--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • স্বামীক হেৰুৱাই শোকত ভাগি পৰা গৰিমা শইকীয়া গার্গে স্বামী জুবিন গাৰ্গক সুঁৱৰি সামাজিক মাধ্যমত এটাৰ পাছত এটাকৈ ধাৰাবাহিক প'ষ্ট আপল'ড কৰি আহিছে।

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন এমাহ পূৰ্ণ হোৱাৰ দিনটোত সমগ্র ৰাজ্যবাসীয়ে কালি তেওঁলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁৰ অবিহনে অকলশৰীয়া হৈ পৰা গৰিমা শইকীয়া গাৰ্গে কালিৰ দিনটোত জুবিন গাৰ্গলৈ মনত পেলাই ফে'চবুকত আৱেগিক প'ষ্ট দিলে- 'মোৰ ঈশ্বৰ পুৰুষ! তুমি মোক সদায়ে আৱৰি ৰাখিবা মই জানো!' 


উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত ন্যায় বিচাৰি পত্নী গৰিমা শইকীয়া গাৰ্গে সৰৱ ভূমিকা লৈ আহিছে। স্বামীক হেৰুৱাই শোকত ভাগি পৰা গৰিমা শইকীয়া গার্গে স্বামী জুবিন গাৰ্গক সুঁৱৰি সামাজিক মাধ্যমত এটাৰ পাছত এটাকৈ ধাৰাবাহিক প'ষ্ট আপল'ড কৰি আহিছে। প্ৰাণৰ জুবিন অবিহনে তীব্র মনোকষ্টত দিন পাৰ কৰিবলগীয়া হোৱা গৰিমা শইকীয়া গার্গে তেওঁ নোহোৱা হোৱাৰ এমাহৰ দিনটোত সামাজিক মাধ্যমত লিখিছে- 'তুমি আছা... সদায় থাকিবা। মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ। তুমিয়েই সকলো ক'বা... হাজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা, বাট পোহৰাই খোজ দিয়াবা... মই জানো। তুমিয়েই শিকালা, সাহস আৰু বিশ্বাস দিলা, পৃথিৱী দেখুৱালা... মই মাথোঁ তোমাৰ আঙুলিত ধৰি গৈ থাকিলোঁ। মোৰ ঈশ্বৰপুৰুষ! তুমি মোক সদায়ে আৱৰি ৰাখিবা মই জানো! #JusticeForZubeen Garg'। 


উল্লেখযোগ্য যে ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ সৈতে গৰিমা শইকীয়াই বিবাহ পাশত আবদ্ধ হৈছিল। মনৰ মানুহজন নোহোৱা হোৱাৰ পাছত প্রতিটো ক্ষণ, প্রতিটো পল প্রিয়জনৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ পৰা গৰিমা শইকীয়া গার্গে বেছিকৈ মনত পৰিলেই দৌৰি যায় সোণাপুৰত থকা স্বামীৰ সমাধিলৈ। স্বামীৰ সমাধিৰ কাষত বহি কৈ যায় মনৰ কথাবোৰ। 


ইফালে কালি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মনৰ ভাব ব্যক্ত কৰি কয় যে তেওঁ এতিয়াও আইনৰ ওপৰত আস্থা ৰাখিছে। জুবিন গার্গে যিদৰে নিজকে চিধা মানুহ, চিধা কথা বুলি কৈছিল সকলোবোৰ তেওঁ কোৱাৰ দৰেই চিধাকৈ হ'ব লাগে বুলিও কয়। ছিংগাপুৰত সেইদিনা আচলতে কি হৈছিল সকলোখিনি ঘটনা জনাবলৈ তেওঁ অনুৰোধ কৰে। মানুহে এতিয়াও আস্থা ৰখাৰ দৰেই ন্যায় প্রক্রিয়া আগবাঢ়িব লাগে বুলিও তেওঁ কয়। সকলোৱে শান্তিপূর্ণভাৱে অপেক্ষা কৰি থকাৰ কথাও তেওঁ সদৰী কৰে। নিয়মৰ মাজেৰেই সকলো আগবাঢ়ি যাওক। কিন্তু যিমান পাৰে সোনকালে হোৱাটো সকলোৱে বিচাৰিছে। 


তেওঁৰ মৃত্যুৰ কাৰণ নজনাৰ বাবে সকলো স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰি সকলোৰে মনৰ ভিতৰত তীব্ৰ অন্তদ্বন্দ্ব আৰু অশান্তি কোনে বুজিব বুলি প্রশ্ন কৰি সমগ্ৰ অসমবাসীয়ে এতিয়া সেই এটা উত্তৰৰ বাবেই অপেক্ষা কৰি থকা বুলি কয়। আনহাতে সিদ্ধার্থ শৰ্মাৰ পৰা আৰম্ভ কৰি বাকী সকলোকে নিজৰ পৰিয়ালৰ সদস্য বুলিয়েই ইমানদিনে ভাবি আহিছিল বুলি উল্লেখ কৰি এতিয়া তেওঁলোকৰ কথা পাতি একো লাভনাই বুলিও গৰিমা শইকীয়া গার্গে প্রকাশ কৰে। তেওঁলোকৰ বিচাৰ কৰি থকা হৈছে আৰু এতিয়া কি হ'ব তেওঁ নাজানে বুলিও কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ