--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অৰ্ধজ্বলিত মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী ধনজিত বড়োক গ্ৰেপ্তাৰ কৰে।

ডিজিটেল ডেস্কঃ বাক্সাৰ শিমলাবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই কুঠাৰেৰে ঘপিয়াই নৃসংশভাৱে হত্যা কৰিলে মাতৃক ।হত্যা কৰি চোতালতে জ্বলাই দিলে মাতৃৰ মৃতদেহ।


বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত শিমলাবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আজি দুপৰীয়া ধনজিত বড়োৱে মাতৃ চম্পা বড়োক প্ৰথমে কুঠাৰেৰে ঘপিয়াই নৃসংশভাৱে হত্যা কৰি পাছত চোতালতে জ্বলাই দিয়ে। কিন্তু গাঁৱৰ ৰাইজে পৰিয়ালটোৰ চোতালত দুপৰীয়াৰ সময়ত জুই দেখি সোমাই যোৱাত পোহৰলৈ আহে প্ৰকৃত ঘটনাটো।


ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অৰ্ধজ্বলিত মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী ধনজিত বড়োক গ্ৰেপ্তাৰ কৰে।


পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰিতে হত্যাকাৰী ধনজিত বড়োক বৰবৰী থানা লৈ আনে।


উল্লেখ্য যে কিছু বছৰ পূৰ্বে এইগৰাকী ধনজিত বড়োৱে তেওঁৰ পিতৃকো দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰিছিল। সম্প্ৰতি শিমলাবাৰীত সংঘটিত এই নৃশংস ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।


মানুহৰ সাহসতকৈ ডাঙৰ কোনো লক্ষ্য নহয়,কেৱল যুঁজিব নোৱাৰা জনেহে জীৱন হেৰুৱায়


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ