--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি তেওঁলোকক ৰাষ্ট্ৰীয় পতাকা উপহাৰস্বৰূপে আগবঢ়ায় আৰু হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

ডিজিটেল ডেস্ক : দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ 'ঘৰে ঘৰে তিৰংগা অভিযান' বুধবাৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত ৰূপায়ণ কৰে।


ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, শিক্ষাবিদ ড° হৰেন্দ্ৰ নাৰায়ণ দত্ত, যশস্বী অনাতাঁৰ শিল্পী ৰামচন্দ্ৰ চাচনী আৰু ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ আইনজীৱী অসীম দত্তক বুধবাৰে কেন্দ্রীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ ডিব্ৰুগড়ৰ বাসগৃহত সাক্ষাৎ কৰি কুশলবার্তা বিনিময় কৰে।


লগতে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি তেওঁলোকক ৰাষ্ট্ৰীয় পতাকা উপহাৰস্বৰূপে আগবঢ়ায় আৰু হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। লগতে ছাত্র-ছাত্ৰীসকলৰ মাজতো সোণোৱালে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰি দেশপ্ৰেমৰ চেতনাৰে উদ্বুদ্ধ কৰে। তদুপৰি সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ শান্তিপাৰাত থকা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্রতিমূর্তিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ বিস্তৃত অৰিহণা আৰু স্বদেশপ্ৰেমৰ গাথা শ্ৰদ্ধাৰে স্মৰণ কৰে।


এই সময়ছোৱাত সোণোৱালৰ লগতে উপস্থিত থাকে ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, সাধাৰণ সম্পাদক সুশীল তাছা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শৈকত পাত্র, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় মহিলা মৰ্চাৰ সভানেত্রী মামুন গগৈ মিত্র, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা পুষ্পাঞ্জলি সোণোৱাল প্রমুখ্যে দলীয় সতীর্থসকল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু