--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত নিজকে সন্ত্রাসবাদ-বিৰোধী বুলি প্রতিপন্ন কৰিব খুজিও বাৰে বাৰে মুখথেকেচা খোৱা পাকিস্তানৰ গুজৰানৱালাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈবা আৰু হামাছৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়।

ডিজিটেল ডেস্ক : সন্ত্রাসবাদ আৰু সন্ত্রাসবাদীৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানত এইবাৰ মুক্তভাৱেই দুটাকৈ বিশ্বত্রাস সৃষ্টিকাৰী সন্ত্রাসবাদী সংগঠনৰ বৈঠক অনুষ্ঠিত হ'ল।


আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত নিজকে সন্ত্রাসবাদ-বিৰোধী বুলি প্রতিপন্ন কৰিব খুজিও বাৰে বাৰে মুখথেকেচা খোৱা পাকিস্তানৰ গুজৰানৱালাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈবা আৰু হামাছৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়। 


সামাজিক মাধ্যমত ফাদিল হোৱা বৈঠকৰ এটা ভিডিঅ'ই পাকিস্তানৰ স্বৰূপ পুনৰ এবাৰ বিশ্বৰ সন্মুখত উদঙাই দিলে। পেলেষ্টাইনৰ সন্ত্রাসবাদী গোট হামাছ আৰু পাকিস্তানৰ লস্কৰ-এ-তৈবাৰ এই বৈঠকত হামাছৰ জ্যেষ্ঠ কমাণ্ডাৰ নাজি জাহিৰ আৰু লস্কৰৰ জ্যেষ্ঠ নেতা ৰছিদ আলী সান্ধুৰ মাজত দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। পাকিস্তান মার্কাজি মুছলিম লীগে (পি এম এম এল) আয়োজন কৰা এটা অনুষ্ঠানৰ অংশ হিচাপে এই সন্ত্রাসবাদী সংগঠন দুটাৰ বৈঠক অনুষ্ঠিত হয়। পি এম এম এলক লস্কৰ-এ-তৈবাৰ ৰাজনৈতিক শাখা বুলিও কোৱা হয়। এই বৈঠকে দুয়োটা সন্ত্রাসবাদী সংগঠনৰ মাজত বুজাবুজি হোৱাটোকে ইংগিত কৰে। উল্লেখযোগ্য যে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ মাত্ৰ কেইদিনমান পূর্বে হামাছৰ এইগৰাকী কমাণ্ডাৰ নাজি জাহিৰে পাকিস্তানৰ দখলত থকা কাশ্মীৰ (পি অ' কে) ভ্রমণ কৰিছিল। এই ভ্রমণকালত তেওঁ লস্কৰ-এ-তৈবা আৰু জৈছ-এ-মহম্মদৰ নেতাসকলৰ সৈতে এখন ভাৰত-বিৰোধী সমাৱেশতো ভাগ লৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু