--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৬ৰ জুন-জুলাই মাহত আমেৰিকাত অনুষ্ঠিত হ'ব বিশ্ব কাপ ফুটবল। এই উপলক্ষ্যে আয়োজন কৰা টুফী ট্যুৰৰ অংশ হিচাপেই অসমলৈ প্ৰদৰ্শনৰ বাবে অনা হ'ব এই সুদৃশ্য ট্রফী।

ডিজিটেল ডেস্ক : অসমৰ ক্ৰীড়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক বৃহৎ ঘটনা হ'বলৈ গৈ আছে। ইতিহাসত প্ৰথমবাৰৰ বাবে ১৩ জানুৱাৰীত অসমৰ মানুহে চাব পাৰিব ফিফা বিশ্ব কাপৰ সেইটো ট্রফী যিটো যোৱাবাৰ লায়নেল মেছিয়ে দুহাতেৰে তুলি ধৰিছিল। ১৩ জানুৱাৰীত অর্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ট্রফীটো মুকলি কৰি দিয়াৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ এতিয়া সাজু হৈছে সকলো।


উল্লেখযোগ্য যে ২০২৬ৰ জুন-জুলাই মাহত আমেৰিকাত অনুষ্ঠিত হ'ব বিশ্ব কাপ ফুটবল। এই উপলক্ষ্যে আয়োজন কৰা টুফী ট্যুৰৰ অংশ হিচাপেই অসমলৈ প্ৰদৰ্শনৰ বাবে অনা হ'ব এই সুদৃশ্য ট্রফী। টুফী ট্যুৰে সামৰি লোৱা বিশ্বৰ ৭৫টা স্থানৰ ভিতৰত এই প্ৰথমবাৰৰ বাবে সংযোজিত হ'ব অসমৰ নাম। উল্লেখযোগ্য যে ফিফা বিশ্ব কাপ শেষবাৰৰ বাবে ২০১৪ চনতে ভাৰতলৈ আহিছিল। ১৩ জানুৱাৰীত হ'ব লগা এই মেগা ইভেন্টৰ বাবে বিয়লি ৩ বজাত সৰুসজাই ষ্টেডিয়ামৰ গেট সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব।


সেইদিনা সকলো দর্শক সাক্ষী হৈ ৰ'ব ফুটবল আৰু সংগীতৰ এক মায়াময় অনুষ্ঠানৰ। বিশ্ব ফুটবলৰ মানচিত্ৰত অসমৰ এনে শক্তিশালী প্ৰৱেশে ৰাজ্যৰ লাখ লাখ ক্রীড়ানুৰাগীক উৎফুল্লিত কৰি তুলিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ