--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইপিনে গুৰুতৰ ভাবে আহত অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।মৃত মাতৃগৰাকীৰ নাম চুনচুমী কোঁৱৰ আৰু কন্যা গৰাকীৰ নাম সোণাক্ষী কোঁৱৰ ।

ডিজিটেল ডেস্কঃ টীয়কৰ বলমা মৰাণ গাঁৱত আজি পুৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।একেটা পৰিয়ালৰ ঘৰৰ ভিতৰত মাতৃ, কন্যাৰ তেজেৰে লুটুৰি পুতুৰি অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে।


ইপিনে গুৰুতৰ ভাবে আহত অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।মৃত মাতৃগৰাকীৰ নাম চুনচুমী কোঁৱৰ আৰু কন্যা গৰাকীৰ নাম সোণাক্ষী কোঁৱৰ । সোণাক্ষী কোঁৱৰ টীয়ক জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী। পিতৃৰ নাম কল্যাণ কোৱঁৰ।


ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড জানিব পৰা হোৱা নাই। জানিব পৰা মতে যোৱা নিশা প্ৰায় দুইমান বজাত ওচৰচুবুৰীয়াই পৰিয়ালটোৰ ঘৰত চিঞৰ বাখৰ শুনিছিল আৰু কিয় চিঞৰ বাখৰ কৰিছে সুধিবলৈ আহিছিল যদিও কল্যাণ কোঁৱৰে একো নাই হোৱা বুলি কৌ ঘূৰাই পঠায়। 


পুৱা ঘৰৰ পৰা কোনো সাৰ নোপোৱা দেখি স্থানীয় ৰাইজে সন্দেহ কৰি আৰক্ষীৰ সহায়ত দুৱাৰ ভাঙি চাওতে ঘৰৰ এটি কোঠাত মাতৃ কন্যাৰ মৃতদেহ আৰু কোঠাটোৰ এটা চুকত কল্যাণ কোঁৱৰক আহত অৱস্থাত উদ্ধাৰ কৰে। ইতিমধ্যে গুৰুতৰভাৱে আহত কল্যাণ কোঁৱৰক চিকিৎসাৰ বাবে প্ৰেৰণ কৰি মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 


উল্লেখযোগ্য যে এই পৰ্যন্ত কোনো লোকক আৰক্ষীয়ে কোঠাটোৰ ভিতৰত প্ৰবেশ কৰিব দিয়া নাই ডিব্ৰুগড়ৰ পৰা ফৰেনচিক দল অহাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি জানিবলৈ দিছে যোৰহাট জিলা আৰক্ষী অধীক্ষকে।ইপিনে স্থানীয় লোকৰ পৰা জনা মতে পেচাত এগৰাকী বইলাৰ দোকানী কল্যাণ কোঁৱৰ আজি কিছুদিনৰ পৰা কোনো ৰোগত আক্ৰান্ত হৈ আছিল।সেয়ে মানসিকভাৱে কিবা কাৰণত হতাশগ্ৰস্ত হৈ এইদৰে নিজৰ পৰিয়ালটোৰ সৈতে চৰম ঘটনা সংঘটিত কৰি নিজেও আত্মজাহ যোৱাৰ চেষ্টা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন