--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় ৰে’লৱেত কম্বল, বিচনা চাদৰ, আঠুৱা আদি ৰে’লৱেৰ সম্পত্তি বুলি গণ্য কৰা হয়। যদি চুৰি হয় তেন্তে ৰে’লৱে সম্পত্তি আইন ১৯৬৬ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান ৰে’ল বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে’ল নেটৱৰ্ক। য'ত দৈনিক লাখ লাখ লোকে যাত্ৰা কৰে। ১২ লাখ কৰ্মচাৰীয়ে ইয়াক পৰিচালনাৰ বাবে কাম কৰে, যিটো যিকোনো দেশৰ ৰে’ল ব্যৱস্থাৰ সৰ্বোচ্চ, আৰু ই দেশৰ প্ৰায় প্ৰতিটো চুক ইটোৱে সিটোৰ লগত সংযোগ কৰে। সেইবাবেই ইয়াক দেশৰ জীৱনৰেখা বুলিও কোৱা হয়।


আমি সকলোৱে নিজৰ প্ৰয়োজন আৰু চখ অনুযায়ী সময়ে সময়ে এই ৰেলত যাত্ৰা কৰি থাকোঁ। ইয়াৰ সমান্তৰালকৈ আমি যাত্ৰাৰ সময়ত ৰে’লৱে প্ৰদান কৰা সা-সুবিধাবোৰ লওঁ। এই সুবিধাসমূহৰ কিছুমানৰ বাবে চাৰ্জ প্ৰত্যক্ষভাৱে আৰু কিছুমানৰ বাবে পৰোক্ষভাৱে পৰিশোধ কৰিবলগীয়া হয়।


তেনে এটা সুবিধা হ’ল ৰে’লত এচি ক্লাছৰ (তৃতীয় এচি, দ্বিতীয় এচি, প্ৰথম এচি) ডবাত উপলব্ধ বেড ৰোল, য’ত কম্বল, চাদৰ, আঠুৱা আৰু টাৱেল থাকে।


আপুনি জানেনে ৰেলৱেৰ এই নিয়ম?


এই বেডৰল যাত্ৰীসকলক তেওঁলোকৰ আসনত আই আৰ চি টি চি (ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্যন)ৰ দ্বাৰা প্ৰদান কৰা হয়, যাৰ বুকিং টিকট বুকিং কৰাৰ লগতে কৰা হয়, আৰু ইয়াৰ চাৰ্জো টিকটৰ সৈতে সংলগ্ন কৰা হয়।


এই বেডৰল যাত্ৰাৰ শেষত ৰে’লৱেলৈ ঘূৰাই দিব লাগে। এয়া প্ৰতিজন যাত্ৰীৰ নৈতিক দায়িত্ব। সেইবোৰ লগত লৈ যোৱাটো শাস্তিযোগ্য অপৰাধ। কাৰণ এই সকলোবোৰ ৰে’লৱেৰ সম্পত্তি।


ৰে’লত কম্বল, চাদৰ, আঠুৱা বা টাৱেল লৈ ধৰা পৰিলে আপোনাৰ কি হ’ব পাৰে জানেনে? এই বিষয়ে দেশৰ আইনে কি কয় জানি লওক।


কম্বল, বিচনা চাদৰ, আঠুৱা বা টাৱেল চুৰি কৰাৰ শাস্তি


ৰে’লত ৰে’লৱেৰ কম্বল, বিচনা চাদৰ, আঠুৱা বা টাৱেল লৈ যোৱা কোনো যাত্ৰী ধৰা পৰিলে তেওঁ ১০০০ টকা জৰিমনা ভৰিব লাগিব। আৰু যদি তেওঁ অস্বীকাৰ কৰে বা ১ হাজাৰ টকা জৰিমনা হিচাপে দিবলৈ অক্ষমতা প্ৰকাশ কৰে তেন্তে আইনত ১ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থাও আছে। গতিকে ভুলতেও কেতিয়াও এই কাম নকৰিব।


ভাৰতীয় ৰে’লৱেত কম্বল, বিচনা চাদৰ, আঠুৱা আদি ৰে’লৱেৰ সম্পত্তি বুলি গণ্য কৰা হয়। যদি চুৰি হয় তেন্তে ৰে’লৱে সম্পত্তি আইন ১৯৬৬ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। প্ৰথমবাৰ ধৰা পৰিলে এবছৰ পৰ্যন্ত কাৰাদণ্ড বা ১০০০ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে।গুৰুতৰ ক্ষেত্ৰত অৰ্থাৎ এই অপৰাধ এবাৰতকৈ অধিক পুনৰাবৃত্তি হ’লে ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা দুয়োটা হ’ব পাৰে।


ৰে’ল নিয়ম অনুসৰি চুৰি সামগ্ৰী লৈ ধৰা পৰিলে যাত্ৰীজনৰ বিৰুদ্ধে ৰে’ল আৰক্ষী (জি আৰ পি) বা ৰে’ল সুৰক্ষা বাহিনী (আৰ পি এফ)য়ে ব্যৱস্থা ল’ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক