--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাকিস্তানৰ সমর্থনপুষ্ট সন্ত্রাসবাদী গোট, লস্কৰ-এ-টয়বা আৰু জৈছ-এ-মহম্মদৰ সন্ত্রাসবাদীবোৰে বাংলাদেশৰ ভিতৰত মুক্ত বিচৰণ আৰু সর্থনমূলক অভিযান চলাই আছে।

ডিজিটেল ডেস্ক: সন্ত্রাসবাদী সংগঠনসূহৰ সহযোগত পাকিস্তানৰ আই এছ আয়ে বাংলাদেশৰ ভূমিত লঞ্চপেড তৈয়াৰ কৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগত সন্ত্রাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা কৰি আছে।


শেহতীয়াকৈ প্রকাশ হোৱা এখন প্রতিবেদনত এই ভয়ংকৰ তথ্য প্রকাশ পাইছে। পাকিস্তানৰ সমর্থনপুষ্ট সন্ত্রাসবাদী গোট, লস্কৰ-এ-টয়বা আৰু জৈছ-এ-মহম্মদৰ সন্ত্রাসবাদীবোৰে বাংলাদেশৰ ভিতৰত মুক্ত বিচৰণ আৰু সর্থনমূলক অভিযান চলাই আছে। বাংলাদেশী বাতৰিকাকত 'ব্লিটজ'ৰ সম্পাদক চালাহ উদ্দিন ছোৱাইব চৌধুৰীয়ে প্ৰকাশ কৰা তেওঁৰ এটা শেহতীয়া প্রতিবেদনত উল্লেখ কৰা হৈছে যে পাকিস্তানৰ ইণ্টাৰ-ছার্ভিচেজ ইন্টেলিজেন্সে (আই এছ আই) সীমাৰ সিপাৰৰ পৰা সন্ত্ৰাসৰ কাৰ্য চলোৱাৰ বাবে বাংলাদেশৰ ভূমিক 'ৰোপণ লঞ্চপেড' হিচাপে ব্যৱহাৰ কৰি আছে।


প্রতিবেদনখনত কোৱা হৈছে যে আই এছ আয়ে বাংলাদেশৰ সীমান্তৰ সমীপত বিপজ্জনক হিচাপে সন্ত্রাসবাদীবোৰক অৱস্থান কৰোৱাইছে। তেওঁ কয় যে পূর্বে ধর্মীয় মৌলবাদীৰ হাব বুলি পৰিচিত ঢাকাৰ সমীপৰ প্ৰধান মাদ্রাছাবোৰ হঠাতে বন্ধ কৰি দিয়া হৈছে। তেওঁ আৰু কয় যে দিল্লীত বিস্ফোৰণৰ ঘটনাৰ সংক্ৰান্তত ভাৰতৰ ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ কেইবাজনো ডাক্তৰ সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে জৱাদ আহমেদ চিদিক্কীক আটক কৰাৰ পাছতেই আশ্চর্যজনকভাবে হঠাতে এই মাদ্রাছাবোৰ বন্ধ কৰি দিয়া হৈছে।


ইতিমধ্যে, এই মাদ্রাছাবোৰতেই সন্ত্রাসবাদীৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি অহাৰ বিষয়টো স্পষ্ট হৈছিল। পাকিস্তান আৰু উপ-সাগৰীয় দেশসমূহৰ পৰা এই মাদ্রাছাবোৰলৈ পুঁজি যোগান ধৰা হয় বুলি অনুসন্ধানত প্রকাশ পাইছে। সন্ত্রাসবাদ-বিৰোধী বিশেষজ্ঞসকলৰ মতে, ভাৰতত সন্ত্ৰাসৰ কাৰ্য চলোৱাৰ বাবে আই এছ আই সমর্থিত নেটৱর্কে বাংলাদেশক সন্ত্রাসবাদীৰ ঘাটিত পৰিণত কৰিছে।

আনহাতে, মহম্মদ ইউনুছৰ অন্তৱর্তী চৰকাৰৰ দিনত পাকিস্তানবে বাংলাদেশৰ সম্পর্ক উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানী সন্ত্রাসবাদীবোৰে বাংলাদেশত মুক্ত বিচৰণ কৰাৰ সম্পূর্ণ সুযোগ পাইছে। তদুপৰি, বাংলাদেশত ক্রমাৎ শক্তিশালী হৈ পৰা ইছলামিক মৌলবাদী সংগঠনবোৰেও পাকিস্তানী সন্ত্রাসবাদী গোটবোৰক ভাৰত-বিৰোধী অভিযানৰ বাবে পূর্ণ সহযোগ আগবঢ়াই আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ