--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গ্ৰাম্য অৰ্থনীতিক সবল কৰাৰ উদ্দেশ্যৰে ২০১৪ চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে ৰসবাৰী গ্ৰাম্য পৰ্যটন মেলা।

ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ ৰসবাৰী গাঁ‌ৱৰ তৰাণী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ দুৱাৰমৰা নদীৰ পাৰত ১০ জানুৱাৰী পৰা অনুষ্ঠিত হৈছে অষ্টম সংখ্যক ৰসবাৰী গ্ৰাম্য পৰ্যটন মেলা ২০২৬। 


গ্ৰাম্য অৰ্থনীতিক সবল কৰাৰ উদ্দেশ্যৰে ২০১৪ চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে ৰসবাৰী গ্ৰাম্য পৰ্যটন মেলা। দিনৰ ভাগত বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱা পিছত নিশালৈ কণ্ঠশিল্পী মানস ৰবীনক প্ৰথমবাৰৰ বাবে প্ৰদান কৰে "গণ শিল্পী ৰাজীৱ শদিয়া সাংস্কৃতিক বঁ‌টা"। 


গণ শিল্পী গৰাকীৰ পিতৃ,পত্নী,পুত্ৰ ভাতৃৰ সন্মুখত গ্ৰহণ কৰে কণ্ঠশিল্পী মানস ৰবীনে এই সন্মান। এই বঁ‌টাত প্ৰদান কৰা সমস্ত মাননি গণ শিল্পী ৰাজীৱ শদিয়াৰ পুত্ৰ ৰিবু শদিয়া গগৈক উপহাৰ হিচাপে প্ৰদান কৰি মানস ৰবীনে মহানুভাৱতা দেখুৱাই। ইয়াৰ লগতে ৰসবাৰী পৰ্যটন মেলা উদযাপন সমিতিৰ প্ৰতি জনাই বিশেষ আহ্বান, অহা বৰ্ষৰ পৰা গণ শিল্পী ৰাজীৱ শদিয়া সাংস্কৃতিক বঁ‌টা গণ শিল্পী ৰাজীৱ শদিয়াতকৈ কম বয়সৰ শিল্পীক এই বঁ‌টা প্ৰদান কৰিবলৈ আহ্বান জনায়।


উল্লেখযোগ্য যে ২০২৫ বৰ্ষৰ ১২ জানুৱাৰী তাৰিখে ৰসবাৰী পৰ্যটন মেলাত গীত পৰিৱেশন কৰি থকা সময়ত হঠাৎ অসুস্থ হৈ মঞ্চৰ ওপৰৰ পৰা তললৈ ঢলি পৰি ১৩ জানুৱাৰী তাৰিখে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল শিল্পীগৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু