--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ এই 'ভিছা ৱেইভাৰ প্রগ্রেম' অতি সোনকালে প্ৰৱৰ্তন কৰা হ'ব। আমেৰিকাৰ সীমা শুল্ক আৰু সীমান্ত সুৰক্ষাই শেহতীয়াকৈ প্ৰকাশ কৰা এখন নতুন জাননী এতিয়া ৰাজহুৱা পর্যালোচনাৰ বাবে মুকলি কৰা হৈছে।

ডিজিটেল ডেস্ক: আমেৰিকাত প্ৰৱেশ কৰিবলৈ বিদেশী নাগৰিকে সম্মুখীন হ'ব লাগিব কঠোৰ নীতি-নিয়মৰ। আমেৰিকাৰ নতুন ভিছা নীতি অনুসৰি, বিদেশী পর্যটকে দেশখনত প্ৰৱেশৰ বাবে তেওঁলোকৰ সামাজিক মাধ্যমৰ তথ্য, টেলিফ'ন নম্বৰ, ব্যৱহাৰ কৰা ই-মেইল ঠিকনা আৰু ডি এন এৰ দৰে বায়'মেট্রিক আদি দাখিল কৰিব লাগিব। 


আমেৰিকাৰ এই 'ভিছা ৱেইভাৰ প্রগ্রেম' অতি সোনকালে প্ৰৱৰ্তন কৰা হ'ব। আমেৰিকাৰ সীমা শুল্ক আৰু সীমান্ত সুৰক্ষাই শেহতীয়াকৈ প্ৰকাশ কৰা এখন নতুন জাননী এতিয়া ৰাজহুৱা পর্যালোচনাৰ বাবে মুকলি কৰা হৈছে। বিদেশী নাগৰিক আমেৰিকালৈ গ'লে দেশখনত প্ৰৱেশৰ পূৰ্বে তেওঁলোকৰ সামাজিক মাধ্যমৰ তথ্য আৰু অন্য উচ্চমানৰ ডাটা দাখিল কৰিব লাগিব। 


যিসকল বিদেশীয়ে ভিছা নোহোৱাকৈ দেশখন ভ্রমণ কৰিব খোজে, তেওঁলোকেও এই পদ্ধতিৰ অধীনত আমেৰিকাত প্ৰৱেশ কৰিব পাৰিব। ভ্রমণ ভিছা নোহোৱাকৈ আমেৰিকাত ৯০ দিন বাস কৰিবৰ বাবে বিশ্বৰ ৪২খন দেশৰ নাগৰিকৰ বাবে এই নতুন নিয়ম প্রযোজ্য হ'ব। এটা ইলেক্ট্রনিক পদ্ধতি, 'এষ্টা' (ইলেক্টনিক ছিষ্টেম ফৰ ট্রেভেল অথ'ৰাইজেশ্যন)ৰ জৰিয়তে বিদেশী নাগৰিকৰ তথ্য পৰীক্ষা কৰা হ'ব। 


উল্লেখযোগ্য যে ৱাশ্বিংটনৰ হোৱাইট হাউছৰ সমীপত দুজন মার্কিন নেশ্যনেল গার্ডক গুলীয়াই হত্যা কৰাৰ পাছতেই ট্রাম্প প্রশাসনে ৩০খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্রমণ নিষিদ্ধ কৰিছিল আৰু প্ৰব্ৰজনকাৰীক নিয়ন্ত্রণ কৰিবলৈ ট্রাম্প প্রশাসনে শেহতীয়াকৈ এই পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, এই নতুন ভিছা পদ্ধতিৰ আওতাত ভাৰত নপৰে যদিও বিশ্বৰ ৪০খন দেশৰ নাগৰিক ইয়াৰদ্বাৰা প্ৰভাৱিত হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ