকে গীলে দলৰ লগতে আছিল। তেওঁ আহমেদাবাদত খেলুৱৈক পানী যোগান ধৰাৰ বাবে খেলপথাৰলৈও গৈছিল। কিন্তু তেওঁক এই বিষয়ে অধিনায়ক সূর্যকুমাৰ আৰু মুখ্য প্রশিক্ষক গম্ভীৰে কোনো কথা জনোৱা নাছিল। গীলক এই বিষয়ে অৱগত কৰে কালি দুপৰীয়া দল ঘোষণাৰ কেইমিনিটমানৰ আগতে মুখ্য নির্বাচক আগাৰকাৰে। 


এনে অৱস্থাত তেওঁক বঞ্চনা কৰাৰো অভিযোগ উঠিছে। গম্ভীৰ, আগাৰকাৰ আৰু সূর্যকুমাৰে এই সিদ্ধান্তৰ বিষয়ে গীলক আন্ধাৰত ৰখাক লৈ ভালেমান প্রশ্নৰ উদয় হৈছে। এই সিদ্ধান্তই গীল আৰু গম্ভীৰৰ মাজৰ সম্পৰ্কতো প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু