--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নৃত্যত অংশগ্ৰহণ কৰিব লগীয়া ১১ হাজাৰ শিল্পীৰ ভিতৰত ১০ হাজাৰ মহিলা নৃত্য শিল্পী আৰু এহেজাৰ হৈছে পুৰুষ বাদ্যশিল্পী। ৰা

ডিজিটেল ডেস্ক : বিহু আৰু ঝুমইৰৰ পাছত এইবাৰ বৃহৎ পৰিসৰত বাগৰুম্বা নৃত্যৰ আয়োজন কৰা হৈছে।


প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰ মাহৰ শেষৰফালে ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ অন্যতম প্রধান লোকনৃত্য বাগৰুম্বা পৰিৱেশন কৰিব।


নৃত্যত অংশগ্ৰহণ কৰিব লগীয়া ১১ হাজাৰ শিল্পীৰ ভিতৰত ১০ হাজাৰ মহিলা নৃত্য শিল্পী আৰু এহেজাৰ হৈছে পুৰুষ বাদ্যশিল্পী। ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াৰ সভাপতিত্বত জনতা ভৱনৰ মন্ত্ৰীৰ সভাকক্ষত শনিবাৰে অনুষ্ঠিত বিশেষজ্ঞ সমিতিৰ এখন বৈঠকত নৃত্যানুষ্ঠানটোৰ নাম 'বাগৰুম্বা দ'হৌ' হিচাপে নামকৰণৰ সিদ্ধান্ত লোৱা হয়।


এই সভাতে বিশেষজ্ঞ সমিতিয়ে নৃত্যানুষ্ঠানটোৰ বাবে প্ৰস্তুত কৰা সংগীতটিও (মিউজিক ট্রেক) অনুমোদন জনোৱাৰ লগতে নৃত্যানুষ্ঠানটি উপযুক্তধৰণে পৰিচালনাৰ বাবে কৰিঅ'গ্ৰাফাৰ নিযুক্তি তথা জিলাসমূহত ওজা প্রশিক্ষক বাছনি কৰাৰ বাবেও বিশেষজ্ঞ সমিতিক সভাই দায়িত্ব অর্পণ কৰে।


বড়ো জনগোষ্ঠীক প্রতিনিধিত্ব কৰা কেইবাটাও আগশাৰীৰ সংগঠন ক্রমে দুলাৰাই বড়ো হাৰিমু আফাদ, বড়ো সাহিত্য সভা, দুলাৰাই বাথৌ গৌথুম আদিৰ প্ৰতিনিধিৰ উপস্থিতিত সাংস্কৃতিক মন্ত্ৰী বড়াৰ লগতে সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ থাপা, সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ লগতে বিশেষজ্ঞ সমিতিয়ে সভাৰ আৰম্ভণিতে 'বাগৰুম্বা দ'হৌ'ৰ বাবে প্ৰস্তুত কৰা নৃত্যৰ নমুনা ভিডিঅ' এটি উপভোগ কৰে।


বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনীৰ আৰ্হিত বড়োসকলে বৈসাগু উৎসৱৰ সময়ত পৰিৱেশন কৰা বাগৰুম্বা নৃত্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত তুলি ধৰাৰ বাবে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰিবলৈ লোৱা এই বৃহৎ নৃত্যানুষ্ঠানটিৰ বাবে পুৰুষ আৰু মহিলা শিল্পীসকলৰ সাজপাৰ, আ-অলংকাৰ, লোকবাদ্য আদিৰ সন্দৰ্ভতো এই সভাতে বিশদভাৱে আলোচনা কৰা হয়।


উল্লেখযোগ্য যে অহা দুমাহৰ ভিতৰতে শিল্পী নির্বাচন, ওজা প্রশিক্ষকৰ নিৰ্বাচন আৰু প্ৰশিক্ষণ, বিধানসভা ভিত্তিক প্রশিক্ষণ আদি সম্পন্ন কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ