--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰে ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’বলগীয়া ফাষ্টেগ বাৰ্ষিক পাছ প্ৰৱৰ্তন কৰিছে।

ডিজিটেল ডেস্ক : প্ৰতিদিনে দেশজুৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছ ৱে’ত লাখ লাখ লোকে যাত্ৰা কৰে। অফিচলৈ যোৱা লোকেই হওক, পৰ্যটকেই হওক বা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা লোকেই হওক, সকলোৱে টোল টেক্স দিব লাগিব।


এতিয়ালৈকে ফাষ্টেগৰ সহায়ত মানুহে টোল প্লাজাত ৰৈ থকাৰ প্ৰয়োজন নাছিল যদিও প্ৰতিবাৰেই যাত্ৰাৰ আগতে ৰিচাৰ্জ কৰাটো এটা হেঁচা হৈ পৰিছিল।


এই সমস্যাৰ অন্ত পেলাবলৈ চৰকাৰে ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’বলগীয়া ফাষ্টেগ বাৰ্ষিক পাছ প্ৰৱৰ্তন কৰিছে।এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আপুনি এই পাছ পাব নে নাপায়? এনেকুৱাও হ’ব পাৰে যে আপুনি শেষ মুহূৰ্তত এই সুবিধা ল’ব বিচাৰে আৰু কিছুমান প্ৰয়োজনীয় চৰ্ত পূৰণ নকৰাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ’ব পাৰে। গতিকে ফাষ্টেগৰ বাৰ্ষিক পাছ পাব নে নাপায় কেনেকৈ পৰীক্ষা কৰিব জানো আহক।


ফাষ্টেগ বাৰ্ষিক পাছ কি?


ফাষ্টেগ বাৰ্ষিক পাছ হৈছে এটা প্ৰিপেইড সুবিধা, যাৰ অধীনত আপুনি মাত্ৰ ৩,০০০ টকা দি বাৰে বাৰে ৰিচাৰ্জ নকৰাকৈ এবছৰ বা ২০০ ভ্ৰমণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱেত যাত্ৰা কৰিব পাৰে। এই সুবিধা কেৱল ব্যক্তিগত বাহনৰ বাবেহে। ইয়াৰ উদ্দেশ্য হৈছে যে দৈনিক ঘাইপথত যাত্ৰা কৰা লোকসকলে, প্ৰতিবাৰেই টোল প্লাজাত অপেক্ষা কৰিব নালাগে আৰু তেওঁলোকৰ পকেটৰ খৰচো হ্ৰাস পায়।


ফাষ্টেগ বাৰ্ষিক পাছ পাব নে নাপায় কেনেকৈ পৰীক্ষা কৰিব?


১) আপোনাৰ বাহন কোন শ্ৰেণীৰ -


এই পাছ অবাণিজ্যিক বাহন বা ব্যক্তিগত বাহন যেনে গাড়ী, জীপ, ভ্যান আদিত উপলব্ধ হ'ব পাৰে, কিন্তু ট্ৰাক, বাছ, টেক্সি, লোডিং বাহন আদি বাণিজ্যিক বাহনত পাছ উপলব্ধ নহ'ব।যদি আপোনাৰ বাহন ব্যক্তিগত হয়, তেন্তে পাছৰ বাবে আগবাঢ়িব পাৰিব।


২) ফাষ্টেগ সক্ৰিয় হওঁক বা নহওঁক -


ফাষ্টেগ বাৰ্ষিক পাছ তেতিয়াহে উপলব্ধ হ'ব যেতিয়া ফাষ্টেগ সক্ৰিয় হ'ব, বাহনৰ নম্বৰৰ সৈতে লিংক কৰা হ'ব আৰু গাড়ীত সঠিকভাৱে সংস্থাপন কৰা হ'ব। টোল প্লাজাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ফাষ্টেগ স্কেন কৰিব লাগে। যদি নাই, তেন্তে প্ৰথমে ফাষ্টেগ আপডেট কৰক।


৩) আপুনি কোনটো পথ বেছি ব্যৱহাৰ কৰে -


এই পাছ কেৱল NHAI আৰু MoRTH (কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়)ৰ অধীনত থকা টোল প্লাজাতহে বৈধ হ'ব। যেনে- দিল্লী-মুম্বাই এক্সপ্ৰেছৱে, মুম্বাই-নাছিক হাইৱে, মুম্বাই-ছুৰাট হাইৱে, কিন্তু এই পাছে ৰাজ্যিক ঘাইপথ বা পৌৰ নিগমৰ টোল যেনে মুম্বাই-পুনে এক্সপ্ৰেছৱে, নাগপুৰ-মুম্বাই সমৰুদ্ধি মহামাৰ্গত কাম নকৰে। যদি আপোনাৰ দৈনন্দিন যাত্ৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ঘাইপথত হয়, তেন্তে এই পাছটো আপোনাৰ বাবে উপকাৰী হ’ব।


৪) আপুনি সঘনাই যাত্ৰা কৰে নেকি -


যদি আপুনি এমাহত ১৫-২০ বাৰতকৈ অধিক টোল প্লাজা পাৰ হয় তেন্তে এই পাছৰ দ্বাৰা আপোনাৰ ধন আৰু সময় দুয়োটা ৰাহি হব। কম যাত্ৰা কৰাসকলৰ বাবে এই পাছ লাভজনক নহ’ব।


৫) প্ৰয়োজনীয় নথি-পত্ৰ আছে নে নাই -


পাছ ক্ৰয় কৰাৰ সময়ত প্ৰয়োজনীয় নথি-পত্ৰ যেনে বাহন পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, সক্ৰিয় ফাষ্টেগ আইডি, বৈধ মোবাইল নম্বৰ আৰু পেমেণ্ট মোড সাজু কৰি ৰাখক।


ফাষ্টেগ বাৰ্ষিক পাছ অনলাইনত কেনেকৈ কিনিব?


১) NHAI ৱেবছাইট, MoRTH চাইট বা হাইৱে যাত্ৰা এপ চাওক


২) ফাষ্টেগ আইডি বা বাহন নম্বৰৰ সৈতে লগইন কৰক।


৩) ইউ পি আই বা ডিজিটেল পেমেণ্টৰ জৰিয়তে ৩ হাজাৰ টকা দিব লাগিব।


৪) এছএমএছৰ জৰিয়তে পাছ সক্ৰিয়কৰণৰ বিষয়ে তথ্য লাভ কৰিব।


৫) ২০২৫ চনৰ ১৫ আগষ্টৰ পৰা পাছ সক্ৰিয় হ’ব, কিন্তু পাছটো কেৱল এবছৰ বা ২০০ ভ্ৰমণৰ বাবেহে বৈধ হ’ব।


৬) ইয়াৰ উপৰিও পাছটো হস্তান্তৰ কৰিব নোৱাৰা আৰু ঘূৰাই দিব নোৱাৰা।


৭) ফাষ্টেগ বাৰ্ষিক পাছৰ ম্যাদ উকলি যোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে নবীকৰণ কৰা নহ'ব, আপুনি পুনৰ আবেদন কৰিব লাগিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য