--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই অনুষ্ঠানতে আটছাই প্রকাশ কৰা কেৰিয়াৰ গাইডেন্স পুথি 'জ্ঞানমার্গ' উন্মোচন কৰা হয়

ডিজিটেল ডেস্ক : অসমৰ শিক্ষা বিভাগত কোনো 'পলিচি'য়েই নাই। ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ অৱস্থা অত্যন্ত বেয়া। এই অৱস্থাই যদি অব্যাহত থাকে তেনেহ'লে ৰাজ্যৰ শিক্ষাৰ ভৱিষ্যৎ অন্ধকাৰ।


শনিবাৰে গুৱাহাটীৰ মাছখোৱাৰ আই টি এ চেণ্টাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত চাহ শ্রমিকৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি এই বিস্ফোৰণ ঘটাইছে বিজেপিৰ সাংসদ কামাখ্যা তাহাই।


তাছাই এইবুলিও কয় যে ৰাজ্যৰ শিক্ষাৰ 'পলিচি'ৰ ওপৰত কৰিবলগীয়া বহু কাম আছে। ৰাজ্যৰ শিক্ষা বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে অনুষ্ঠানত ক্ষোভ প্রকাশৰ ইমানতে অন্ত পৰা নাছিল। আটছাৰ সভাপতি ধীৰাজ গোৱালাই শিক্ষা মন্ত্ৰী ৰণোজ পেণ্ডৰ সন্মুখতে কয়- শিক্ষা বিভাগে ৰাজ্যৰ চাহ বাগিচাসমূহত স্থাপন কৰা ১১৬খন মডেল হাইস্কুলৰ অধিকাংশৰে ২০২৫ বৰ্ষত মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰ শূন্য। গোৱালাই লগতে এইবুলিও কয় যে অধিকাংশ মডেল হাইস্কুলতে স্থায়ী প্রধান শিক্ষক নাই, বিষয় শিক্ষক নাই আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বিগত ৩ বছৰ ধৰি দৰমহা পোৱা নাই। উল্লেখযোগ্য যে শনিবাৰৰ এই অনুষ্ঠানত চাহ জনগোষ্ঠীৰ ৬০ শতাংশ আৰু তাতকৈ বেছি নম্বৰ লাভকৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা তিনি হাজাৰৰো অধিক ছাত্র-ছাত্রীক বিশেষভাবে সম্বর্ধনা জনোৱা হয়।


এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কামাখ্যা তাছা আৰু ধীৰাজ গোৱালাৰ অভিযোগ সম্পর্কত একো নকৈ মাত্র কয় যে চাহ বাগিচা অঞ্চলত অধিক মডেল হাইস্কুল শিক্ষা বিভাগে স্থাপন কৰিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ চাহ শ্রমিক প্ৰোচাহন যোজনাৰ অধীনত বাগিচা অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰা হ'ব আৰু বিদ্যালয়সমূহৰ সুকীয়া শ্ৰেণীকোঠা নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত শ্রম মন্ত্ৰী ৰূপেশ গোৱালা, জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং আৰু বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন উপস্থিত থাকে। এই অনুষ্ঠানতে আটছাই প্রকাশ কৰা কেৰিয়াৰ গাইডেন্স পুথি 'জ্ঞানমার্গ' উন্মোচন কৰা হয়।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ