--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিশা ১১ বজাত ফোন কৰি ঘৰলৈ গৈ থকা বুলি জনাইছিল পত্নীক

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ মোহনবাৰীত হত্যাকাণ্ড। অচিনাক্ত ঘাটকে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। এটা পুখুৰীৰ পৰা উদ্ধাৰ প্ৰাঞ্জল দাস নামৰ এজন ২৯ বছৰীয়া নৱ-বিবাহিত যুৱকৰ মৃতদেহ। পাৰত উদ্ধাৰ এখন স্কুটি। ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।


দেওবাৰে নিশা ৯ বজাত এজন বন্ধুৰ সৈতে ওলাই গৈছিল প্ৰাঞ্জল দাস ওৰফে বিকি। নিশা ১১ বজাত ফোন কৰি ঘৰলৈ গৈ থকা বুলি জনাইছিল পত্নীক। তাৰ পাছত ম'বাইল অফ। ঘটনা সন্দৰ্ভত মোহনবাৰী আৰক্ষীক অবগত কৰাত আজি লাহোৱাল পিৰাফলা গাঁৱৰ এটা পুখুৰীৰ কাষত লোকজনৰ স্কুটিখন উদ্ধাৰ হয়।


পাছত পুখুৰীৰ পানীত ছেণ্ডেল যোৰ ওপঙি থকা প্ৰত্যক্ষ কৰি পুখুৰীত পৰা বুলি সন্দেহ ওপজে স্থানীয় লোকৰ। এছ ডি আৰ এফ বাহিনীৰ সহযোগত পুখুৰীটোৰ পৰা মৃতদেহ উদ্ধাৰ কৰে। পৰিয়ালৰ লোকে প্ৰাঞ্জল দাসক অচিনাক্ত ঘাটকে পুখুৰীত পেলাই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। লগতে হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী তুলিছে। আৰক্ষী ইতিমধ্যে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে AMCH লৈ প্ৰেৰণ কৰিছে। ইফালে নিজ স্বামীক হেৰুৱাই দিক বিদিক হেৰুৱাই পেলাইছে সাত মহীয়া অন্তসত্তা নৱ বিবাহিতা পত্নীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি