--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৰহাটৰ ৰাইজৰ প্ৰবল দাবীৰ পাছতো শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ নি শেষকৃত্য সম্পন্ন কৰিব নোৱৰাৰ অসহায়তা প্রকাশ কৰি কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে

ডিজিটেল ডেস্ক :কমাৰকুছিত আজি মানুহৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ ১৩ দিনৰ পাছত সংগ্ৰহ অনুষ্ঠানৰ আয়োজন কৰিব। সেই অনুষ্ঠানত শিল্পীজনৰ পৰিয়ালো উপিস্থত থাকিব। 


যোৰহাটৰ ৰাইজৰ প্ৰবল দাবীৰ পাছতো শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ নি শেষকৃত্য সম্পন্ন কৰিব নোৱৰাৰ অসহায়তা প্রকাশ কৰি কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। ড° শৰ্মাই কয় যে তেওঁৰো যোৰহাটত শেষকৃত্য সম্পন্ন কৰি জনতাৰ মৰমৰ শিল্পীজনৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ সমাধিস্থল স্থাপনৰ প্ৰবল ইচ্ছা থকাৰ কথা ইতিমধ্যে প্রকাশ কৰিছিল। কিন্তু এয়া পৰিয়ালৰ সিদ্ধান্ত। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগত এই সন্দর্ভত আলোচনা কৰিবলৈ মন্ত্রী ডাঃ ৰণোজ পেগুক তিনিবাৰ পঠোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে পৰিয়ালৰ সিদ্ধান্তক চৰকাৰে জোৰ কৰি অমান্য কৰিব নোৱাৰে। ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে উচ্ছেদ প্রসংগত গ্রহণ কৰা স্থিতিত শিৱসাগৰৰ ৰাইজে তেওঁক বেয়া পাইছে। হেৰুওৱা স্থিতি ঘূৰাই আনিবলৈ যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ পোষকতা কৰি ৰাজনীতি কৰিছে। 


মুখ্যমন্ত্ৰীয়ে কয় যে গৰিমা গাৰ্গৰ লগত অখিল গগৈয়ে এই সন্দৰ্ভত কথা পাতক। অখিল গগৈয়ে সকলোতে ৰাজনীতি কৰিব বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, ছাত্ৰ সন্থা, পাছত অসম সাহিত্য সভায়ো পৰিয়ালৰ মতে শেষকৃত্যৰ স্থান ঠিক কৰাৰ সপক্ষে মত দিয়ে। এই ক্ষেত্ৰত চৰকাৰে পৰিয়ালে বিচৰা ধৰণে আগবাঢ়িব লাগিব। 


যোৰহাটত শেষকৃত্য কৰাৰ প্ৰসংগত গৰিমা গার্গে কৈছিল যে দেউতাক অসুস্থ। এই সময়ত তেওঁ যোৰহাটলৈ যাব পৰাটো সম্ভৱ নহয়। তদুপৰি, পৰিয়ালটোৱে যিকোনো সময়তে জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰিবলৈ গুৱাহাটীৰ কাষৰীয়া এলেকাত সমাধি ক্ষেত্ৰ হ'লে সুবিধা হোৱাৰ কথা দোহাৰিছিল। যিসকলে যোৰহাটত শেষকৃত্য পোষকতা কৰিছিল তেওঁলোকৰ মাজৰে অখিল গগৈ আৰু এজন সাংবাদিকৰ নাম উল্লেখ কৰি কয় যে এই বিষয়টোক লৈ ৰাজনীতি কৰিব বিচাৰিছে। যোৰহাটৰ জনা-বুজা লোকসকলে পৰিয়ালৰ ইচ্ছা অনুসৰি মুখ্যমন্ত্ৰীয়ে আগবঢ়াৰ কথা বুজি পোৱাৰ পাছত বিষয়টোত তেওঁকে সমর্থন কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়। 


ৰাইজৰ দলৰ নেতা অখিল গগৈক উভতি ধৰি মুখ্যমন্ত্রীয়ে কয় যে দাবী কৰাৰ দৰে যদি যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য হ'লহেঁতেন আৰু সেই অনুষ্ঠানত গৰিমা গাৰ্গ নগ'লহেঁতেন তেতিয়া তেওঁ কি কৰিলেহেঁতেন? এঘণ্টাৰ বাবে হ'লেও যোৰহাটলৈ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অনুৰাগীৰ দৰ্শনৰ বাবে নিবলৈ দাবী কৰাৰ যুক্তিৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এঘণ্টাৰ বাবেহে ৰাইজে দৰ্শন কৰিব সেই কথা কোনে নিশ্চয়তা দি ক'ব পাৰে? 


এই সিদ্ধান্ত নোলোৱাৰ বাবে কোনো কোনোৱে কৈছে ২০২৬-ত তেওঁলোকে ভোট নিদিয়ে। যিসকলে জুবিন গাৰ্গৰ শৰীৰটোৰ অৱস্থা দেখিও এই দাবী কৰিব পাৰে তেনে লোকৰ ভোট নালাগে বুলিও মুখ্যমন্ত্রীয়ে কয়। দুমাহৰ আগতে জুবিন গাৰ্গক লৈ বেয়া বেয়া কথা ক'ব পৰা এটা টিভি চেনেলৰ সাংবাদিকে কালি ৰাইজৰ আগত ডেৰ ঘণ্টা ধৰি ভাষণ দিলে। এই সাংবাদিকজনে দুমাহৰ আগতে জুবিন গাৰ্গ মৰিলে ২০ হাজাৰ মানুহ তেওঁক শ্রদ্ধা জনাবলৈ উপস্থিত নহয় বুলি কৈছিল। এই মানুহবোৰে জুবিন গাৰ্গক লৈ এতিয়া ৰাজনীতি কৰিব আহিছে। এওঁলোক জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী নহয়, ভুৱা অনুৰাগীহে বুলি মন্তব্য কৰে মুখ্যমন্ত্রীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ