ডিজিটেল ডেস্ক: আজি আদালতৰ মজিয়াত উন্মোচিত হ'ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য। জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকা সিদ্ধাৰ্থই নিজৰ ৬ টা বেংক একাউন্টত জমা কৰিছিল ।
ICICI জটিয়া শাখা, বন্ধন বেংক শিলপুখুৰী শাখা, এক্সিছ বেংক পল্টনবজাৰ শাখাত ৰাখিছিল ১ কোটি ৫৬ লাখ টকা। সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ বেংক একাউন্টত জমা ৰাখিছিল ৬৮ লাখ ৯১ হাজাৰ টকা। কিন্তু কেৱল অধ্যয়ন কৰি থকা দীপক শৰ্মাই সেই টকাৰ কোনো উৎস দেখুৱাব পৰা নাছিল ।
একেদৰে সিদ্ধাৰ্থৰ মাতৃ সুমন শৰ্মাৰ একাউন্টত জমা ৰাখিছিল ১ কোটি ৩৫ লাখ টকা।এই সমূহ টকা সিদ্ধাৰ্থই খটাইছিল মানপাৰাৰ ফ্লেট ক্ৰয়, মহাবীৰ একোৱা, ৰয়েল হেৰিটেজ হোটেলত। লগতে অন্য ৬ টা অস্থাৱৰ সম্পত্তি ক্ৰয় কৰিছিল। ইয়াৰ ওপৰিও সিদ্ধাৰ্থৰ প্ৰেমিকাক দিছিল বহু দামী দামী উপহাৰ ।সিদ্ধাৰ্থৰ এই ধন proced of crime বুলি আদালতৰ মজিয়াত উন্মোচন হৈছে।
এই ধনখিনি সিদ্ধাৰ্থে নিজৰ বুলি আদালতত প্ৰমাণ কৰিব পৰা নাই। পৰৱৰ্তী সময়তো সিদ্ধাৰ্থে সেই ধনৰ উৎস দেখুৱাব নোৱাৰিলে জুবিন গাৰ্গৰ নিকট আত্মীয় অথবা ট্ৰাষ্টলৈ হস্তান্তৰ হ’ব সমুদায় ধন। চৰকাৰী অধিবক্তা জিয়াউল কামাৰে সদৰী কৰে এই তথ্য।
আজি সিদ্ধাৰ্থ শৰ্মা মালিকানাধীন মহাবীৰ একুৱা জব্দ কৰাৰ নিৰ্দেশ দিয়ে ফাষ্ট্ৰাত উন্মোচন হৈছে।