--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ বৰ্ণিল সাজ-সজ্জা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে বিমান বন্দৰৰ সন্মুখত প্রধানমন্ত্রীজনক অসমলৈ আদৰণি জনোৱা হয়।

ডিজিটেল ডেস্ক : দুদিনীয়া ভ্রমণসূচীৰে কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমত আহি উপস্থিত হয়। বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে প্রধানমন্ত্রীজনক ৰাজ্যৰ প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীৰ বৈচিত্র্যপূৰ্ণ কৃষ্টিৰে আদৰণি জনোৱা হয়। 


ৰাজ্যৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ বৰ্ণিল সাজ-সজ্জা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে বিমান বন্দৰৰ সন্মুখত প্রধানমন্ত্রীজনক অসমলৈ আদৰণি জনোৱা হয়। লক্ষণীয় যে প্রধানমন্ত্রী মোদীক উষ্ম আদৰণি জনোৱাৰ সময়ত বায়ন-গায়ন আৰু বিহুকে ধৰি বাগৰুম্বা, দেওধনি, ঝুমইৰ, সত্ৰীয়া, গোর্খা, ৰাভা, ডিমাচা, দেউৰী, মিচিং, কোচ, তিৱা, কাৰ্বি, গাৰো, শৰণীয়া কছাৰী, ওজাপালিৰ উপৰি অসমৰ বহুকেইটা জনগোষ্ঠীয় নৃত্য প্রদর্শন কৰা হয়। তেওঁক আদৰণি জনোৱাৰ সময়ত মুঠ ২৫টা সাংস্কৃতিক দলে জনগোষ্ঠীয় নৃত্য-গীত পৰিৱেশন কৰে। 


আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি বহুকেইজন নেতাই দেশৰ প্রধানমন্ত্রীজনক বিমান বন্দৰত উষ্ম আদৰণি জনায়। নির্দিষ্ট সময়তকৈ কিছু পলমকৈ বিমান বন্দৰত উপস্থিত হোৱা প্রধানমন্ত্রীজনক আদৰিবৰ বাবে বিমান বন্দৰৰ বাহিৰত কেইবাহাজাৰ লোকে অপেক্ষা কৰি থাকে। 


আনহাতে, বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীজনে বাহিৰে বাহিৰে খানাপাৰাস্থিত অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ ৰাওনা হয়। ইফালে, বিমান বন্দৰৰ পৰা খানাপাৰালৈকে সমগ্ৰ পথৰ দুয়োকাষে ধাৰাসাৰ বৰষুণকো নেওচি হাজাৰ হাজাৰ লোকৰ সমাগম হয়। 


ৰাজ্যৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো ৰাজ্যিক বিজেপিৰ বহুসংখ্যক নেতা-কর্মীয়ে প্রধানমন্ত্রীজনক আদৰণি জনাবৰ বাবে অপেক্ষা কৰি আছিল। 


ইফালে, প্রধানমন্ত্রী মোদী অসমত উপস্থিত হোৱাৰ পূৰ্বে অহা এজাক ধাৰাসাৰ বৰষুণৰ বাবে মহানগৰীত হোৱা কৃত্রিম বানৰ বাবে প্ৰধানমন্ত্ৰীজনৰ যাত্রাপথ সলনি কৰিবলগীয়া আশংকাৰ সৃষ্টি হৈছিল। 


একাধিক স্থানত হোৱা কৃত্রিম বানৰ বাবে প্রধানমন্ত্রীজন খানাপাৰালৈ জালুকবাৰী-খানাপাৰা ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিব নোৱৰাৰ আশংকা কৰা হৈছিল। তাৰ বাবে তেওঁক মহানগৰীৰ মাজেৰে লৈ যোৱাৰ পৰিকল্পনাও কৰা হৈছিল। কিন্তু শেষ মুহূৰ্তত পৰিস্থিতি ঠিক হোৱাত তেওঁক ৰাষ্ট্ৰীয় ঘাইপথেৰেই খানাপাৰালৈ লৈ যোৱা হয়।


উৎসঃ দৈনিক জনমভূমিী



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ