--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৬ জুলাই, বুধবাৰে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ কথা আছিল

ডিজিটেল ডেস্ক: য়েমেনত থকা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড য়েমেনী চৰকাৰে স্থগিত ৰাখিছে। চৰকাৰী সূত্ৰই মঙলবাৰে এই কথা জনায়। ১৬ জুলাই, বুধবাৰে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ কথা আছিল।


কেৰালাৰ পালাক্কাড জিলাৰ কোল্লেংগোড়েৰ প্ৰিয়াক ২০১৭ চনৰ জুলাইত এজন য়েমেনী নাগৰিকক হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল। ২০২০ চনত এখন য়েমেনী আদালতে তেওঁৰ মৃত্যুদণ্ডৰ কথা ঘোষণা কৰিছিল। আনহাতে ইয়াৰ বিৰুদ্ধে তেওঁ কৰা আৱেদন ২০২৩ চনৰ নৱেম্বৰত দেশখনৰ উচ্চতম ন্যায়িক পৰিষদে নাকচ কৰিছিল। ৩৮ বছৰীয়া নাৰ্ছগৰাকী বৰ্তমান য়েমেনৰ ৰাজধানী মহানগৰ ছানাৰ এখন কাৰাগাৰত আছে।


আনহাতে, প্ৰিয়াৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ দিন স্থগিত ৰখাৰ সংবাদ দিয়া সূত্ৰটোৰ মতে এই ঘটনাত আৰম্ভণিৰে পৰা ভাৰত চৰকাৰে নাৰ্ছগৰাকীৰ পৰিয়ালক যথাসাধ্য সহায় আগবঢ়াই আহিছে। আনহাতে সংবাদ মাধ্যমৰ বাতৰি মতে নিমিষা প্ৰিয়াৰ ঘটনাটোত হস্তক্ষেপ কৰিছিল 'ভাৰতৰ মহান মুফটি'ৰূপে জনাজাত ছুন্নি মুছলমানৰ নেতা কণ্ঠপুৰম এ পি আবুবকৰ মুচলিয়াৰে।


ছুন্নি মুছলমানৰ নেতাজনে য়েমেনৰ এগৰাকী ছুফী বিদ্বানৰ সহযোগত শেষ মুহূৰ্তলৈকে কেৰালাৰ নাৰ্ছগৰাকীৰ মৃত্যুদণ্ড কাৰ্যকৰী স্থগিত ৰখাৰ চেষ্টা কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক