--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গ্ৰাম্য অৰ্থনীতিক সবল কৰাৰ উদ্দেশ্যৰে ২০১৪ চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে ৰসবাৰী গ্ৰাম্য পৰ্যটন মেলা।

ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ ৰসবাৰী গাঁ‌ৱৰ তৰাণী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ দুৱাৰমৰা নদীৰ পাৰত ১০ জানুৱাৰী পৰা অনুষ্ঠিত হৈছে অষ্টম সংখ্যক ৰসবাৰী গ্ৰাম্য পৰ্যটন মেলা ২০২৬। 


গ্ৰাম্য অৰ্থনীতিক সবল কৰাৰ উদ্দেশ্যৰে ২০১৪ চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে ৰসবাৰী গ্ৰাম্য পৰ্যটন মেলা। দিনৰ ভাগত বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱা পিছত নিশালৈ কণ্ঠশিল্পী মানস ৰবীনক প্ৰথমবাৰৰ বাবে প্ৰদান কৰে "গণ শিল্পী ৰাজীৱ শদিয়া সাংস্কৃতিক বঁ‌টা"। 


গণ শিল্পী গৰাকীৰ পিতৃ,পত্নী,পুত্ৰ ভাতৃৰ সন্মুখত গ্ৰহণ কৰে কণ্ঠশিল্পী মানস ৰবীনে এই সন্মান। এই বঁ‌টাত প্ৰদান কৰা সমস্ত মাননি গণ শিল্পী ৰাজীৱ শদিয়াৰ পুত্ৰ ৰিবু শদিয়া গগৈক উপহাৰ হিচাপে প্ৰদান কৰি মানস ৰবীনে মহানুভাৱতা দেখুৱাই। ইয়াৰ লগতে ৰসবাৰী পৰ্যটন মেলা উদযাপন সমিতিৰ প্ৰতি জনাই বিশেষ আহ্বান, অহা বৰ্ষৰ পৰা গণ শিল্পী ৰাজীৱ শদিয়া সাংস্কৃতিক বঁ‌টা গণ শিল্পী ৰাজীৱ শদিয়াতকৈ কম বয়সৰ শিল্পীক এই বঁ‌টা প্ৰদান কৰিবলৈ আহ্বান জনায়।


উল্লেখযোগ্য যে ২০২৫ বৰ্ষৰ ১২ জানুৱাৰী তাৰিখে ৰসবাৰী পৰ্যটন মেলাত গীত পৰিৱেশন কৰি থকা সময়ত হঠাৎ অসুস্থ হৈ মঞ্চৰ ওপৰৰ পৰা তললৈ ঢলি পৰি ১৩ জানুৱাৰী তাৰিখে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল শিল্পীগৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ