--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • একাংশই সম্প্রদায়িক বীজ সিঁচিবলৈ চেষ্টা কৰি আছে। ঈদৰ পাছৰ পৰা বিগত কেইদিনত অসমৰ কিছুমান স্থানত অশান্তিৰ বাতাৱৰণ সৃষ্টি কৰাৰ প্ৰয়াস আমি দেখিবলৈ পাইছোঁ।

ডিজিটেল ডেস্ক : অসমত কঠোৰভাৱে বলৱৎ কৰা হ'ব 'অসম গো-সুৰক্ষা আইন।' শেহতীয়াকৈ হিন্দুৰ উপাসনা থলীলৈ গো-মাংস দলিওৱা কেইবাটাও ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে উক্ত আইনখন কঠোৰভাৱে বলৱৎ কৰাৰ বাবে জিলা আয়ুক্তসকলক নির্দেশ দিছে।


শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত আয়োজিত এখন সংবাদমেলত এই কথা অৱগত কৰি কয়, 'একাংশই সম্প্রদায়িক বীজ সিঁচিবলৈ চেষ্টা কৰি আছে। ঈদৰ পাছৰ পৰা বিগত কেইদিনত অসমৰ কিছুমান স্থানত অশান্তিৰ বাতাৱৰণ সৃষ্টি কৰাৰ প্ৰয়াস আমি দেখিবলৈ পাইছোঁ। প্ৰথমতে ধুবুৰীত আৰু তাৰ পাছত লখিমপুৰত। তাৰ পাছত লখিমপুৰৰ পৰা গোৱালপাৰা আৰু হোজাইত এনে ঘটনা হোৱা দেখিবলৈ পাইছোঁ।


সাম্প্রদায়িকভাৱে স্পৰ্শকাতৰ এলেকাসমূহত এনে ঘটনা দেখা গৈছে। যিবোৰ ঠাইত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰৰ এলেকাত ঈদৰ সময়ত গো-মাংস খোৱাৰ এটা ব্যৱস্থা চলি আহিছে।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইনৰ বলৱৎ কৰিছে, সেই অনুসৰি, নামঘৰ, মন্দিৰৰ পাঁচ কিল'মিটাৰৰ ভিতৰত গৰুৰ মাংস খাব নোৱাৰে, কাটিব নোৱাৰে আৰু গৰু মাৰিবও নোৱাৰে।


আনকি ঈদতো এনে অঞ্চলত গৰু কোৰবানি দিব নোৱাৰে। কিন্তু এইবাৰ ঈদৰ সময়ত এই আইনী ব্যৱস্থাটো জিলা প্রশাসনসমূহে যিধৰণে বলৱৎ কৰিব লাগিছিল, সেইধৰণে কৰা নাছিল। গতিকে আমি জিলা প্রশাসনক নির্দেশ দিছোঁ যে এতিয়া আইনখন কঠোৰভাৱে ৰূপায়ণ কৰিব লাগে। ইফালে এই আইন কঠোৰভাৱে বলৱৎ হ'লে ধুবুৰী চহৰত বা বৰদোৱাত কোনেও গৰু কাটিবও নোৱাৰিব আৰু খাবও নোৱাৰিব বুলি স্পষ্ট কৰি দি তেওঁ কয় যে এইক্ষেত্রত এছ অ' পি এখন বনাই জিলা প্রশাসনসমূহলৈ প্ৰেৰণ কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন