--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইপিনে গুৰুতৰ ভাবে আহত অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।মৃত মাতৃগৰাকীৰ নাম চুনচুমী কোঁৱৰ আৰু কন্যা গৰাকীৰ নাম সোণাক্ষী কোঁৱৰ ।

ডিজিটেল ডেস্কঃ টীয়কৰ বলমা মৰাণ গাঁৱত আজি পুৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।একেটা পৰিয়ালৰ ঘৰৰ ভিতৰত মাতৃ, কন্যাৰ তেজেৰে লুটুৰি পুতুৰি অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে।


ইপিনে গুৰুতৰ ভাবে আহত অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।মৃত মাতৃগৰাকীৰ নাম চুনচুমী কোঁৱৰ আৰু কন্যা গৰাকীৰ নাম সোণাক্ষী কোঁৱৰ । সোণাক্ষী কোঁৱৰ টীয়ক জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী। পিতৃৰ নাম কল্যাণ কোৱঁৰ।


ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড জানিব পৰা হোৱা নাই। জানিব পৰা মতে যোৱা নিশা প্ৰায় দুইমান বজাত ওচৰচুবুৰীয়াই পৰিয়ালটোৰ ঘৰত চিঞৰ বাখৰ শুনিছিল আৰু কিয় চিঞৰ বাখৰ কৰিছে সুধিবলৈ আহিছিল যদিও কল্যাণ কোঁৱৰে একো নাই হোৱা বুলি কৌ ঘূৰাই পঠায়। 


পুৱা ঘৰৰ পৰা কোনো সাৰ নোপোৱা দেখি স্থানীয় ৰাইজে সন্দেহ কৰি আৰক্ষীৰ সহায়ত দুৱাৰ ভাঙি চাওতে ঘৰৰ এটি কোঠাত মাতৃ কন্যাৰ মৃতদেহ আৰু কোঠাটোৰ এটা চুকত কল্যাণ কোঁৱৰক আহত অৱস্থাত উদ্ধাৰ কৰে। ইতিমধ্যে গুৰুতৰভাৱে আহত কল্যাণ কোঁৱৰক চিকিৎসাৰ বাবে প্ৰেৰণ কৰি মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 


উল্লেখযোগ্য যে এই পৰ্যন্ত কোনো লোকক আৰক্ষীয়ে কোঠাটোৰ ভিতৰত প্ৰবেশ কৰিব দিয়া নাই ডিব্ৰুগড়ৰ পৰা ফৰেনচিক দল অহাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি জানিবলৈ দিছে যোৰহাট জিলা আৰক্ষী অধীক্ষকে।ইপিনে স্থানীয় লোকৰ পৰা জনা মতে পেচাত এগৰাকী বইলাৰ দোকানী কল্যাণ কোঁৱৰ আজি কিছুদিনৰ পৰা কোনো ৰোগত আক্ৰান্ত হৈ আছিল।সেয়ে মানসিকভাৱে কিবা কাৰণত হতাশগ্ৰস্ত হৈ এইদৰে নিজৰ পৰিয়ালটোৰ সৈতে চৰম ঘটনা সংঘটিত কৰি নিজেও আত্মজাহ যোৱাৰ চেষ্টা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানত কাম কৰি আছে দেশৰ উদ্যোগপতিয়ে, দেশত ১২ লাখ কোটি বিনিয়োগ কৰিব আদানিয়ে
তিৰুপতি মন্দিৰত ৫৪ কোটিৰ শ্বল কেলেংকাৰি, ছিল্কৰ পৰিৱৰ্তে যোগান ধৰিছিল পলিয়েষ্টাৰ সামগ্ৰী
পুনৰ জনমত অসমক জন্ম ঠাই হিচাপে বাছি ল'ব ছনু নিগমে
চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ বিষয়ত ড° বসন্ত কুমাৰ গোস্বামী, অসমীয়াৰ লগতহে ইংৰাজী ব্যৱহাৰ কৰিব লাগে
শ্বহীদৰ প্ৰতি সন্মান জনাই উন্মোচিত হ’ল লেখক মলয় বৰুৱাৰ পঞ্চমখন গ্ৰন্থ ‘শ্বহীদ প্ৰণামো তোমাক’
দীপাৱলীক মানৱ জাতিৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য ঘোষণা
জেমছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে আৱিষ্কাৰ 'অলকানন্দা' তাৰকাৰাজ্য
আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস ; এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি
প্ৰসংগঃ গোৱা চিলিণ্ডাৰ বিস্ফোৰণ ; ক্লাবৰ মালিকক গ্ৰেপ্তাৰ, এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু
ছিপাঝাৰত ভাৰতীয় যুৱ মৰ্চাৰ শ্বহীদ প্ৰণামো অনুষ্ঠান ; শ্ৰদ্ধা নিবেদন অসম আন্দোলনৰ অমৰ শ্বহীদক
ইমৰান খানক 'মানসিকভাৱে অসুস্থ' আখ্যা পাকিস্তানী সেনাৰ
বিশ্ব জয় কৰি নিজ গৃহত উপস্থিত ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস
বাংলাদেশ দখল কৰিব জামাত-এ-ইছলামীয়ে!
পাহৰণি গৰ্ভত Greetings Card ! যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা