--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ এই 'ভিছা ৱেইভাৰ প্রগ্রেম' অতি সোনকালে প্ৰৱৰ্তন কৰা হ'ব। আমেৰিকাৰ সীমা শুল্ক আৰু সীমান্ত সুৰক্ষাই শেহতীয়াকৈ প্ৰকাশ কৰা এখন নতুন জাননী এতিয়া ৰাজহুৱা পর্যালোচনাৰ বাবে মুকলি কৰা হৈছে।

ডিজিটেল ডেস্ক: আমেৰিকাত প্ৰৱেশ কৰিবলৈ বিদেশী নাগৰিকে সম্মুখীন হ'ব লাগিব কঠোৰ নীতি-নিয়মৰ। আমেৰিকাৰ নতুন ভিছা নীতি অনুসৰি, বিদেশী পর্যটকে দেশখনত প্ৰৱেশৰ বাবে তেওঁলোকৰ সামাজিক মাধ্যমৰ তথ্য, টেলিফ'ন নম্বৰ, ব্যৱহাৰ কৰা ই-মেইল ঠিকনা আৰু ডি এন এৰ দৰে বায়'মেট্রিক আদি দাখিল কৰিব লাগিব। 


আমেৰিকাৰ এই 'ভিছা ৱেইভাৰ প্রগ্রেম' অতি সোনকালে প্ৰৱৰ্তন কৰা হ'ব। আমেৰিকাৰ সীমা শুল্ক আৰু সীমান্ত সুৰক্ষাই শেহতীয়াকৈ প্ৰকাশ কৰা এখন নতুন জাননী এতিয়া ৰাজহুৱা পর্যালোচনাৰ বাবে মুকলি কৰা হৈছে। বিদেশী নাগৰিক আমেৰিকালৈ গ'লে দেশখনত প্ৰৱেশৰ পূৰ্বে তেওঁলোকৰ সামাজিক মাধ্যমৰ তথ্য আৰু অন্য উচ্চমানৰ ডাটা দাখিল কৰিব লাগিব। 


যিসকল বিদেশীয়ে ভিছা নোহোৱাকৈ দেশখন ভ্রমণ কৰিব খোজে, তেওঁলোকেও এই পদ্ধতিৰ অধীনত আমেৰিকাত প্ৰৱেশ কৰিব পাৰিব। ভ্রমণ ভিছা নোহোৱাকৈ আমেৰিকাত ৯০ দিন বাস কৰিবৰ বাবে বিশ্বৰ ৪২খন দেশৰ নাগৰিকৰ বাবে এই নতুন নিয়ম প্রযোজ্য হ'ব। এটা ইলেক্ট্রনিক পদ্ধতি, 'এষ্টা' (ইলেক্টনিক ছিষ্টেম ফৰ ট্রেভেল অথ'ৰাইজেশ্যন)ৰ জৰিয়তে বিদেশী নাগৰিকৰ তথ্য পৰীক্ষা কৰা হ'ব। 


উল্লেখযোগ্য যে ৱাশ্বিংটনৰ হোৱাইট হাউছৰ সমীপত দুজন মার্কিন নেশ্যনেল গার্ডক গুলীয়াই হত্যা কৰাৰ পাছতেই ট্রাম্প প্রশাসনে ৩০খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্রমণ নিষিদ্ধ কৰিছিল আৰু প্ৰব্ৰজনকাৰীক নিয়ন্ত্রণ কৰিবলৈ ট্রাম্প প্রশাসনে শেহতীয়াকৈ এই পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, এই নতুন ভিছা পদ্ধতিৰ আওতাত ভাৰত নপৰে যদিও বিশ্বৰ ৪০খন দেশৰ নাগৰিক ইয়াৰদ্বাৰা প্ৰভাৱিত হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু