--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি মাৰ্ঘেৰিটা সমজিলাৰ লিডুৰ মোলাং অঞ্চলৰ পৰা টালি টোপোলা বান্ধি ঘৰমূৱা হৈছে বহু অবৈধ বেদখলকাৰী ।

ডিজিটেল ডেস্কঃ উজনিত অব্যাহত আছে সন্দেহযুক্ত নাগৰিক খেদা অভিযান। সন্দেহযুক্ত নাগৰিকৰ উচ্ছেদক লৈ সক্ৰিয় হৈ পৰিছে বিভিন্ন দল সংগঠন।


আজি মাৰ্ঘেৰিটা সমজিলাৰ লিডুৰ মোলাং অঞ্চলৰ পৰা টালি টোপোলা বান্ধি ঘৰমূৱা হৈছে বহু অবৈধ বেদখলকাৰী । চৰকাৰী ভুমি বেদখল কৰি বছৰ বছৰ ধৰি বসবাস কৰা বহু সন্দেহযুক্ত নাগৰিকে আজি টালি-টোপোলা বান্ধি সাজু হৈছে মাৰ্ঘেৰিটা তথা উজনি অসম এৰিবলৈ ।


কিছুদিন পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটা আৰু লিডুৰ দাতিকাষৰীয়া অঞ্চলত বসবাস কৰা সন্দেহযুক্ত বিদেশী নাগৰিকক উজনি অসম ত্যাগ কৰিবলৈ দাবী জনাইছিল। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। লগতে প্ৰাক্তন আলফা নেতা জিতেন দত্তই মাৰ্ঘেৰিটাত উপস্থিত হৈ ১৫ আগষ্ঠৰ পূৰ্বে সন্দেহযুক্ত অবৈধ বেদখলকাৰীক উজনি অসম ত্যাগ কৰিবলৈ সকিয়াই দিছিল।


তাৰ পাছতেই এতিয়া মাৰ্ঘেৰিটা ত্যাগ কৰিছে এই সকল সন্দেহযুক্ত নাগৰিকে। একাংশই ইতিমধ্যে কম মূল্যতে পশু ধন বিক্ৰি কৰি সাজু হৈছে যাবলৈ ।আতংকত পৰি বহু লোকে ৩০-৪০ টকাৰ জাৰ্চি গৰু ১০-১৫ হাজাৰ টকাতে বিক্ৰি কৰা বুলি জানিব পৰা গৈছে ।এক কথাত দলীয় সংগঠনৰ হুংকাৰত এতিয়া উজনি অসমত পথভ্ৰস্ত হৈ পৰিছে সন্দেহজনক নাগৰিক।


উল্লেখ্য যে ১৫ আগষ্টৰ পাছত প্ৰাক্তন আলফা নেতা জিতেন দত্তই পুনৰ অভিযান চলাব বুলি মন্তব্য কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ