--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শনিবাৰে ঘোষণা কৰা দলটোৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে গীলক এইবাৰ ভাৰত আৰু শ্রীলংকাই অহা বছৰ আয়োজন কৰা টি-২০ বিশ্ব কাপত দেখা পোৱা নাযাব।

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই শনিবাৰে টি-২০ বিশ্ব কাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গীলৰ নাম এবাৰো উল্লেখ কৰা নাছিল। 


শনিবাৰে ঘোষণা কৰা দলটোৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে গীলক এইবাৰ ভাৰত আৰু শ্রীলংকাই অহা বছৰ আয়োজন কৰা টি-২০ বিশ্ব কাপত দেখা পোৱা নাযাব। গীলক বিশ্ব কাপৰ টি-২০ দলৰ পৰা বাদ দিয়াৰ পাছত কেইবাটাও চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। গীল দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতীয় দলৰ সহঃঅধিনায়ক আছিল। কিন্তু দলটোৰ অধিনায়কজনেই শেষ মুহূর্তলৈকে জানিব পৰা নাছিল যে তেওঁক বিশ্ব কাপৰ দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। 



এন ডি টি ভিয়ে বি চি চি আইৰ সূত্ৰৰ উদ্ধৃতি দি প্রকাশ কৰে যে মুখ্য নির্বাচক অজিত আগাৰকাৰ, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূর্যকুমাৰ যাদৱে গীলক বিশ্ব কাপৰ দলৰ পৰা বাদ দিয়াৰ প্রসংগত কোনো কথাই আগতীয়াকৈ জনোৱা নাছিল। 


গীলৰ শেহতীয়া প্রদর্শন মুঠেও সন্তোষজনক নহয়, কিন্তু অধিনায়ক সূর্যকুমাৰৰ প্ৰদৰ্শনো ভাল নহয়। তেওঁক আন্তঃ বিশ্ব কাপলৈকে তেওঁক অধিনায়ক পদত অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। বি চি চি আইৰ সূত্ৰই প্ৰকাশ কৰা মতে, গীলে ভৰিৰ আঙুলিত আঘাত পোৱাৰ পাছৰে পৰা তেওঁৰ বিকল্পৰ সন্ধান আৰম্ভ কৰে গম্ভীৰ আৰু সূর্যকুমাৰকে ধৰি টীম মেনেজমেণ্ট। ইয়াৰ অৰ্থ হ'ল গীলক নজনোৱাকৈয়ে তেওঁক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছিল।


উল্লেখযোগ্য যে গীলে খেলিব নোৱাৰাকৈ সিমান গুৰুতৰ আঘাত পোৱা নাছিল। তেওঁ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আহমেদাবাদত হৈ যোৱা পঞ্চমখন টি-২০ত খেলাৰ আগ্রহো প্রকাশ কৰিছিল। আনহাতে, শনিবাৰে দল ঘোষণা কৰাৰ সময়ত সংবাদমেলত মুখ্য নির্বাচক আগাৰকাৰে গীলক বাদ দিয়াৰ প্ৰসংগত সাংবাদিকে সোধা প্রশ্নৰ স্পষ্ট উত্তৰ দিব পৰা নাছিল। 


মনকৰিবলগীয়া যে লক্ষ্ণৌত চতুর্থ টি-২০ মেচখনৰ আগতে গীলে ভৰিৰ আঙুলিত আঘাত পাইছিল। চতুর্থ মেচখনত ঘন কুঁৱলীৰ বাবে বাতিল কৰা হৈছিল। গীল সেই সময়লৈকে দলৰ সহঃ অধিনায়ক হৈ আছিল, কিন্তু ২৪ ঘণ্টাতকৈ কম সময়ৰ ভিতৰত তেওঁক দলৰ পৰা বাদ দিয়ে। এই সিদ্ধান্ত স্বয়ং গীলৰ বাবে আশ্চর্যজনক আছিল। ডাঙৰ কথাটো হ'ল দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অন্তিম মেচলৈকে গীলে দলৰ লগতে আছিল। তেওঁ আহমেদাবাদত খেলুৱৈক পানী যোগান ধৰাৰ বাবে খেলপথাৰলৈও গৈছিল। কিন্তু তেওঁক এই বিষয়ে অধিনায়ক সূর্যকুমাৰ আৰু মুখ্য প্রশিক্ষক গম্ভীৰে কোনো কথা জনোৱা নাছিল। গীলক এই বিষয়ে অৱগত কৰে কালি দুপৰীয়া দল ঘোষণাৰ কেইমিনিটমানৰ আগতে মুখ্য নির্বাচক আগাৰকাৰে। 


এনে অৱস্থাত তেওঁক বঞ্চনা কৰাৰো অভিযোগ উঠিছে। গম্ভীৰ, আগাৰকাৰ আৰু সূর্যকুমাৰে এই সিদ্ধান্তৰ বিষয়ে গীলক আন্ধাৰত ৰখাক লৈ ভালেমান প্রশ্নৰ উদয় হৈছে। এই সিদ্ধান্তই গীল আৰু গম্ভীৰৰ মাজৰ সম্পৰ্কতো প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ