--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অৰ্ধজ্বলিত মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী ধনজিত বড়োক গ্ৰেপ্তাৰ কৰে।

ডিজিটেল ডেস্কঃ বাক্সাৰ শিমলাবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই কুঠাৰেৰে ঘপিয়াই নৃসংশভাৱে হত্যা কৰিলে মাতৃক ।হত্যা কৰি চোতালতে জ্বলাই দিলে মাতৃৰ মৃতদেহ।


বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত শিমলাবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আজি দুপৰীয়া ধনজিত বড়োৱে মাতৃ চম্পা বড়োক প্ৰথমে কুঠাৰেৰে ঘপিয়াই নৃসংশভাৱে হত্যা কৰি পাছত চোতালতে জ্বলাই দিয়ে। কিন্তু গাঁৱৰ ৰাইজে পৰিয়ালটোৰ চোতালত দুপৰীয়াৰ সময়ত জুই দেখি সোমাই যোৱাত পোহৰলৈ আহে প্ৰকৃত ঘটনাটো।


ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অৰ্ধজ্বলিত মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী ধনজিত বড়োক গ্ৰেপ্তাৰ কৰে।


পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰিতে হত্যাকাৰী ধনজিত বড়োক বৰবৰী থানা লৈ আনে।


উল্লেখ্য যে কিছু বছৰ পূৰ্বে এইগৰাকী ধনজিত বড়োৱে তেওঁৰ পিতৃকো দাৰে ঘপিয়াই হত্যাৰ চেষ্টা কৰিছিল। সম্প্ৰতি শিমলাবাৰীত সংঘটিত এই নৃশংস ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।


মানুহৰ সাহসতকৈ ডাঙৰ কোনো লক্ষ্য নহয়,কেৱল যুঁজিব নোৱাৰা জনেহে জীৱন হেৰুৱায়


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
ইতিহাস হ'ল জুবিন
চুলি দ্ৰুতভাৱে গজাব বিচাৰে নেকি? এই প্ৰটিনযুক্ত খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক