--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত নিজকে সন্ত্রাসবাদ-বিৰোধী বুলি প্রতিপন্ন কৰিব খুজিও বাৰে বাৰে মুখথেকেচা খোৱা পাকিস্তানৰ গুজৰানৱালাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈবা আৰু হামাছৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়।

ডিজিটেল ডেস্ক : সন্ত্রাসবাদ আৰু সন্ত্রাসবাদীৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানত এইবাৰ মুক্তভাৱেই দুটাকৈ বিশ্বত্রাস সৃষ্টিকাৰী সন্ত্রাসবাদী সংগঠনৰ বৈঠক অনুষ্ঠিত হ'ল।


আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত নিজকে সন্ত্রাসবাদ-বিৰোধী বুলি প্রতিপন্ন কৰিব খুজিও বাৰে বাৰে মুখথেকেচা খোৱা পাকিস্তানৰ গুজৰানৱালাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈবা আৰু হামাছৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়। 


সামাজিক মাধ্যমত ফাদিল হোৱা বৈঠকৰ এটা ভিডিঅ'ই পাকিস্তানৰ স্বৰূপ পুনৰ এবাৰ বিশ্বৰ সন্মুখত উদঙাই দিলে। পেলেষ্টাইনৰ সন্ত্রাসবাদী গোট হামাছ আৰু পাকিস্তানৰ লস্কৰ-এ-তৈবাৰ এই বৈঠকত হামাছৰ জ্যেষ্ঠ কমাণ্ডাৰ নাজি জাহিৰ আৰু লস্কৰৰ জ্যেষ্ঠ নেতা ৰছিদ আলী সান্ধুৰ মাজত দীঘলীয়া আলোচনা অনুষ্ঠিত হয়। পাকিস্তান মার্কাজি মুছলিম লীগে (পি এম এম এল) আয়োজন কৰা এটা অনুষ্ঠানৰ অংশ হিচাপে এই সন্ত্রাসবাদী সংগঠন দুটাৰ বৈঠক অনুষ্ঠিত হয়। পি এম এম এলক লস্কৰ-এ-তৈবাৰ ৰাজনৈতিক শাখা বুলিও কোৱা হয়। এই বৈঠকে দুয়োটা সন্ত্রাসবাদী সংগঠনৰ মাজত বুজাবুজি হোৱাটোকে ইংগিত কৰে। উল্লেখযোগ্য যে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ মাত্ৰ কেইদিনমান পূর্বে হামাছৰ এইগৰাকী কমাণ্ডাৰ নাজি জাহিৰে পাকিস্তানৰ দখলত থকা কাশ্মীৰ (পি অ' কে) ভ্রমণ কৰিছিল। এই ভ্রমণকালত তেওঁ লস্কৰ-এ-তৈবা আৰু জৈছ-এ-মহম্মদৰ নেতাসকলৰ সৈতে এখন ভাৰত-বিৰোধী সমাৱেশতো ভাগ লৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ