--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ ৯৭ দিন পাছত সোমবাৰে ভাৰতীয় সেনাই পেহেলগাম-কাণ্ডৰ মাষ্টাৰ মাইণ্ড মুছাক হত্যা কৰি বৃহৎ সফলতা লাভ কৰে

ডিজিটেল ডেস্ক : ভাৰতীয় সেনাই সোমবাৰে শ্রীনগৰৰ লিডৱাছ এলেকাত চলোৱা 'অপাৰেচন মহাদেৱ অভিযান'ৰ জৰিয়তে পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ মূল অভিযুক্ত হাছিম মুছা ওৰফে ছুলেমান শ্বাহক হত্যা কৰে।


উল্লেখযোগ্য যে পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ ৯৭ দিন পাছত সোমবাৰে ভাৰতীয় সেনাই পেহেলগাম-কাণ্ডৰ মাষ্টাৰ মাইণ্ড মুছাক হত্যা কৰি বৃহৎ সফলতা লাভ কৰে। সেনাৰ সৈতে সংঘৰ্ষত হাছিম মুছাৰ উপৰি য়াছিৰ আৰু অলী নামৰ আন দুটা পাকিস্তানী সন্ত্রাসবাদী নিহত হয়। ইয়াৰে হাছিম মুছা যোৱা ২২ এপ্রিলত ২৬জন নিৰীহ পৰ্যটকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা পহলগামৰ আক্ৰমণটোৰ মাষ্টাৰ মাইণ্ড আছিল। ইয়াৰ লগতে য়াছিৰো পহলগামৰ আক্ৰমণটোত জড়িত আছিল। নিহত আনটো সন্ত্রাসবাদী যোৱা বছৰ ছোনমার্গ সুৰংগ প্রকল্পত কৰা আক্ৰমণটো জড়িত আছিল। ভাৰতীয় সেনাৰ চিনাৰ ক'ৰে সংঘর্ষটোত মুছাসহ তিনিটা সন্ত্রাসবাদী নিহত হোৱা বুলি নিশ্চিত কৰে।


উল্লেখযোগ্য যে লিডৱাছ এলেকাত তিনিটা সন্ত্রাসবাদীয়ে আত্মগোপন কৰি থকা বুলি তথ্য লাভ কৰাৰ পাছত সেনাই 'অপাৰেশ্যন মহাদেৱ'ৰ অধীনত লিডৱাছ বনাঞ্চলত অভিযান চলায়। সেই সময়তে দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত তিনিটা সন্ত্রাসবাদী নিহত হয়। সেনাৰ চিনাৰ ক'ৰে সামাজিক মাধ্যমত এই কথা প্রকাশ কৰে। সেনাই প্রকাশ কৰা মতে সোমবাৰে পুৱা চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত লিডৱাছত সন্ত্রাসবাদীকেইটাৰ সন্ধানত অভিযান চলোৱা হয়। সেই সময়তে দূৰৰ পৰা দুবাৰ গুলী চলোৱাৰ শব্দ শুনিবলৈ পায়। লগে লগে অঞ্চলটোত বৃহৎ সংখ্যক সেনা তথা নিৰাপত্তা বাহিনীৰ লোক মোতায়েন কৰা হয়। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি সন্ত্রাসবাদীকেইটা শ্রীনগৰৰ পৰা ২০ কিল'মিটাৰ নিলগৰ দাছীগ্রাম অভিমুখে ৰাওনা হৈছিল। চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতে সেনাই লিডৱাছৰ হৰৱানৰ মুলনাৰত সন্ত্রাসবাদীকেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু বৃহৎ সফলতা লাভ কৰে।


নিহত হোৱা সন্ত্রাসবাদীকেইটাৰ পৰা আমেৰিকাত নিৰ্মিত এম৪ কাৰ্বাইন, এ কে-৪৭ ৰাইফল, ১৭টা ৰাইফল গ্রেনেড আৰু আন সামগ্ৰী উদ্ধাৰ কৰিছে। ইফালে সেনা আৰু নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত আন সন্ত্রাসবাদীয়ে আত্মগোপন কৰি থকাৰ আশংকা কৰি তালাচী অভিযান অব্যাহত ৰাখিছে। সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি সন্ত্রাসবাদীয়ে ব্যৱহাৰ কৰা সঁজুলিৰ স'তে সাদৃশ্য এক কাৰিকৰী সংকেতৰ জৰিয়তে সন্ত্রাসবাদীকেইটা হৰৱানৰ বনাঞ্চলত লুকাই থকা বুলি জানিব পাৰে। ইয়াৰ পাছতে সন্ত্রাসবাদীকেইটাৰ সন্ধানত অভিযান আৰম্ভ কৰা হয়। প্রায় ১১-৩০ বজাত ২৪ ৰাষ্ট্ৰীয় ৰাইফল্‌ আৰু ৪ পেৰা ইউনিটৰ জোৱানৰ এটা দলে সন্ত্রাসবাদীকেইটাৰ সন্ধান লাভ কৰাৰ লগে লগে সিহঁতৰ ওপৰত অতর্কিতে আক্ৰমণ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন