--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই অনুষ্ঠানতে আটছাই প্রকাশ কৰা কেৰিয়াৰ গাইডেন্স পুথি 'জ্ঞানমার্গ' উন্মোচন কৰা হয়

ডিজিটেল ডেস্ক : অসমৰ শিক্ষা বিভাগত কোনো 'পলিচি'য়েই নাই। ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ অৱস্থা অত্যন্ত বেয়া। এই অৱস্থাই যদি অব্যাহত থাকে তেনেহ'লে ৰাজ্যৰ শিক্ষাৰ ভৱিষ্যৎ অন্ধকাৰ।


শনিবাৰে গুৱাহাটীৰ মাছখোৱাৰ আই টি এ চেণ্টাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত চাহ শ্রমিকৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি এই বিস্ফোৰণ ঘটাইছে বিজেপিৰ সাংসদ কামাখ্যা তাহাই।


তাছাই এইবুলিও কয় যে ৰাজ্যৰ শিক্ষাৰ 'পলিচি'ৰ ওপৰত কৰিবলগীয়া বহু কাম আছে। ৰাজ্যৰ শিক্ষা বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে অনুষ্ঠানত ক্ষোভ প্রকাশৰ ইমানতে অন্ত পৰা নাছিল। আটছাৰ সভাপতি ধীৰাজ গোৱালাই শিক্ষা মন্ত্ৰী ৰণোজ পেণ্ডৰ সন্মুখতে কয়- শিক্ষা বিভাগে ৰাজ্যৰ চাহ বাগিচাসমূহত স্থাপন কৰা ১১৬খন মডেল হাইস্কুলৰ অধিকাংশৰে ২০২৫ বৰ্ষত মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰ শূন্য। গোৱালাই লগতে এইবুলিও কয় যে অধিকাংশ মডেল হাইস্কুলতে স্থায়ী প্রধান শিক্ষক নাই, বিষয় শিক্ষক নাই আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বিগত ৩ বছৰ ধৰি দৰমহা পোৱা নাই। উল্লেখযোগ্য যে শনিবাৰৰ এই অনুষ্ঠানত চাহ জনগোষ্ঠীৰ ৬০ শতাংশ আৰু তাতকৈ বেছি নম্বৰ লাভকৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা তিনি হাজাৰৰো অধিক ছাত্র-ছাত্রীক বিশেষভাবে সম্বর্ধনা জনোৱা হয়।


এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কামাখ্যা তাছা আৰু ধীৰাজ গোৱালাৰ অভিযোগ সম্পর্কত একো নকৈ মাত্র কয় যে চাহ বাগিচা অঞ্চলত অধিক মডেল হাইস্কুল শিক্ষা বিভাগে স্থাপন কৰিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ চাহ শ্রমিক প্ৰোচাহন যোজনাৰ অধীনত বাগিচা অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰা হ'ব আৰু বিদ্যালয়সমূহৰ সুকীয়া শ্ৰেণীকোঠা নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত শ্রম মন্ত্ৰী ৰূপেশ গোৱালা, জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং আৰু বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন উপস্থিত থাকে। এই অনুষ্ঠানতে আটছাই প্রকাশ কৰা কেৰিয়াৰ গাইডেন্স পুথি 'জ্ঞানমার্গ' উন্মোচন কৰা হয়।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল