--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এডাল প্ৰকাণ্ড পাইপ বাগৰি মূৰত পৰাৰ ফলত কৰুণ মৃত্যক সাৱটি লৈছিল কিৰণে

ডিজিটেল ডেস্কঃ নাহৰকটীয়াৰ বাঁহধাৰীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ NHK--40 ত থকা M-1 ৰিগত বিগত ৩ আগষ্টৰ নিশা দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল কিৰণ গগৈ নামৰ এজন যুৱক।


এছিয়ান ড্ৰিলিং টেক নামৰ কোম্পানীয়ে ঠিকা লাভ কৰা এই ৰিগটোত ৩ আগষ্টৰ নিশা কৰ্মৰত হৈ আছিল ড্ৰিলিং ইনচাৰ্জ কিৰণ গগৈ।এডাল প্ৰকাণ্ড পাইপ বাগৰি মূৰত পৰাৰ ফলত কৰুণ মৃত্যক সাৱটি লৈছিল কিৰণে।সেই সময়ত চীনৰ অত্যাধিক পুৰণি সা-সৰঞ্জামেৰে ৰিগত তেল খনন চলোৱাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে।


পিছে এই ঘটনাৰ ১৪ টাকৈ দিন উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা কিৰণ গগৈৰ পৰিয়ালটোক কোনোধৰণৰ ক্ষতিপুৰণ আদায় দিয়াৰ ব্যৱস্থা নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।


শনিবাৰে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে মৃত কিৰণ গগৈ পত্নী শেৱালী শইকীয়া গগৈক লগত লৈ বিতৰ্কিত তৈল খাদত উপস্থিত হৈ খাদটোত তৈল খনন বন্ধ কৰি দিয়ে।


ইফালে যেতিয়ালৈকে দুৰ্ভগীয়া পৰিয়ালটোৱে উচিত ক্ষতিপূৰণ নাপায় তেতিয়ালৈকে খাদটোত তৈল খনন বন্ধ কৰি ৰখাৰ হুংকাৰ দিয়ে ক্ষোভিত স্থানীয় ৰাইজে।


উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত প্ৰয়াত কিৰণ গগৈৰ আদ্যশ্ৰাদ্ধ।আদ্যশ্ৰাদ্ধৰ আগদিনা এইদৰে এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ প্ৰাপ্য অধিকাৰ বিছাৰি প্ৰতিবাদ কৰিবলগীয়া হোৱা ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান