--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ ৯৭ দিন পাছত সোমবাৰে ভাৰতীয় সেনাই পেহেলগাম-কাণ্ডৰ মাষ্টাৰ মাইণ্ড মুছাক হত্যা কৰি বৃহৎ সফলতা লাভ কৰে

ডিজিটেল ডেস্ক : ভাৰতীয় সেনাই সোমবাৰে শ্রীনগৰৰ লিডৱাছ এলেকাত চলোৱা 'অপাৰেচন মহাদেৱ অভিযান'ৰ জৰিয়তে পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ মূল অভিযুক্ত হাছিম মুছা ওৰফে ছুলেমান শ্বাহক হত্যা কৰে।


উল্লেখযোগ্য যে পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ ৯৭ দিন পাছত সোমবাৰে ভাৰতীয় সেনাই পেহেলগাম-কাণ্ডৰ মাষ্টাৰ মাইণ্ড মুছাক হত্যা কৰি বৃহৎ সফলতা লাভ কৰে। সেনাৰ সৈতে সংঘৰ্ষত হাছিম মুছাৰ উপৰি য়াছিৰ আৰু অলী নামৰ আন দুটা পাকিস্তানী সন্ত্রাসবাদী নিহত হয়। ইয়াৰে হাছিম মুছা যোৱা ২২ এপ্রিলত ২৬জন নিৰীহ পৰ্যটকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা পহলগামৰ আক্ৰমণটোৰ মাষ্টাৰ মাইণ্ড আছিল। ইয়াৰ লগতে য়াছিৰো পহলগামৰ আক্ৰমণটোত জড়িত আছিল। নিহত আনটো সন্ত্রাসবাদী যোৱা বছৰ ছোনমার্গ সুৰংগ প্রকল্পত কৰা আক্ৰমণটো জড়িত আছিল। ভাৰতীয় সেনাৰ চিনাৰ ক'ৰে সংঘর্ষটোত মুছাসহ তিনিটা সন্ত্রাসবাদী নিহত হোৱা বুলি নিশ্চিত কৰে।


উল্লেখযোগ্য যে লিডৱাছ এলেকাত তিনিটা সন্ত্রাসবাদীয়ে আত্মগোপন কৰি থকা বুলি তথ্য লাভ কৰাৰ পাছত সেনাই 'অপাৰেশ্যন মহাদেৱ'ৰ অধীনত লিডৱাছ বনাঞ্চলত অভিযান চলায়। সেই সময়তে দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত তিনিটা সন্ত্রাসবাদী নিহত হয়। সেনাৰ চিনাৰ ক'ৰে সামাজিক মাধ্যমত এই কথা প্রকাশ কৰে। সেনাই প্রকাশ কৰা মতে সোমবাৰে পুৱা চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত লিডৱাছত সন্ত্রাসবাদীকেইটাৰ সন্ধানত অভিযান চলোৱা হয়। সেই সময়তে দূৰৰ পৰা দুবাৰ গুলী চলোৱাৰ শব্দ শুনিবলৈ পায়। লগে লগে অঞ্চলটোত বৃহৎ সংখ্যক সেনা তথা নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰা হয়। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি সন্ত্রাসবাদীকেইটা শ্রীনগৰৰ পৰা ২০ কিল'মিটাৰ নিলগৰ দাছীগ্রাম অভিমুখে ৰাওনা হৈছিল। চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতে সেনাই লিডৱাছৰ হৰৱানৰ মুলনাৰত সন্ত্রাসবাদীকেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু বৃহৎ সফলতা লাভ কৰে।


নিহত হোৱা সন্ত্রাসবাদীকেইটাৰ পৰা আমেৰিকাত নিৰ্মিত এম৪ কাৰ্বাইন, এ কে-৪৭ ৰাইফল, ১৭টা ৰাইফল গ্রেনেড আৰু আন সামগ্ৰী উদ্ধাৰ কৰিছে। ইফালে সেনা আৰু নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত আন সন্ত্রাসবাদীয়ে আত্মগোপন কৰি থকাৰ আশংকা কৰি তালাচী অভিযান অব্যাহত ৰাখিছে। সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি সন্ত্রাসবাদীয়ে ব্যৱহাৰ কৰা সঁজুলিৰ স'তে সাদৃশ্য এক কাৰিকৰী সংকেতৰ জৰিয়তে সন্ত্রাসবাদীকেইটা হৰৱানৰ বনাঞ্চলত লুকাই থকা বুলি জানিব পাৰে। ইয়াৰ পাছতে সন্ত্রাসবাদীকেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰা হয়। প্রায় ১১-৩০ বজাত ২৪ ৰাষ্ট্ৰীয় ৰাইফল্‌ আৰু ৪ পেৰা ইউনিটৰ জোৱানৰ এটা দলে সন্ত্রাসবাদীকেইটাৰ সন্ধান লাভ কৰাৰ লগে লগে সিহঁতৰ ওপৰত অতর্কিতে আক্ৰমণ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক