--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি তেওঁলোকক ৰাষ্ট্ৰীয় পতাকা উপহাৰস্বৰূপে আগবঢ়ায় আৰু হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

ডিজিটেল ডেস্ক : দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ 'ঘৰে ঘৰে তিৰংগা অভিযান' বুধবাৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত ৰূপায়ণ কৰে।


ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, শিক্ষাবিদ ড° হৰেন্দ্ৰ নাৰায়ণ দত্ত, যশস্বী অনাতাঁৰ শিল্পী ৰামচন্দ্ৰ চাচনী আৰু ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ আইনজীৱী অসীম দত্তক বুধবাৰে কেন্দ্রীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ ডিব্ৰুগড়ৰ বাসগৃহত সাক্ষাৎ কৰি কুশলবার্তা বিনিময় কৰে।


লগতে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি তেওঁলোকক ৰাষ্ট্ৰীয় পতাকা উপহাৰস্বৰূপে আগবঢ়ায় আৰু হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। লগতে ছাত্র-ছাত্ৰীসকলৰ মাজতো সোণোৱালে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰি দেশপ্ৰেমৰ চেতনাৰে উদ্বুদ্ধ কৰে। তদুপৰি সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ শান্তিপাৰাত থকা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্রতিমূর্তিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ বিস্তৃত অৰিহণা আৰু স্বদেশপ্ৰেমৰ গাথা শ্ৰদ্ধাৰে স্মৰণ কৰে।


এই সময়ছোৱাত সোণোৱালৰ লগতে উপস্থিত থাকে ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, সাধাৰণ সম্পাদক সুশীল তাছা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শৈকত পাত্র, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় মহিলা মৰ্চাৰ সভানেত্রী মামুন গগৈ মিত্র, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা পুষ্পাঞ্জলি সোণোৱাল প্রমুখ্যে দলীয় সতীর্থসকল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ