--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ফেব্ৰুৱাৰী মাহত অসম চৰকাৰৰ Environment and Forest Departmentৰ দ্বাৰা উলিওৱা Heritage trees of Assam নামৰ গ্ৰন্থখনত প্রকাশ কৰিছে এই তথ্য

ডিজিটেল ডেস্কঃ অসমৰ আটাইতকৈ পুৰণি গছজোপাৰ বয়স ৬০০ বছৰ। এই পুৰণি গছজোপা আছে গোলাঘাট নগৰৰ মাজমজিয়াৰ হজৰত লংগৰশ্বাহ আউলিয়া দৰগাহ শ্বৰীফ মাজাৰত।


ফেব্ৰুৱাৰী মাহত অসম চৰকাৰৰ Environment and Forest Departmentৰ দ্বাৰা উলিওৱা Heritage trees of Assam নামৰ গ্ৰন্থখনত প্রকাশ কৰিছে এই তথ্য।


উল্লেখযোগ্য যে বিভাগটোৱে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ঐতিহাসিক এশজোপা গছক চৰকাৰী স্বীকৃতি প্রদান কৰিছিল। গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, মাজুলী, চৰাইদেউ, শোণিতপুৰ, লখিমপুৰ, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, বজালী, বৰপেটা, বিশ্বনাথ চাৰিআলি, নলবাৰী, চিৰাং, নগাঁও, ওদালগুৰি, মৰিগাঁও আদি জিলাসমূহক সামৰি প্ৰস্তুত কৰা Haritage Trees of Assam নামৰ প্ৰথম সংস্কৰণ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰা হৈছিল। এই গ্ৰন্থখনত এশ বছৰ অতিক্ৰম কৰা গছসমূহৰ বিতংকৈ তথ্য দাঙি ধৰিছে বিভাগে।


গোলাঘাটৰ হজৰত লংগৰশ্বাহ আউলিয়া দৰগাহ শ্বৰীফ মাজাৰত থকা অসমৰ আটাইতকৈ পুৰণি ঘিলা - গছজোপাৰ কথা উল্লেখ কৰিছে। গ্ৰন্থখনত এই লতাজাতীয় ঘিলা গছজোপাৰ বয়স ৬০০ বুলি উল্লেখ আছে। ইয়াৰ উপৰি বৰপেটা জিলাৰ পাটবাউসী সত্ৰৰ ৫০০ বছৰীয়া এজোপা আঁহত গছ, ডিব্ৰুগড় জিলাৰ কেন্দুগুৰি জয়পুৰৰ ৫০০ বছৰ বয়সৰ এজোপা কেন্দু গছ, শোণিতপুৰ জিলাৰ সীতাজুলি সত্ৰৰ ৫০০ বছৰীয়া আঁহত গছ, যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰ নামঘৰৰ ৪৯৮ বছৰীয়া বৰ গছ, শিৱসাগৰ জিলাৰ কেন্দুগুৰি বেতবাৰীৰ ৪৭২ বছৰীয়া কেন্দু গছ, বজালী জিলাৰ ৪০০ বছৰীয়া বকুল গছ, চিৰাং জিলাৰ ৪০০ বছৰীয়া এজোপা কৰাই গছ আছে। এনেদৰে বিভিন্ন জিলাৰ প্ৰায় এশজোপা গছৰ যাৰ বয়স ১০০ বছৰৰ ওপৰত সেইসমূহ গছৰ নাম-বয়স উল্লেখ কৰা হয় এই Heritage trees of Assam নামৰ গ্ৰন্থখনত। আনহাতে, এই গ্রন্থখনত অসমৰ আটাইতকৈ পুৰণি গছজোপাৰ বয়স আৰু নাম উল্লেখ কৰা হয়।


এই গছজোপা আছে গোলাঘাট নগৰৰ মাজমজিয়াৰ হজৰত লংগৰশ্বাহ আউলিয়া দৰগাহ শ্বৰীফ মাজাৰত। এই সম্পৰ্কে মাজাৰ পৰিচালনা সমিতিৰ এজন বিষয়ববীয়া আব্দুল কাছিমে কয় যে অসম চৰকাৰৰ Cilvicultiurist Department-এ অসমৰ বিভিন্ন গছ Heritage trees of Assam নামেৰে স্বীকৃতি দিয়ে তাৰ ভিতৰত গোলাঘাটৰ এই হজৰত লংগৰশ্বাহ আউলিয়া দৰগাহ শ্বৰীফ মাজাৰত থকা এই ঘিলা গছজোপাক ৬০০ বছৰ পুৰণি গছ বুলি স্বীকৃতি প্রদান কৰিছে। মাজাৰৰ তত্ত্বাৱধানত থকা এই গছজোপা কেইবা পুৰুষৰ আগতে ৰোপণ কৰা হৈছিল আৰু এই গছজোপাই স্বীকৃতি লাভ কৰাত মাজাৰ কৰ্তৃপক্ষই সন্তুষ্টি প্রকাশ কৰিছে। গোলাঘাট জিলাৰ আঠজোপা গছক চিনাক্ত কৰিলে, তাৰ ভিতৰত প্ৰথমতে আছে হজৰত লংগৰশ্বাহ আউলিয়া দৰগাহ শ্বৰীফ মাজাৰত থকা এই ঘিলা গছজোপা। এই ঘিলা গছজোপাৰ এটা বৈশিষ্ট্য হৈছে গোটেই মাজাৰৰ প্ৰায় ৭ বিঘা মাটি আগুৰি আছে। আনহাতে, গোলাঘাট নগৰৰ এজোপা গুলচ গছে এই গ্রন্থখনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।


নগৰৰ মাজমজিয়াৰ প্ৰয়াত সুৰেন্দ্ৰ নাথ শইকীয়াৰ বাসগৃহৰ চৌহদত থকা এই গুলচ গছজোপাৰ বয়স ১৫০ বছৰ বুলি উল্লেখ কৰা হৈছে। এই গছজোপা পথ বহলীকৰণ কৰাৰ সময়ত কাটিবলৈ যো-জা কৰিছিল, কিন্তু গোলাঘাটৰ সচেতন ব্যক্তিৰ প্ৰতিবাদ সাব্যস্ত কৰাত সেই সিদ্ধান্ত বাতিল কৰে। এই সম্পর্কে প্রয়াত সুৰেন্দ্ৰ নাথ শইকীয়াৰ কন্যা প্রিয়ংকা শইকীয়া দাসে কয়, 'আমি খুব সুখী অনুভৱ কৰিছোঁ ইতিমধ্যে অসম চৰকাৰৰ অধীনত Heritage trees of Assam নামৰ এখন গ্রন্থত আমাৰ চৌহদত থকা এই গুলচ গছজোপাৰ নাম অন্তর্ভুক্ত হৈছে।' এই গছজোপাৰ এক সুকীয়া পৰিচয় আছে। নিজৰ এটা সৌন্দর্য আছে।


অনুমান কৰা মতে গছজোপাৰ বয়স ১৫০ বছৰ হ'ব। আনহাতে, গোলাঘাট জিলাখনৰ আৰু ছজোপা গছে এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ নেঘেৰিটিং শিৱদ'ল চৌহদত থকা দুজোপা কঁঠাল গছ, এজোপা বেল গছ, গোলাঘাটৰ মিছন কম্পাউণ্ডৰ এজোপা আমগছ আৰু এজোপা তেঁতেলি গছ, কমাৰগাঁৱৰ এজোপা আম গছে Heritage trees of Assam নামৰ গ্ৰন্থখনত স্থান লাভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি 


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য