--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ বৰ্ণিল সাজ-সজ্জা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে বিমান বন্দৰৰ সন্মুখত প্রধানমন্ত্রীজনক অসমলৈ আদৰণি জনোৱা হয়।

ডিজিটেল ডেস্ক : দুদিনীয়া ভ্রমণসূচীৰে কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমত আহি উপস্থিত হয়। বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে প্রধানমন্ত্রীজনক ৰাজ্যৰ প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীৰ বৈচিত্র্যপূৰ্ণ কৃষ্টিৰে আদৰণি জনোৱা হয়। 


ৰাজ্যৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ বৰ্ণিল সাজ-সজ্জা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে বিমান বন্দৰৰ সন্মুখত প্রধানমন্ত্রীজনক অসমলৈ আদৰণি জনোৱা হয়। লক্ষণীয় যে প্রধানমন্ত্রী মোদীক উষ্ম আদৰণি জনোৱাৰ সময়ত বায়ন-গায়ন আৰু বিহুকে ধৰি বাগৰুম্বা, দেওধনি, ঝুমইৰ, সত্ৰীয়া, গোর্খা, ৰাভা, ডিমাচা, দেউৰী, মিচিং, কোচ, তিৱা, কাৰ্বি, গাৰো, শৰণীয়া কছাৰী, ওজাপালিৰ উপৰি অসমৰ বহুকেইটা জনগোষ্ঠীয় নৃত্য প্রদর্শন কৰা হয়। তেওঁক আদৰণি জনোৱাৰ সময়ত মুঠ ২৫টা সাংস্কৃতিক দলে জনগোষ্ঠীয় নৃত্য-গীত পৰিৱেশন কৰে। 


আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি বহুকেইজন নেতাই দেশৰ প্রধানমন্ত্রীজনক বিমান বন্দৰত উষ্ম আদৰণি জনায়। নির্দিষ্ট সময়তকৈ কিছু পলমকৈ বিমান বন্দৰত উপস্থিত হোৱা প্রধানমন্ত্রীজনক আদৰিবৰ বাবে বিমান বন্দৰৰ বাহিৰত কেইবাহাজাৰ লোকে অপেক্ষা কৰি থাকে। 


আনহাতে, বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীজনে বাহিৰে বাহিৰে খানাপাৰাস্থিত অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ ৰাওনা হয়। ইফালে, বিমান বন্দৰৰ পৰা খানাপাৰালৈকে সমগ্ৰ পথৰ দুয়োকাষে ধাৰাসাৰ বৰষুণকো নেওচি হাজাৰ হাজাৰ লোকৰ সমাগম হয়। 


ৰাজ্যৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো ৰাজ্যিক বিজেপিৰ বহুসংখ্যক নেতা-কর্মীয়ে প্রধানমন্ত্রীজনক আদৰণি জনাবৰ বাবে অপেক্ষা কৰি আছিল। 


ইফালে, প্রধানমন্ত্রী মোদী অসমত উপস্থিত হোৱাৰ পূৰ্বে অহা এজাক ধাৰাসাৰ বৰষুণৰ বাবে মহানগৰীত হোৱা কৃত্রিম বানৰ বাবে প্ৰধানমন্ত্ৰীজনৰ যাত্রাপথ সলনি কৰিবলগীয়া আশংকাৰ সৃষ্টি হৈছিল। 


একাধিক স্থানত হোৱা কৃত্রিম বানৰ বাবে প্রধানমন্ত্রীজন খানাপাৰালৈ জালুকবাৰী-খানাপাৰা ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিব নোৱৰাৰ আশংকা কৰা হৈছিল। তাৰ বাবে তেওঁক মহানগৰীৰ মাজেৰে লৈ যোৱাৰ পৰিকল্পনাও কৰা হৈছিল। কিন্তু শেষ মুহূৰ্তত পৰিস্থিতি ঠিক হোৱাত তেওঁক ৰাষ্ট্ৰীয় ঘাইপথেৰেই খানাপাৰালৈ লৈ যোৱা হয়।


উৎসঃ দৈনিক জনমভূমিী



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান