--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বড়ো জনগোষ্ঠীৰ কেইবাটাও প্রতিনিধি দলৰ সৈতে ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূর্ণ বৈঠক

ডিজিটেল ডেস্ক : বর্ণাঢ্য সংস্কৃতি, লোকাচাৰ, উৎসৱ পার্বণ আদিৰে সমৃদ্ধ অসমৰ বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্যক বিশ্ব দৰবাৰত উদ্ভাসিত কৰাৰ লক্ষ্যৰে শুকুৰবাৰে লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বড়ো জনগোষ্ঠীৰ কেইবাটাও প্রতিনিধি দলৰ সৈতে ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। 


উল্লেখযোগ্য যে বৈঠকত গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৰাজ্য চৰকাৰে জাতীয় উৎসৱ বিহু আৰু চাহ জনগোষ্ঠীৰ ঝুমইৰ নৃত্য ইতিমধ্যে সফলতাৰে অনুষ্ঠিত কৰিছে। ঠিক তেনেদৰে বাগৰুম্বা নৃত্যকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে চলিত বৰ্ষৰ নৱেম্বৰ অথবা ডিচেম্বৰ মাহৰ প্ৰথম ভাগত গুৱাহাটীত বাগৰুম্বা নৃত্য প্রদর্শনৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। কালিৰ বৈঠকত বড়ো সাহিত্য সভা, সদৌ বড়ো ছাত্র সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ প্রতিনিধিসকলে বাগৰুম্বা নৃত্য পৰিৱেশন অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰাৰ দিশত পৰামৰ্শ আগবঢ়ায়। 


এই বৈঠকত বিশেষজ্ঞ সমিতি, মাষ্টাৰ প্রশিক্ষক, নৃত্য দল বাছনি, সমষ্টি ভিত্তিক কর্মশালা আৰু গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত অনুশীলনকে ধৰি বিভিন্ন বিষয়ৰ আলোচনা কৰা হয়। মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিহু আৰু ঝুমইৰ নৃত্য সফলতাৰে সম্পাদন কৰাৰ পাছত ৰাজ্য চৰকাৰে সাংস্কৃতিক দিশত অতিশয় চহকী বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই অনুষ্ঠান যাতে ক্রটীহীনভাৱে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে আৰম্ভণিৰ পৰা সেই দিশত দৃষ্টি ৰাখিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগক তেওঁ নির্দেশ দিয়ে। এইক্ষেত্রত বড়ো জাতীয় সংগঠনৰ সৈতে সু-সমন্বয়েৰে পদক্ষেপ গ্রহণ কৰিবলৈও তেওঁ নির্দেশনা প্রদান কৰে। তেওঁ লগতে কয় যে ১০ৰ পৰা ১১ হাজাৰ শিল্পীৰ দ্বাৰা পৰিৱেশিত হ'বলগীয়া এই নৃত্য প্ৰদৰ্শনৰ বাবে ৰাজ্যখনৰ সকলো জিলাৰ পৰা প্রতিনিধি থাকিব। 


প্রথমে সমষ্টিভিত্তিত, জিলাভিত্তিত আৰু চূড়ান্ত 'অনুশীলন গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত কৰা হ'ব। এইক্ষেত্ৰত জিলা আয়ুক্তসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া শিল্পীসকলক প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়াব। মুখ্যমন্ত্রীয়ে এই দিশত বড়ো সংগঠনসমূহক জিলা আয়ুক্তসকলক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। অতি কম দিনৰ ভিতৰতে ২৫জনীয়া বিশেষজ্ঞ সমিতিখন গঠনৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰি আগতীয়াকৈ পৰিকল্পনা গ্রহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়। কালিৰ এই বৈঠকত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী বিমল বড়া, বি টি আৰ প্ৰধান প্রমোদ বড়োৰ উপৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্রৱৰ্তী, বি টি আৰৰ প্ৰধান-সচিব আকাশ দীপ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাস, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী, সম্পাদক নীলকান্ত গয়াৰী প্ৰমুখ্যে বড়ো জাতীয় সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। এই বৈঠকত বি টি আৰৰ অন্তৰ্গত জিলাকেইখনৰ জিলা আয়ুক্তসকল ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে অংশগ্রহণ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী