--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জুলাই মাহত পাণ্ডুত ব্রহ্মপুত্ৰৰ গড় জলপ্রৱাহ হৈছে প্রায় ১৭,০০০ কিউবিক মিটাৰ (ঘনমিটাৰ) প্রতি ছেকেণ্ডত। অথচ বিগত বৰ্ষৰ জুলাই মাহত পাণ্ডুত ব্ৰহ্মপুত্ৰৰ গড় জলপ্ৰৱাহ আছিল প্রায় ৩৮,০০০ কিউবিক মিটাৰ (ঘনমিটাৰ) প্রতি ছেকেণ্ডত।

ডিজিটেল ডেস্ক : সংকটৰ গৰাহত অসমৰ আয়ুসৰেখা স্বৰূপ মহাবাহু ব্রহ্মপুত্র। সমগ্র অসমখনকে সুজলা-সুফলা, শস্য-শ্যামলা কৰি তোলা ব্ৰহ্মপুত্ৰত শেহতীয়াকৈ দ্রুতগতিত পানী হ্রাস পাইছে। আনকি এই বাৰিষাতো নদীখনত পানী কমি গৈছে। এফালে বৰষুণৰ মাত্রা হ্রাস পাইছে, আনফালে ৰাজ্যৰ মূল উপত্যকাৰ জীৱনৰেখা সদৃশ ব্ৰহ্মপুত্ৰৰ পানী হ্রাস পোৱাৰ ফলত অনাগত দিনত ৰাজ্যখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্রকট হৈ পৰিছে। তথ্য অনুসৰি যোৱা জুলাই মাহত পাণ্ডুত ব্রহ্মপুত্ৰৰ গড় জলপ্রৱাহ হৈছে প্রায় ১৭,০০০ কিউবিক মিটাৰ (ঘনমিটাৰ) প্রতি ছেকেণ্ডত। অথচ বিগত বৰ্ষৰ জুলাই মাহত পাণ্ডুত ব্ৰহ্মপুত্ৰৰ গড় জলপ্ৰৱাহ আছিল প্রায় ৩৮,০০০ কিউবিক মিটাৰ (ঘনমিটাৰ) প্রতি ছেকেণ্ডত।


ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে কি গতিত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ হ্রাস পাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নদী বিশেষজ্ঞ অধ্যাপক নয়ন শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ১৯৬২ চনৰ আগষ্ট মাহত পাণ্ডুত ব্ৰহ্মপুত্ৰৰ গড় জলপ্ৰৱাহ আছিল ৭২,৭৭৯ কিউবিক মিটাৰ (ঘনমিটাৰ) প্রতি ছেকেণ্ডত। সেই অনুসৰি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগকাৰী নির্মীয়মাণ দলংখন ব্ৰহ্মপুত্ৰৰ গড় জলপ্ৰৱাহ ৮১,০০০ কিউবিক মিটাৰ (ঘনমিটাৰ) প্রতি ছেকেণ্ডত হ'লেও যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে।


কিন্তু সম্প্রতি যি গতিত ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ হ্রাস পাইছে সেয়া চিন্তাৰ বিষয়। মন কৰিবলগীয়া যে ব্ৰহ্মপুত্ৰত এনেদৰে পানীৰ পৰিমাণ হ্রাস পোৱাৰ ফলত জলসিঞ্চন, জল পৰিবহণ আৰু জৈৱ বৈচিত্র্য ৰক্ষাৰ ক্ষেত্ৰত সমস্যা আহি পৰিছে। বিশেষজ্ঞসকলৰ মতে অসমৰ লগতে অৰুণাচল প্ৰদেশত বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলতে ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ হ্রাস পাইছে। যোৱা জুলাই মাহত অসমত প্রায় ৪৪ শতাংশ বৰষুণ হ্রাস পাইছে। সাধাৰণতে ব্ৰহ্মপুত্ৰৰ সর্বাধিক পানী উপনৈসমূহে যোগান ধৰে। মূল উৎসৰ পৰা প্ৰায় ২৫-৩০ শতাংশ পানীহে ব্রহ্মপুত্ৰই লাভ কৰে। এনে পৰিস্থিতিত বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলত এতিয়া মহাবাহু গভীৰ সংকটৰ সন্মুখীন হৈছে। মন কৰিবলগীয়া যে বাৰিষা কালতে ব্ৰহ্মপুত্ৰত এনে উদ্বেগজনকপৰিস্থিতিয়ে দেখা দিছে, এনে পৰিস্থিতিত খৰালী নদীখনৰ অৱস্থা কি হ'ব সেয়া সহজে অনুমেয়।


বিগত দুই-তিনি বছৰত খৰালি ব্ৰহ্মপুত্ৰৰ বুকুত এক মৰুভূমি-সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। সকলোতকৈ ডাঙৰ কথা যে অতি বিপজ্জনকভাৱে হ্রাস পাইছে অসমৰ ভূ-গৰ্ভৰ জলস্তৰো। কেন্দ্ৰৰ ভূ-গৰ্ভৰ জলস্তৰ ব'ৰ্ডৰ সমীক্ষাৰ প্ৰকাশ পোৱা মতে, ২০১৩ চনত অসমৰ ভূগর্ভস্থ জলস্তৰ আছিল ২৮.৯ বিলিয়ন কিউবিক মিটাৰ। সেই অনুসৰি ২০১৭চনত ভূগর্ভস্থ জল ২৪.২৬ বিলিয়ন কিউবিক মিটাৰলৈ হ্রাস পোৱাৰ বিপৰীতে ২০২২ চনত ২১.৪ বিলিয়ন কিউবিক মিটাৰলৈ আৰু ২০২৩ চনত ভূগৰ্ভৰ জলৰাশি ২০.৯৩ বিলিয়ন কিউবিক মিটাৰলৈ হ্রাস পালে। এনে পৰিস্থিতিত অনাগত দিনত অসমৰ প্ৰাকৃতিক ভাৰসাম্য কিদৰে ৰক্ষা পৰিব সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান