--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শেহতীয়াকৈ এনে এক পৰিস্থিতিতেই সামাজিক মাধ্যমৰ জালত পৰি যোৰহাটৰ এখন সম্ভ্রান্ত বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সৈতে প্রেম, ভালপোৱাৰ নাটক ৰচনা কৰি ছাত্ৰীগৰাকীক নগাঁৱলৈ পলুৱাই নিবলৈ সক্ষম হোৱা ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে

ডিজিটেল ডেস্কঃ স্কুল-কলেজত অধ্যয়নৰত নিজৰ সন্তানৰ হাতত একোটা এন্ড্রয়ড ম'বাইল ফ'ন তুলি দিলে বহু সময়ত পাঠ্যক্ৰমৰ বিভিন্ন তথ্য আহৰণৰ বাবেও ই সহায়ক হৈ পৰে। কিন্তু এনে ম'বাইল ফ'নটোৰ জৰিয়তে হাতৰ মুঠিতে সহজলভ্য হৈ পৰা ৰঙীন পৃথিৱীখনৰ চিকমিকনিত কোমল মনৰ ছাত্র-ছাত্রীয়ে ভাল-বেয়া বিচাৰ কৰিবলৈও বহু সময়ত সক্ষম নোহোৱাত ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ লগতে জীৱনৰ বাবেও অনাকাংক্ষিত পৰিস্থিতিৰো মুখামুখি হ'ব লগা হয়। 


শেহতীয়াকৈ এনে এক পৰিস্থিতিতেই সামাজিক মাধ্যমৰ জালত পৰি যোৰহাটৰ এখন সম্ভ্রান্ত বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সৈতে প্রেম, ভালপোৱাৰ নাটক ৰচনা কৰি ছাত্ৰীগৰাকীক নগাঁৱলৈ পলুৱাই নিবলৈ সক্ষম হোৱা ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। 


ঘটনাটোৰ সন্দৰ্ভত যোৰহাটৰ আৰক্ষী আৰু চিনামৰা আৰক্ষীৰ পৰা জনা মতে, সামাজিক মাধ্যমৰ জৰিয়তে পৰিচয় হৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই যোৰহাটৰ উক্ত সম্ভ্রান্ত বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক গভীৰভাৱে আকৰ্ষণ কৰাত সফল হৈছিল নগাঁৱৰ কাটিমৰা পথাৰ গাঁৱৰ আব্দুল হাৰমান বুস্তানি (৩০) নামৰ দুটা সন্তানৰ পিতৃ বিবাহিত যুৱকজন। 


দীর্ঘদিনৰ পৰা দুয়োৰে মাজত সামাজিক মাধ্যমৰ জৰিয়তেই ভাবৰ আদান-প্রদান চলি থকাৰ সময়তে শিক্ষক দিৱসৰ দিনা যোৱা ৫ ছেপ্টেম্বৰত আব্দুল হাৰমান যোৰহাটলৈ আহি উক্ত ছাত্ৰীগৰাকীক পলুৱাই নিয়ে। এনে পৰিস্থিতিত ছাত্ৰীগৰাকীৰ অভিভাৱকে চিনামৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। 


উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ১৩৭ (২) আৰু ধর্ষণজনিত ৬৪ ধাৰাৰ লগতে পছক' আইনৰ ৬ ধাৰাত গোচৰ (নং ৪৭১/২৫) ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। অৱশেষত চিনামৰা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক লুনা দেউৰীৰ নেতৃত্বত যোৰহাটৰ পৰা যোৱা আৰক্ষীয়ে বৃহস্পতিবাৰে নগাঁৱৰ এখন হোটেলৰ পৰা ১৪ বছৰীয়া কিশোৰীসহ আব্দুল হাৰমান বুস্তানিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 


ইফালে আৰক্ষীয়ে শুকুৰবাৰে কিশোৰী অপহৰণকাৰী তথা লাভ জেহাদৰ চক্ৰান্তৰ নায়ক আব্দুল হাৰমান বুস্তানিক কাৰাগাৰলৈ প্ৰেৰণ কৰে। এই ঘটনাই অসমত লাভ জেহাদৰ প্ৰসংগ কেনেদৰে সক্ৰিয় হৈ আছে, সেই কথা প্রমাণ কৰাৰ সমান্তৰালভাৱে মুষ্টিমেয় একাংশ অভিভাৱকৰ অনুশাসনহীনতা তথা সন্তানক অধিক স্বাধীনতা দিবলৈ গৈ কেনেদৰে সৰ্বনাশী পৰিস্থিতি মাতি অনা হৈছে, সেই দিশবোৰো স্পষ্ট কৰি তুলিছে বুলিও স্বয়ং আৰক্ষী বিষয়াই মন্তব্য কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ