--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • জুবিনৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা বাহনখনৰ সৈতে থাকিব পত্নী গৰিমা গাৰ্গ। আনহাতে অন্য বাছেৰে শেষকৃত্যথলীলৈ নিয়া হ’ব পৰিয়ালক

ডিজিটেল ডেস্কঃ ছিংগাপুৰত সাগৰতলিত শুই পৰিল জুবিন আৰু তাৰ পাছতেই প্ৰতিগৰাকী অসমবাসীৰ বুকুত এসাগৰ দুখ। অনেক অনুৰাগীয়ে এতিয়াও বিশ্বাস কৰিব পৰা নাই প্ৰিয় শিল্পীগৰাকীৰ চিৰনিদ্ৰাৰ কথা। 


এতিয়া বুকুৱে বুকুৱে সাগৰৰ বিশালতাৰ দুখ লৈয়েই অসমবাসী সাক্ষী হ’ব জুবিনৰ শেষ যাত্ৰাৰ। কাইলৈ গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব। 


পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব জুবিন গাৰ্গৰ । পুৱা ৭.৩০ বজাত হ’ব মৰণোত্তৰ পৰীক্ষা । প্ৰায় ডেৰ-দুই ঘণ্টাৰ সময়ৰ প্ৰয়োজন হ’ব মৰণোত্তৰ পৰীক্ষাৰ বাবে। তাৰ পাছত পুনৰ সৰুসজাইলৈ অনা হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ ।পৰৱৰ্তী সময়ত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নিয়া হ’ব সোণাপুৰলৈ । সংবাদমেলযোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।


জুবিনৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা বাহনখনৰ সৈতে থাকিব পত্নী গৰিমা গাৰ্গ। আনহাতে অন্য বাছেৰে শেষকৃত্যথলীলৈ নিয়া হ’ব পৰিয়ালক। উল্লেখ্য যে সোণাপুৰত শেষকৃত্য অনুষ্ঠানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম চৰকাৰে। অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ বাবে অসম চৰকাৰে বিভিন্ন নিৰ্দেশনাও জাৰি কৰিছে। সেই অনুযায়ী অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব ৫–৬ হাজাৰ লোক। 


গুৰুত্বপূৰ্ণ যে শেষ যাত্ৰা আৰু শেষকৃত্যৰ অনুষ্ঠান শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ বদ্ধপৰিকৰ হৈছে চৰকাৰ। গতিকে কাৰ্যসূচীত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰিছে। 


অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচীৰ ভিডিঅ’গ্ৰাফী কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। সৰুসজাইৰ পৰা সোণাপুৰলৈ হ’ব শেষ যাত্ৰাৰ কাৰ্যসূচীৰ ভিডিঅ’গ্ৰাফী। শেষযাত্ৰাত বাইক ৰেলী বাহিৰ কৰাটো নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। কাইলৈ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান ৰাজ্যবাসীয়ে যাতে প্ৰত্যক্ষ কৰিব পাৰে। তাৰ বাবে অসম চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেইবাবেই বিভিন্ন স্থানত অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰদৰ্শনৰ বাবে স্থানীয় প্ৰশাসনে LED স্ক্ৰীণৰ ব্যৱস্থা কৰিব।


ইফালে আজি সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সোণাপুৰত আটকধুনীয়াকৈ অন্ত্যেষ্টিক্ৰিয়াস্থলী নিৰ্মাণ হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে। জুবিনৰ পৰিয়ালৰ ইচ্ছা অনুসৰি শিল্পীগৰাকীৰ জন্মস্থান যোৰহাটত ১৩ দিনত মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। 


ইফালে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ বাবে যান-বাহন শাখাই পথ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুযায়ী উজনিৰ পৰা অহা বাহন ডিগাৰুৰ পৰা আমছিঙৰ মাজেৰে আহিব। নাৰেংগী হৈ VIP ৰোডেৰে ছয়মাইল হৈ বাহনসমূহ আহিব পাৰিব। 


উজনিৰ পৰা অহা বাহনৰ মেধিকুছি তিনিআলিত হ’ব পাৰ্কিং। নামনি অসমৰ পৰা অহা বাহনক লৈও নিৰ্দেশনা জাৰি কৰা হৈছে। যোৰাবাটৰ দলঙেৰে বৰ্ণিহাটৰ পৰা সোণাপুৰ থানা হৈ বাহনসমূহ আহিব। গুৱাহাটীৰ পৰা যোৱা বাহন ৰাখিব লাগিব দিচাং ৰিজ’ৰ্টৰ সন্মুখত। দিচাঙৰ পৰা বাহনৰ অন্ত্যেষ্টিক্ৰিয়ালৈ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ