--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি মাৰ্ঘেৰিটা সমজিলাৰ লিডুৰ মোলাং অঞ্চলৰ পৰা টালি টোপোলা বান্ধি ঘৰমূৱা হৈছে বহু অবৈধ বেদখলকাৰী ।

ডিজিটেল ডেস্কঃ উজনিত অব্যাহত আছে সন্দেহযুক্ত নাগৰিক খেদা অভিযান। সন্দেহযুক্ত নাগৰিকৰ উচ্ছেদক লৈ সক্ৰিয় হৈ পৰিছে বিভিন্ন দল সংগঠন।


আজি মাৰ্ঘেৰিটা সমজিলাৰ লিডুৰ মোলাং অঞ্চলৰ পৰা টালি টোপোলা বান্ধি ঘৰমূৱা হৈছে বহু অবৈধ বেদখলকাৰী । চৰকাৰী ভুমি বেদখল কৰি বছৰ বছৰ ধৰি বসবাস কৰা বহু সন্দেহযুক্ত নাগৰিকে আজি টালি-টোপোলা বান্ধি সাজু হৈছে মাৰ্ঘেৰিটা তথা উজনি অসম এৰিবলৈ ।


কিছুদিন পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটা আৰু লিডুৰ দাতিকাষৰীয়া অঞ্চলত বসবাস কৰা সন্দেহযুক্ত বিদেশী নাগৰিকক উজনি অসম ত্যাগ কৰিবলৈ দাবী জনাইছিল। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। লগতে প্ৰাক্তন আলফা নেতা জিতেন দত্তই মাৰ্ঘেৰিটাত উপস্থিত হৈ ১৫ আগষ্ঠৰ পূৰ্বে সন্দেহযুক্ত অবৈধ বেদখলকাৰীক উজনি অসম ত্যাগ কৰিবলৈ সকিয়াই দিছিল।


তাৰ পাছতেই এতিয়া মাৰ্ঘেৰিটা ত্যাগ কৰিছে এই সকল সন্দেহযুক্ত নাগৰিকে। একাংশই ইতিমধ্যে কম মূল্যতে পশু ধন বিক্ৰি কৰি সাজু হৈছে যাবলৈ ।আতংকত পৰি বহু লোকে ৩০-৪০ টকাৰ জাৰ্চি গৰু ১০-১৫ হাজাৰ টকাতে বিক্ৰি কৰা বুলি জানিব পৰা গৈছে ।এক কথাত দলীয় সংগঠনৰ হুংকাৰত এতিয়া উজনি অসমত পথভ্ৰস্ত হৈ পৰিছে সন্দেহজনক নাগৰিক।


উল্লেখ্য যে ১৫ আগষ্টৰ পাছত প্ৰাক্তন আলফা নেতা জিতেন দত্তই পুনৰ অভিযান চলাব বুলি মন্তব্য কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু