--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম চৰকাৰে শেহতীয়াকৈ অভিযান্ত্ৰিক আৰু পলিটেকনিক মহাবিদ্যালয়ৰ বাবে প্ৰদান কৰা নিযুক্তিত‌ এগৰাকী প্ৰৱক্তা হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় ছেচংকিৰিয়ে।

ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ৰ ছেচং‌কিৰি টিমুঙৰ সফলতাই সমগ্ৰ পাহাৰীয়া জিলাখনলৈ এক গৌৰৱ কঢ়িয়াই আনিছে।


অসম চৰকাৰে শেহতীয়াকৈ অভিযান্ত্ৰিক আৰু পলিটেকনিক মহাবিদ্যালয়ৰ বাবে প্ৰদান কৰা নিযুক্তিত‌ এগৰাকী প্ৰৱক্তা হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় ছেচংকিৰিয়ে।


ছেচংকিৰি , বৈঠালাংছ'ৰ চক্ৰ টিমুং আৰু বাছাপী ৰংপিপীৰ সুযোগ্য সন্তান । আৰ্থিকভাৱে দুৰ্বল হোৱাৰ হেতু ছেচংকিৰিক পিতা-মাতৃয়ে ব্যক্তিগত বিদ্যালয়ত‌ শিক্ষা গ্ৰহণ কৰোৱাব পৰা নাছিল।গতিকে প্ৰাৰ্থমিক পৰ্যায়ৰ পৰা স্নাতোকোত্তৰ ডিগ্ৰী লৈকে সকলো পৰ্যায়ৰ শিক্ষা কেৱল চৰকাৰী বিদ্যালয়তে গ্ৰহণ কৰিছিল। পলিটেকনিক কলেজৰ কাৰিকৰী বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰা ছেচংকিৰি জিলাখনৰ ভিতৰতেই প্ৰথম গৰাকী প্ৰাৰ্থী । ডিফু পলিটেকনিক মহাবিদ্যালয়ত নিযুক্তি লাভ কৰা ছেচংকিৰি তিমুঙৰ এই সফলতাত ছেচংকিৰিৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ পাহাৰীয়া জিলাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।লগতে তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ