ডিজিটেল ডেস্কঃ শেষ শয়নত জুবিন গাৰ্গ। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিষয়ে কোনোদিনে নভবা কথাটোৱে নিৰ্মম সত্য ৰূপত দেখা দিলে সকলোৰে সন্মুখত।
সোণাপুৰৰ কমাৰকুছিত যেতিয়া কফিনত অনা হৈছিল জুবিনক, উচুপি উঠিছিল সমগ্ৰ অসমে। যেতিয়া বৈদিক মন্ত্ৰোচ্চাৰণ আৰম্ভ হৈছিল, শোকত বিহ্বল হৈছিল সমগ্ৰ অসম। কফিনৰ পৰা উলিয়াই যেতিয়া চিতাত তুলি দিয়া হৈছিল জুবিনক, তেতিয়া আৱেগ কমাব পৰা নাছিল অসমে।
ৰহস্যজনক পৰিস্থিতিত বিদেশৰ পৰা নিষ্প্ৰাণ হৈ অহা জুবিন কোনো অসমীয়াৰ বাবে নাছিল কাম্য। বুকুত হিমালয়সদৃশ বেদনা লৈ জুবিনক শেষ শ্ৰদ্ধা দিবলৈ ওলাই আহিছিল শত সহস্ৰজন। অসমবাসীৰ হৈ মুখ্যমন্ত্ৰীয়ে চিতাত পবিত্ৰ চন্দন কাঠৰ টুকুৰা জাপি দি জনাইছিল শেষ শ্ৰদ্ধা।
পৰিয়ালৰ লোকে দাঙিছিল সাঙীখন, সহায় কৰিছিল স্বয়ং গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। ৰীতি সম্পূৰ্ণ হোৱাৰ পিছতে জুবিনদাৰ নিষ্প্ৰাণ দেহ তুলি দিয়া হৈছিল চিতাত। যিজনে বহুবাৰ কৈছিল ৰাতি মই ভাল পাওঁ বুলি, সেইজনেই ৰৌদ্ৰুজ্জ্বল পুৱাই যাত্ৰা কৰিছিল শেষকৃত্যলৈ। প্ৰখৰ ৰ’দৰ মাজতেই তপ্ত চিতাত জুবিন পৰিণত হৈছিল কায়িক অৱস্থিতিহীন অৱস্থালৈ। কান্দিছিল অসমে।
অসমৰ পৰিধি ভাঙি সেই কান্দোন বিয়পিছিল দেশৰ বিভিন্ন প্ৰান্তলৈ, আনকি সুদূৰ বিদেশলৈকো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিনৰ মৃত্যুৰ খবৰ পায়েই এক্স হেণ্ডেলযোগে জনাইছিল সমবেদনা। আৰু আজি শেষকৃত্যত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিনিধিৰূপে শেষ শ্ৰদ্ধা জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। জুবিনৰ ভগ্নী পামী বৰঠাকুৰ আৰু পুত্ৰজ্ঞান কৰা ৰাহুল গৌতমে মুখাগ্নি কৰিলে জুবিনৰ। সহযোগ কৰিলে পৰিয়ালৰ নিৰ্বাচিত লোকে। জীৱনৰ অন্তিম সত্য মৃত্যু-সেয়া আছিল অৱধাৰিত। কিন্তু আকস্মিক আৰু ৰহস্যজনক পৰিস্থিতিত জুবিনৰ জীৱনৰ অন্তিম সত্য কাৰোৰে নাছিল কাম্য।