--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৬ জুলাই, বুধবাৰে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ কথা আছিল

ডিজিটেল ডেস্ক: য়েমেনত থকা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড য়েমেনী চৰকাৰে স্থগিত ৰাখিছে। চৰকাৰী সূত্ৰই মঙলবাৰে এই কথা জনায়। ১৬ জুলাই, বুধবাৰে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ কথা আছিল।


কেৰালাৰ পালাক্কাড জিলাৰ কোল্লেংগোড়েৰ প্ৰিয়াক ২০১৭ চনৰ জুলাইত এজন য়েমেনী নাগৰিকক হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল। ২০২০ চনত এখন য়েমেনী আদালতে তেওঁৰ মৃত্যুদণ্ডৰ কথা ঘোষণা কৰিছিল। আনহাতে ইয়াৰ বিৰুদ্ধে তেওঁ কৰা আৱেদন ২০২৩ চনৰ নৱেম্বৰত দেশখনৰ উচ্চতম ন্যায়িক পৰিষদে নাকচ কৰিছিল। ৩৮ বছৰীয়া নাৰ্ছগৰাকী বৰ্তমান য়েমেনৰ ৰাজধানী মহানগৰ ছানাৰ এখন কাৰাগাৰত আছে।


আনহাতে, প্ৰিয়াৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ দিন স্থগিত ৰখাৰ সংবাদ দিয়া সূত্ৰটোৰ মতে এই ঘটনাত আৰম্ভণিৰে পৰা ভাৰত চৰকাৰে নাৰ্ছগৰাকীৰ পৰিয়ালক যথাসাধ্য সহায় আগবঢ়াই আহিছে। আনহাতে সংবাদ মাধ্যমৰ বাতৰি মতে নিমিষা প্ৰিয়াৰ ঘটনাটোত হস্তক্ষেপ কৰিছিল 'ভাৰতৰ মহান মুফটি'ৰূপে জনাজাত ছুন্নি মুছলমানৰ নেতা কণ্ঠপুৰম এ পি আবুবকৰ মুচলিয়াৰে।


ছুন্নি মুছলমানৰ নেতাজনে য়েমেনৰ এগৰাকী ছুফী বিদ্বানৰ সহযোগত শেষ মুহূৰ্তলৈকে কেৰালাৰ নাৰ্ছগৰাকীৰ মৃত্যুদণ্ড কাৰ্যকৰী স্থগিত ৰখাৰ চেষ্টা কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ