--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • একাংশই সম্প্রদায়িক বীজ সিঁচিবলৈ চেষ্টা কৰি আছে। ঈদৰ পাছৰ পৰা বিগত কেইদিনত অসমৰ কিছুমান স্থানত অশান্তিৰ বাতাৱৰণ সৃষ্টি কৰাৰ প্ৰয়াস আমি দেখিবলৈ পাইছোঁ।

ডিজিটেল ডেস্ক : অসমত কঠোৰভাৱে বলৱৎ কৰা হ'ব 'অসম গো-সুৰক্ষা আইন।' শেহতীয়াকৈ হিন্দুৰ উপাসনা থলীলৈ গো-মাংস দলিওৱা কেইবাটাও ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে উক্ত আইনখন কঠোৰভাৱে বলৱৎ কৰাৰ বাবে জিলা আয়ুক্তসকলক নির্দেশ দিছে।


শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত আয়োজিত এখন সংবাদমেলত এই কথা অৱগত কৰি কয়, 'একাংশই সম্প্রদায়িক বীজ সিঁচিবলৈ চেষ্টা কৰি আছে। ঈদৰ পাছৰ পৰা বিগত কেইদিনত অসমৰ কিছুমান স্থানত অশান্তিৰ বাতাৱৰণ সৃষ্টি কৰাৰ প্ৰয়াস আমি দেখিবলৈ পাইছোঁ। প্ৰথমতে ধুবুৰীত আৰু তাৰ পাছত লখিমপুৰত। তাৰ পাছত লখিমপুৰৰ পৰা গোৱালপাৰা আৰু হোজাইত এনে ঘটনা হোৱা দেখিবলৈ পাইছোঁ।


সাম্প্রদায়িকভাৱে স্পৰ্শকাতৰ এলেকাসমূহত এনে ঘটনা দেখা গৈছে। যিবোৰ ঠাইত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰৰ এলেকাত ঈদৰ সময়ত গো-মাংস খোৱাৰ এটা ব্যৱস্থা চলি আহিছে।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইনৰ বলৱৎ কৰিছে, সেই অনুসৰি, নামঘৰ, মন্দিৰৰ পাঁচ কিল'মিটাৰৰ ভিতৰত গৰুৰ মাংস খাব নোৱাৰে, কাটিব নোৱাৰে আৰু গৰু মাৰিবও নোৱাৰে।


আনকি ঈদতো এনে অঞ্চলত গৰু কোৰবানি দিব নোৱাৰে। কিন্তু এইবাৰ ঈদৰ সময়ত এই আইনী ব্যৱস্থাটো জিলা প্রশাসনসমূহে যিধৰণে বলৱৎ কৰিব লাগিছিল, সেইধৰণে কৰা নাছিল। গতিকে আমি জিলা প্রশাসনক নির্দেশ দিছোঁ যে এতিয়া আইনখন কঠোৰভাৱে ৰূপায়ণ কৰিব লাগে। ইফালে এই আইন কঠোৰভাৱে বলৱৎ হ'লে ধুবুৰী চহৰত বা বৰদোৱাত কোনেও গৰু কাটিবও নোৱাৰিব আৰু খাবও নোৱাৰিব বুলি স্পষ্ট কৰি দি তেওঁ কয় যে এইক্ষেত্রত এছ অ' পি এখন বনাই জিলা প্রশাসনসমূহলৈ প্ৰেৰণ কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ