--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় ৰে’লৱেত কম্বল, বিচনা চাদৰ, আঠুৱা আদি ৰে’লৱেৰ সম্পত্তি বুলি গণ্য কৰা হয়। যদি চুৰি হয় তেন্তে ৰে’লৱে সম্পত্তি আইন ১৯৬৬ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান ৰে’ল বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে’ল নেটৱৰ্ক। য'ত দৈনিক লাখ লাখ লোকে যাত্ৰা কৰে। ১২ লাখ কৰ্মচাৰীয়ে ইয়াক পৰিচালনাৰ বাবে কাম কৰে, যিটো যিকোনো দেশৰ ৰে’ল ব্যৱস্থাৰ সৰ্বোচ্চ, আৰু ই দেশৰ প্ৰায় প্ৰতিটো চুক ইটোৱে সিটোৰ লগত সংযোগ কৰে। সেইবাবেই ইয়াক দেশৰ জীৱনৰেখা বুলিও কোৱা হয়।


আমি সকলোৱে নিজৰ প্ৰয়োজন আৰু চখ অনুযায়ী সময়ে সময়ে এই ৰেলত যাত্ৰা কৰি থাকোঁ। ইয়াৰ সমান্তৰালকৈ আমি যাত্ৰাৰ সময়ত ৰে’লৱে প্ৰদান কৰা সা-সুবিধাবোৰ লওঁ। এই সুবিধাসমূহৰ কিছুমানৰ বাবে চাৰ্জ প্ৰত্যক্ষভাৱে আৰু কিছুমানৰ বাবে পৰোক্ষভাৱে পৰিশোধ কৰিবলগীয়া হয়।


তেনে এটা সুবিধা হ’ল ৰে’লত এচি ক্লাছৰ (তৃতীয় এচি, দ্বিতীয় এচি, প্ৰথম এচি) ডবাত উপলব্ধ বেড ৰোল, য’ত কম্বল, চাদৰ, আঠুৱা আৰু টাৱেল থাকে।


আপুনি জানেনে ৰেলৱেৰ এই নিয়ম?


এই বেডৰল যাত্ৰীসকলক তেওঁলোকৰ আসনত আই আৰ চি টি চি (ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যন)ৰ দ্বাৰা প্ৰদান কৰা হয়, যাৰ বুকিং টিকট বুকিং কৰাৰ লগতে কৰা হয়, আৰু ইয়াৰ চাৰ্জো টিকটৰ সৈতে সংলগ্ন কৰা হয়।


এই বেডৰল যাত্ৰাৰ শেষত ৰে’লৱেলৈ ঘূৰাই দিব লাগে। এয়া প্ৰতিজন যাত্ৰীৰ নৈতিক দায়িত্ব। সেইবোৰ লগত লৈ যোৱাটো শাস্তিযোগ্য অপৰাধ। কাৰণ এই সকলোবোৰ ৰে’লৱেৰ সম্পত্তি।


ৰে’লত কম্বল, চাদৰ, আঠুৱা বা টাৱেল লৈ ধৰা পৰিলে আপোনাৰ কি হ’ব পাৰে জানেনে? এই বিষয়ে দেশৰ আইনে কি কয় জানি লওক।


কম্বল, বিচনা চাদৰ, আঠুৱা বা টাৱেল চুৰি কৰাৰ শাস্তি


ৰে’লত ৰে’লৱেৰ কম্বল, বিচনা চাদৰ, আঠুৱা বা টাৱেল লৈ যোৱা কোনো যাত্ৰী ধৰা পৰিলে তেওঁ ১০০০ টকা জৰিমনা ভৰিব লাগিব। আৰু যদি তেওঁ অস্বীকাৰ কৰে বা ১ হাজাৰ টকা জৰিমনা হিচাপে দিবলৈ অক্ষমতা প্ৰকাশ কৰে তেন্তে আইনত ১ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থাও আছে। গতিকে ভুলতেও কেতিয়াও এই কাম নকৰিব।


ভাৰতীয় ৰে’লৱেত কম্বল, বিচনা চাদৰ, আঠুৱা আদি ৰে’লৱেৰ সম্পত্তি বুলি গণ্য কৰা হয়। যদি চুৰি হয় তেন্তে ৰে’লৱে সম্পত্তি আইন ১৯৬৬ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। প্ৰথমবাৰ ধৰা পৰিলে এবছৰ পৰ্যন্ত কাৰাদণ্ড বা ১০০০ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে।গুৰুতৰ ক্ষেত্ৰত অৰ্থাৎ এই অপৰাধ এবাৰতকৈ অধিক পুনৰাবৃত্তি হ’লে ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা দুয়োটা হ’ব পাৰে।


ৰে’ল নিয়ম অনুসৰি চুৰি সামগ্ৰী লৈ ধৰা পৰিলে যাত্ৰীজনৰ বিৰুদ্ধে ৰে’ল আৰক্ষী (জি আৰ পি) বা ৰে’ল সুৰক্ষা বাহিনী (আৰ পি এফ)য়ে ব্যৱস্থা ল’ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা