--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কৃষি চহকী জিলাখনৰ দক্ষিণ প্ৰান্তৰ আৰু পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন কৃষি পথাৰৰ শালি ধানৰ এক বিস্তীর্ণ এলেকাৰ ধান খেতিত গছ শুকাই যোৱা ৰোগে দেখা দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : বিগত সময়ত কৃষিপথাৰত পানীৰ অভাৱ আৰু তীব্ৰ খৰাং পৰিস্থিতিয়ে নলবাৰীৰ খেতিয়ক-কৃষিজীৱী ৰাইজক মাধমাৰ শোধোৱাৰ পাছত সম্প্রতি বিভিন্ন কৃষি পথাৰত ধানৰ গেঁৰ ওলোৱাৰ সময়ত ধানৰ গছবোৰ ৰঙা পৰি শুকাই যোৱা ৰোগবিধে কৃষক ৰাইজক চিন্তিত কৰি তুলিছে।


কৃষি চহকী জিলাখনৰ দক্ষিণ প্ৰান্তৰ আৰু পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন কৃষি পথাৰৰ শালি ধানৰ এক বিস্তীর্ণ এলেকাৰ ধান খেতিত গছ শুকাই যোৱা ৰোগে দেখা দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 


জানিব পৰা মতে, ধান খেতিৰ এনে ৰোগ দেখা দিয়াত মূৰে-কপালে হাত দিছে গৰিষ্ঠসংখ্যক কৃষকে। এনে ৰোগৰ ফলত এবিঘা মাটিত যদি ১০-১২ মোন ধান উৎপাদন হ'ব লাগিছিল এতিয়া সেই এবিঘা মাটিত মাত্ৰ চাৰি-পাঁচ মোনহে ধানৰ ফচল পোৱাৰ সম্ভাৱনা থকাৰ আশংকা প্রকাশ কৰিছে একাংশ চহা কৃষকে। ইফালে, জিলাখনৰ গোসাইৰদল, সৰুদল, বৰ আজাৰা, সতীৰকুৰ আদি বহু খেতিপথাৰত শালিধান খেতিত এনে ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা পৰিলক্ষিত হৈছে। 


উল্লেখযোগ্য যে জিলাখনত এইবাৰ পানীৰ অভাৱত বহু কৃষিভূমি ছন পৰিবলগীয়া হৈছিল। কৃষকে যি নির্দিষ্ট মাটিত এইবাৰ কিছু পলমকৈ ধান খেতি কৰিছিল সেই ধাননিডৰাটো ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাত বহু কৃষকে চিন্তাত ভুগিছে। কৃষকৰ এনে দুৰ্যোগৰ পাছতো বিভিন্ন আঁচনিৰ প্ৰচাৰমুখী সভা-সমিতিত ব্যস্ত থকা নলবাৰী জিলা কৃষি বিভাগৰ খবৰ ল'বলৈ সময় নোহোৱাত কৃষক ৰাইজ ক্ষুব্ধ হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ