--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কন্যাৰ দীৰ্ঘদিনীয়া চিকিৎসা কৰি সৰ্বস্ব হেৰুওৱা দৰিদ্ৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে ঘোৰ অমানিশা। ডলিৰ আৰোগ্যৰ বাবে এতিয়া প্ৰয়োজন উন্নত চিকিৎসাৰ।

ডিজিটেল ডেস্কঃ জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে তিলতিলকৈ যুঁজ দিবলগীয়া হৈছে টিংখাঙৰ এগৰাকী দুৰ্ভগীয়া কিশোৰীয়ে। জটিল তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ টিংখাঙৰ ধমন‌ পঞ্চায়তৰ অন্তৰ্গত কচলু গাঁৱৰ ৰঞ্জিত লুখুৰাখন আৰু নিভা লুখুৰাখনৰ জেষ্ঠ কন্যা ডলি লুখুৰাখনে (১৪) যেন এতিয়া জীৱনৰ ছন্দ হেৰুৱাই পেলাইছে।


কন্যাৰ দীৰ্ঘদিনীয়া চিকিৎসা কৰি সৰ্বস্ব হেৰুওৱা দৰিদ্ৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে ঘোৰ অমানিশা। ডলিৰ আৰোগ্যৰ বাবে এতিয়া প্ৰয়োজন উন্নত চিকিৎসাৰ। কিন্তু তাৰবাবে দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত ধন। আত্মীয় স্বজন, বন্ধুবৰ্গ ,স্থানীয় ৰাইজে ডলিৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয় ।


নাচনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ডলি যোৱা দুমাহে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। এতিয়া ডলিক ডিব্ৰুগড়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। কিন্তু হাতত নাই পৰ্যাপ্ত টকা-পইচা। সেয়েহে ডলিৰ পৰিয়াল তথা স্থানীয় লোক আৰু বন্ধুবৰ্গই এতিয়া ৰাইজৰপৰা সহায় সহযোগিতা বিচাৰিছে৷


মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ পৰাও সহযোগিতা বিচাৰিছে ৰাইজে৷ সেয়েহে ডলিৰ মাতৃৰ AC No : 7173010072326  IFSC PUNB0RRBAG8 নম্বৰত আৰ্থিক সহযোগিতা আগবঢ়াবলৈ ডলিৰ পৰিয়ালৰ লোকে সকলো সদাশয় ৰাইজক কাতৰ প্ৰাৰ্থনা জনাইছে ৷ আপোনালোকৰ অকণমান সহায়ে ডলিক সুস্থ কৰি তুলিব পাৰে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ