--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিশুৰ আধাৰ বয়োজেষ্ঠ লোকৰ আধাৰত কৈ সম্পূৰ্ণ পৃথক । শিশুৰ আধাৰ কাৰ্ড সমূহ নীলা ৰঙৰ আৰু বাল্য কালৰ কাৰ্ড হোৱা হেতুকে ইয়াক "বাল আধাৰ কাৰ্ড" বুলিও জনা যায়

ডিজিটেল ডেস্ক : আধাৰ কাৰ্ড আজিৰ সময়ৰ এক অত্যন্ত জৰুৰী নথি । যিকোনো বিশেষ কামতে আধাৰ অত্যাৱশ্যকীয়।যি কেৱল আপোনাৰ পৰিচয় আৰু নাগৰিকত্বৰ প্ৰমাণ নহয়, স্কুলত নামভৰ্তিৰ পৰা আৰম্ভ কৰি চৰকাৰী ভিন্ন সুবিধা অৰ্জন লৈকে আধাৰ গুৰূত্বপূৰ্ন।


আধাৰ দুইধৰনৰ থাকে তাৰে ০-৫ বছৰ বয়সৰ লৈকে নীলা আধাৰ প্ৰচলিত। আৰু UIDAI য়ে এই নীলা ৰঙী আধাৰক লৈয়ে জৰুৰী বাৰ্তা জাৰী কৰিছে।



UIDAI এ ছচিয়াল মিডিয়া এক্স ত এই সম্পৰ্কে প্ৰতিক্ৰিয়া জাৰী কৰি অভিভাৱকসকলক সতৰ্ক কৰি দিছে আৰু তেওঁলোকক জনাইছে যে বাধ্যতামূলক বায়'মেট্ৰিক আপডেট যদি সোনকালে কৰা নাযায় স্কুলৰ নামভৰ্তি, প্ৰৱেশ পৰীক্ষা, বৃত্তি আৰু অন্যান্য কাৰ্য্যত আধাৰ সক্ৰিয় হৈ নুথিব পাৰে । লগতে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হব পাৰে।


বৰ্তমান এই আপডেট শীঘ্ৰে নকৰিলে পাছত আপোনাৰ শিশুটিৰ ৭ বছৰ পাছত ১০০ টকাৰ জৰিমনা ভৰিব লাগিব।


বাল্য আধাৰ বনাবলৈ কিছুমান নিয়ম ৰ কথা কবলৈ গলে ০-৫ বছৰ বয়সৰ শিশুৰ বাবে বায়মেত্ৰিক অবিহনেই বনি যায়। এইটো বনাবৰ বাবে শিশু টোৰ নাম , ফটো, জন্ম তিথি, , ঠিকনা আৰু পিত্ৰ মাতৃ নাম আৱশ্যকীয়। এই বয়সৰ লৈকে কোনো ধৰণৰ বায়মেট্ৰিক আপডেট ৰ প্ৰয়োজন নাই কিন্তু শিশু টোৰ ৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে বায়মেট্ৰিক আপডেট যেনে আঙুলিৰ চাপ, চকু স্কেন, আৰু শেহতীয়া ফটো আপডেট কৰাব লাগিব।


উল্লেখ্য যে শিশুৰ আধাৰ বয়োজেষ্ঠ লোকৰ আধাৰত কৈ সম্পূৰ্ণ পৃথক । শিশুৰ আধাৰ কাৰ্ড সমূহ নীলা ৰঙৰ আৰু বাল্য কালৰ কাৰ্ড হোৱা হেতুকে ইয়াক "বাল আধাৰ কাৰ্ড" বুলিও জনা যায় । UIDAI ৰ মতে নৱজাত শিশুৰ আধাৰ কাৰ্ড শিশুৰ জন্মৰ প্ৰমাণ পত্ৰৰ সহিতে মাক দেউতাকৰ জৰিয়তে নিৰ্মাণ কৰিব পাৰি ।


UIDAI ৰ পৰামৰ্শ অনুযায়ী আধাৰ কাৰ্ড ৰ এই বায়মেট্ৰিক আপডেট আপোনাৰ অঞ্চলৰ আধাৰ সেৱা কেন্দ্ৰ ত কৰিব পাৰিব । UIDAI এ স্পষ্ট পৰামৰ্শ জাৰী কৰি কয় যে আধাৰ বৰ্তমান সময়ৰ যিহেতু অত্যন্ত জৰুৰী নথি গতিকে পিতৃ মাতৃয়ে এই বিষয় যাতে গুৰুত্ব সহকাৰে বিবেচনা কৰে আৰু অতি শীঘ্ৰে আপডেত কৰাই সেই সম্পৰ্কে সচেতন হয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক