--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিশা ১১ বজাত ফোন কৰি ঘৰলৈ গৈ থকা বুলি জনাইছিল পত্নীক

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ মোহনবাৰীত হত্যাকাণ্ড। অচিনাক্ত ঘাটকে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। এটা পুখুৰীৰ পৰা উদ্ধাৰ প্ৰাঞ্জল দাস নামৰ এজন ২৯ বছৰীয়া নৱ-বিবাহিত যুৱকৰ মৃতদেহ। পাৰত উদ্ধাৰ এখন স্কুটি। ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।


দেওবাৰে নিশা ৯ বজাত এজন বন্ধুৰ সৈতে ওলাই গৈছিল প্ৰাঞ্জল দাস ওৰফে বিকি। নিশা ১১ বজাত ফোন কৰি ঘৰলৈ গৈ থকা বুলি জনাইছিল পত্নীক। তাৰ পাছত ম'বাইল অফ। ঘটনা সন্দৰ্ভত মোহনবাৰী আৰক্ষীক অবগত কৰাত আজি লাহোৱাল পিৰাফলা গাঁৱৰ এটা পুখুৰীৰ কাষত লোকজনৰ স্কুটিখন উদ্ধাৰ হয়।


পাছত পুখুৰীৰ পানীত ছেণ্ডেল যোৰ ওপঙি থকা প্ৰত্যক্ষ কৰি পুখুৰীত পৰা বুলি সন্দেহ ওপজে স্থানীয় লোকৰ। এছ ডি আৰ এফ বাহিনীৰ সহযোগত পুখুৰীটোৰ পৰা মৃতদেহ উদ্ধাৰ কৰে। পৰিয়ালৰ লোকে প্ৰাঞ্জল দাসক অচিনাক্ত ঘাটকে পুখুৰীত পেলাই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। লগতে হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী তুলিছে। আৰক্ষী ইতিমধ্যে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে AMCH লৈ প্ৰেৰণ কৰিছে। ইফালে নিজ স্বামীক হেৰুৱাই দিক বিদিক হেৰুৱাই পেলাইছে সাত মহীয়া অন্তসত্তা নৱ বিবাহিতা পত্নীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা