--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি বিয়লি ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত অম্বুবাচী প্রবৃত্তি হ'ব আৰু ২২ জুনৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দ্বাৰ

ডিজিটেল ডেস্ক : কামাখ্যে বৰদে দেৱী নীল পর্বতবাসিনী ত্বং দেৱী জগতাং মাত যোনী মুদ্রে নমোহস্তুতে...।


সনাতনী বিশ্বাস অনুসৰি বছৰৰ এই সময়তে ধৰিত্ৰী মাতৃ ৰজস্বলা হয়। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে জগতমাতাৰ এই বছৰেকীয়া পৰ্ব উদ্যাপনৰ মূল পীঠভূমি হ'ল অসমৰ নীলাচল পাহাৰত থকা মা কামাখ্যা ধাম। শিৱ পুৰাণত উল্লেখ থকা মতে, দক্ষযজ্ঞত শিৱক কৰা অপমান সহ্য কৰিব নোৱাৰি শিৱ পত্নী সতীয়ে দেহ ত্যাগ কৰে। পত্নীৰ অবৰ্তমানত উন্মাদপ্রায় হৈ পৰা শিৱই পত্নী সতীৰ মৃতদেহ কান্ধত লৈ ত্রিভুৱনত একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰে।


পৰিস্থিতি বিষম দেখি শিৱৰ এই ভয়ংকৰ ক্রোধৰ পৰা সৃষ্টিক ৰক্ষা কৰাৰ উপায় বিচাৰি ব্ৰহ্মা আৰু বিষ্ণুৰ কাষ চাপে। ত্ৰিদেৱৰ অন্যতম ব্রহ্মা-বিষ্ণুৱে আলোচনা কৰি মহাদেৱক শান্ত কৰাৰ এক উপায় উলিয়ায় আৰু সেই উপায় অনুসৰিয়েই বিষ্ণুৱে সুদর্শন চক্ৰৰে সতীৰ নিথৰ দেহটো খণ্ড-বিখণ্ড কৰে। সতীৰ দেহৰ বিভিন্ন অংগবোৰ যি ঠাইত পৰিছিল সেই ঠাইসমূহেই সনাতনীসকলৰ পৱিত্ৰ তীৰ্থভূমিলৈ পৰিণত হয়। শিৱ পুৰাণৰ মতে, নীলাচলৰ শক্তিপীঠ কামাখ্যাতে সতীৰ যোনি পৰিছিল বাবেই শক্তিপীঠ কামাখ্যা সৃষ্টিৰ অন্যতম প্রতীকলৈও পৰিণত হয়। সেয়েহে, অম্বুবাচীৰ মহাযোগৰ সময়ত দেশ-বিদেশৰ সাধু- সন্ন্যাসীৰে উখল-মাখল হৈ পৰে মা কামাখ্যা ধাম।


এইবাৰো এই পৰম্পৰাৰেই পুনৰাবৃত্তি ঘটিছে আৰু ভিন্ন বেশভূষাৰেই দেশী-বিদেশী সাধু-সন্ন্যাসীৰে ভৰি পৰিছে পৱিত্ৰ মন্দিৰ চৌহদ। লাখ লাখ ভক্তক আদৰিবলৈও সাজু হৈ উঠিছে মন্দিৰ পৰিচালনা সমিতি, প্ৰশাসন আৰু চৰকাৰ। ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে বিদেশৰ পৰাও এই বিৰল মহাযোগত অৱগাহন কৰিবলৈ শক্তিপীঠত ভিৰ কৰা সাধু-সন্তসকলে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি যোগাসন কাৰ্যসূচীও ৰূপায়ণ কৰে। জানিব পৰা মতে, আজি বিয়লি ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত অম্বুবাচী প্রবৃত্তি হ'ব আৰু ২২ জুনৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দ্বাৰ। ২৬ জুনত অম্বুবাচী নিবৃত্তিৰ পাছত মা কামাখ্যাৰ স্নান আৰু নিত্য পূজাৰ পাছত শক্তিপীঠৰ দ্বাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা