--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সোণাপুৰৰ কমাৰকুছিত যেতিয়া কফিনত অনা হৈছিল জুবিনক, উচুপি উঠিছিল সমগ্ৰ অসমে। যেতিয়া বৈদিক মন্ত্ৰোচ্চাৰণ আৰম্ভ হৈছিল, শোকত বিহ্বল হৈছিল সমগ্ৰ অসম।

ডিজিটেল ডেস্কঃ শেষ শয়নত জুবিন গাৰ্গ। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিষয়ে কোনোদিনে নভবা কথাটোৱে নিৰ্মম সত্য ৰূপত দেখা দিলে সকলোৰে সন্মুখত। 


সোণাপুৰৰ কমাৰকুছিত যেতিয়া কফিনত অনা হৈছিল জুবিনক, উচুপি উঠিছিল সমগ্ৰ অসমে। যেতিয়া বৈদিক মন্ত্ৰোচ্চাৰণ আৰম্ভ হৈছিল, শোকত বিহ্বল হৈছিল সমগ্ৰ অসম। কফিনৰ পৰা উলিয়াই যেতিয়া চিতাত তুলি দিয়া হৈছিল জুবিনক, তেতিয়া আৱেগ কমাব পৰা নাছিল অসমে। 


ৰহস্যজনক পৰিস্থিতিত বিদেশৰ পৰা নিষ্প্ৰাণ হৈ অহা জুবিন কোনো অসমীয়াৰ বাবে নাছিল কাম্য। বুকুত হিমালয়সদৃশ বেদনা লৈ জুবিনক শেষ শ্ৰদ্ধা দিবলৈ ওলাই আহিছিল শত সহস্ৰজন। অসমবাসীৰ হৈ মুখ্যমন্ত্ৰীয়ে চিতাত পবিত্ৰ চন্দন কাঠৰ টুকুৰা জাপি দি জনাইছিল শেষ শ্ৰদ্ধা। 


পৰিয়ালৰ লোকে দাঙিছিল সাঙীখন, সহায় কৰিছিল স্বয়ং গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। ৰীতি সম্পূৰ্ণ হোৱাৰ পিছতে জুবিনদাৰ নিষ্প্ৰাণ দেহ তুলি দিয়া হৈছিল চিতাত। যিজনে বহুবাৰ কৈছিল ৰাতি মই ভাল পাওঁ বুলি, সেইজনেই ৰৌদ্ৰুজ্জ্বল পুৱাই যাত্ৰা কৰিছিল শেষকৃত্যলৈ। প্ৰখৰ ৰ’দৰ মাজতেই তপ্ত চিতাত জুবিন পৰিণত হৈছিল কায়িক অৱস্থিতিহীন অৱস্থালৈ। কান্দিছিল অসমে। 


অসমৰ পৰিধি ভাঙি সেই কান্দোন বিয়পিছিল দেশৰ বিভিন্ন প্ৰান্তলৈ, আনকি সুদূৰ বিদেশলৈকো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিনৰ মৃত্যুৰ খবৰ পায়েই এক্স হেণ্ডেলযোগে জনাইছিল সমবেদনা। আৰু আজি শেষকৃত্যত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিনিধিৰূপে শেষ শ্ৰদ্ধা জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। জুবিনৰ ভগ্নী পামী বৰঠাকুৰ আৰু পুত্ৰজ্ঞান কৰা ৰাহুল গৌতমে মুখাগ্নি কৰিলে জুবিনৰ। সহযোগ কৰিলে পৰিয়ালৰ নিৰ্বাচিত লোকে। জীৱনৰ অন্তিম সত্য মৃত্যু-সেয়া আছিল অৱধাৰিত। কিন্তু আকস্মিক আৰু ৰহস্যজনক পৰিস্থিতিত জুবিনৰ জীৱনৰ অন্তিম সত্য কাৰোৰে নাছিল কাম্য।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ