--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কন্যাৰ দীৰ্ঘদিনীয়া চিকিৎসা কৰি সৰ্বস্ব হেৰুওৱা দৰিদ্ৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে ঘোৰ অমানিশা। ডলিৰ আৰোগ্যৰ বাবে এতিয়া প্ৰয়োজন উন্নত চিকিৎসাৰ।

ডিজিটেল ডেস্কঃ জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে তিলতিলকৈ যুঁজ দিবলগীয়া হৈছে টিংখাঙৰ এগৰাকী দুৰ্ভগীয়া কিশোৰীয়ে। জটিল তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ টিংখাঙৰ ধমন‌ পঞ্চায়তৰ অন্তৰ্গত কচলু গাঁৱৰ ৰঞ্জিত লুখুৰাখন আৰু নিভা লুখুৰাখনৰ জেষ্ঠ কন্যা ডলি লুখুৰাখনে (১৪) যেন এতিয়া জীৱনৰ ছন্দ হেৰুৱাই পেলাইছে।


কন্যাৰ দীৰ্ঘদিনীয়া চিকিৎসা কৰি সৰ্বস্ব হেৰুওৱা দৰিদ্ৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে ঘোৰ অমানিশা। ডলিৰ আৰোগ্যৰ বাবে এতিয়া প্ৰয়োজন উন্নত চিকিৎসাৰ। কিন্তু তাৰবাবে দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত ধন। আত্মীয় স্বজন, বন্ধুবৰ্গ ,স্থানীয় ৰাইজে ডলিৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয় ।


নাচনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ডলি যোৱা দুমাহে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। এতিয়া ডলিক ডিব্ৰুগড়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। কিন্তু হাতত নাই পৰ্যাপ্ত টকা-পইচা। সেয়েহে ডলিৰ পৰিয়াল তথা স্থানীয় লোক আৰু বন্ধুবৰ্গই এতিয়া ৰাইজৰপৰা সহায় সহযোগিতা বিচাৰিছে৷


মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ পৰাও সহযোগিতা বিচাৰিছে ৰাইজে৷ সেয়েহে ডলিৰ মাতৃৰ AC No : 7173010072326  IFSC PUNB0RRBAG8 নম্বৰত আৰ্থিক সহযোগিতা আগবঢ়াবলৈ ডলিৰ পৰিয়ালৰ লোকে সকলো সদাশয় ৰাইজক কাতৰ প্ৰাৰ্থনা জনাইছে ৷ আপোনালোকৰ অকণমান সহায়ে ডলিক সুস্থ কৰি তুলিব পাৰে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন