--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি বিয়লি ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত অম্বুবাচী প্রবৃত্তি হ'ব আৰু ২২ জুনৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দ্বাৰ

ডিজিটেল ডেস্ক : কামাখ্যে বৰদে দেৱী নীল পর্বতবাসিনী ত্বং দেৱী জগতাং মাত যোনী মুদ্রে নমোহস্তুতে...।


সনাতনী বিশ্বাস অনুসৰি বছৰৰ এই সময়তে ধৰিত্ৰী মাতৃ ৰজস্বলা হয়। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে জগতমাতাৰ এই বছৰেকীয়া পৰ্ব উদ্যাপনৰ মূল পীঠভূমি হ'ল অসমৰ নীলাচল পাহাৰত থকা মা কামাখ্যা ধাম। শিৱ পুৰাণত উল্লেখ থকা মতে, দক্ষযজ্ঞত শিৱক কৰা অপমান সহ্য কৰিব নোৱাৰি শিৱ পত্নী সতীয়ে দেহ ত্যাগ কৰে। পত্নীৰ অবৰ্তমানত উন্মাদপ্রায় হৈ পৰা শিৱই পত্নী সতীৰ মৃতদেহ কান্ধত লৈ ত্রিভুৱনত একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰে।


পৰিস্থিতি বিষম দেখি শিৱৰ এই ভয়ংকৰ ক্রোধৰ পৰা সৃষ্টিক ৰক্ষা কৰাৰ উপায় বিচাৰি ব্ৰহ্মা আৰু বিষ্ণুৰ কাষ চাপে। ত্ৰিদেৱৰ অন্যতম ব্রহ্মা-বিষ্ণুৱে আলোচনা কৰি মহাদেৱক শান্ত কৰাৰ এক উপায় উলিয়ায় আৰু সেই উপায় অনুসৰিয়েই বিষ্ণুৱে সুদর্শন চক্ৰৰে সতীৰ নিথৰ দেহটো খণ্ড-বিখণ্ড কৰে। সতীৰ দেহৰ বিভিন্ন অংগবোৰ যি ঠাইত পৰিছিল সেই ঠাইসমূহেই সনাতনীসকলৰ পৱিত্ৰ তীৰ্থভূমিলৈ পৰিণত হয়। শিৱ পুৰাণৰ মতে, নীলাচলৰ শক্তিপীঠ কামাখ্যাতে সতীৰ যোনি পৰিছিল বাবেই শক্তিপীঠ কামাখ্যা সৃষ্টিৰ অন্যতম প্রতীকলৈও পৰিণত হয়। সেয়েহে, অম্বুবাচীৰ মহাযোগৰ সময়ত দেশ-বিদেশৰ সাধু- সন্ন্যাসীৰে উখল-মাখল হৈ পৰে মা কামাখ্যা ধাম।


এইবাৰো এই পৰম্পৰাৰেই পুনৰাবৃত্তি ঘটিছে আৰু ভিন্ন বেশভূষাৰেই দেশী-বিদেশী সাধু-সন্ন্যাসীৰে ভৰি পৰিছে পৱিত্ৰ মন্দিৰ চৌহদ। লাখ লাখ ভক্তক আদৰিবলৈও সাজু হৈ উঠিছে মন্দিৰ পৰিচালনা সমিতি, প্ৰশাসন আৰু চৰকাৰ। ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে বিদেশৰ পৰাও এই বিৰল মহাযোগত অৱগাহন কৰিবলৈ শক্তিপীঠত ভিৰ কৰা সাধু-সন্তসকলে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি যোগাসন কাৰ্যসূচীও ৰূপায়ণ কৰে। জানিব পৰা মতে, আজি বিয়লি ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত অম্বুবাচী প্রবৃত্তি হ'ব আৰু ২২ জুনৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দ্বাৰ। ২৬ জুনত অম্বুবাচী নিবৃত্তিৰ পাছত মা কামাখ্যাৰ স্নান আৰু নিত্য পূজাৰ পাছত শক্তিপীঠৰ দ্বাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল