--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কৃষি চহকী জিলাখনৰ দক্ষিণ প্ৰান্তৰ আৰু পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন কৃষি পথাৰৰ শালি ধানৰ এক বিস্তীর্ণ এলেকাৰ ধান খেতিত গছ শুকাই যোৱা ৰোগে দেখা দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : বিগত সময়ত কৃষিপথাৰত পানীৰ অভাৱ আৰু তীব্ৰ খৰাং পৰিস্থিতিয়ে নলবাৰীৰ খেতিয়ক-কৃষিজীৱী ৰাইজক মাধমাৰ শোধোৱাৰ পাছত সম্প্রতি বিভিন্ন কৃষি পথাৰত ধানৰ গেঁৰ ওলোৱাৰ সময়ত ধানৰ গছবোৰ ৰঙা পৰি শুকাই যোৱা ৰোগবিধে কৃষক ৰাইজক চিন্তিত কৰি তুলিছে।


কৃষি চহকী জিলাখনৰ দক্ষিণ প্ৰান্তৰ আৰু পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন কৃষি পথাৰৰ শালি ধানৰ এক বিস্তীর্ণ এলেকাৰ ধান খেতিত গছ শুকাই যোৱা ৰোগে দেখা দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 


জানিব পৰা মতে, ধান খেতিৰ এনে ৰোগ দেখা দিয়াত মূৰে-কপালে হাত দিছে গৰিষ্ঠসংখ্যক কৃষকে। এনে ৰোগৰ ফলত এবিঘা মাটিত যদি ১০-১২ মোন ধান উৎপাদন হ'ব লাগিছিল এতিয়া সেই এবিঘা মাটিত মাত্ৰ চাৰি-পাঁচ মোনহে ধানৰ ফচল পোৱাৰ সম্ভাৱনা থকাৰ আশংকা প্রকাশ কৰিছে একাংশ চহা কৃষকে। ইফালে, জিলাখনৰ গোসাইৰদল, সৰুদল, বৰ আজাৰা, সতীৰকুৰ আদি বহু খেতিপথাৰত শালিধান খেতিত এনে ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা পৰিলক্ষিত হৈছে। 


উল্লেখযোগ্য যে জিলাখনত এইবাৰ পানীৰ অভাৱত বহু কৃষিভূমি ছন পৰিবলগীয়া হৈছিল। কৃষকে যি নির্দিষ্ট মাটিত এইবাৰ কিছু পলমকৈ ধান খেতি কৰিছিল সেই ধাননিডৰাটো ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত বহু কৃষকে চিন্তাত ভুগিছে। কৃষকৰ এনে দুৰ্যোগৰ পাছতো বিভিন্ন আঁচনিৰ প্ৰচাৰমুখী সভা-সমিতিত ব্যস্ত থকা নলবাৰী জিলা কৃষি বিভাগৰ খবৰ ল'বলৈ সময় নোহোৱাত কৃষক ৰাইজ ক্ষুব্ধ হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী