--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এডাল প্ৰকাণ্ড পাইপ বাগৰি মূৰত পৰাৰ ফলত কৰুণ মৃত্যক সাৱটি লৈছিল কিৰণে

ডিজিটেল ডেস্কঃ নাহৰকটীয়াৰ বাঁহধাৰীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ NHK--40 ত থকা M-1 ৰিগত বিগত ৩ আগষ্টৰ নিশা দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল কিৰণ গগৈ নামৰ এজন যুৱক।


এছিয়ান ড্ৰিলিং টেক নামৰ কোম্পানীয়ে ঠিকা লাভ কৰা এই ৰিগটোত ৩ আগষ্টৰ নিশা কৰ্মৰত হৈ আছিল ড্ৰিলিং ইনচাৰ্জ কিৰণ গগৈ।এডাল প্ৰকাণ্ড পাইপ বাগৰি মূৰত পৰাৰ ফলত কৰুণ মৃত্যক সাৱটি লৈছিল কিৰণে।সেই সময়ত চীনৰ অত্যাধিক পুৰণি সা-সৰঞ্জামেৰে ৰিগত তেল খনন চলোৱাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে।


পিছে এই ঘটনাৰ ১৪ টাকৈ দিন উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা কিৰণ গগৈৰ পৰিয়ালটোক কোনোধৰণৰ ক্ষতিপুৰণ আদায় দিয়াৰ ব্যৱস্থা নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।


শনিবাৰে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে মৃত কিৰণ গগৈ পত্নী শেৱালী শইকীয়া গগৈক লগত লৈ বিতৰ্কিত তৈল খাদত উপস্থিত হৈ খাদটোত তৈল খনন বন্ধ কৰি দিয়ে।


ইফালে যেতিয়ালৈকে দুৰ্ভগীয়া পৰিয়ালটোৱে উচিত ক্ষতিপূৰণ নাপায় তেতিয়ালৈকে খাদটোত তৈল খনন বন্ধ কৰি ৰখাৰ হুংকাৰ দিয়ে ক্ষোভিত স্থানীয় ৰাইজে।


উল্লেখ্য যে দেওবাৰে অনুষ্ঠিত প্ৰয়াত কিৰণ গগৈৰ আদ্যশ্ৰাদ্ধ।আদ্যশ্ৰাদ্ধৰ আগদিনা এইদৰে এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ প্ৰাপ্য অধিকাৰ বিছাৰি প্ৰতিবাদ কৰিবলগীয়া হোৱা ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ