--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিতৌ সন্দেহজনক লোকক ৰাইজ, দল-সংগঠনে আটক কৰাৰ সময়তে দেওবাৰে তিনিচুকীয়া জিলাৰ সদৰ থানাৰ অধীনৰ লোহাৰী কছাৰী গাঁৱত এখন মাদ্রাছাক লৈ উত্তপ্ত হৈ পৰে।

ডিজিটেল ডেস্ক : যি সময়ত অসম চৰকাৰে মাদ্ৰাছা বন্ধ কৰিছে, সেই সময়ত তিনিচুকীয়া জিলাত মাদ্রাছা খুলি চলাই থকা বিষয়টোত ৰাইজ ক্ষুব্ধ হৈ পৰিছে।


নিতৌ সন্দেহজনক লোকক ৰাইজ, দল-সংগঠনে আটক কৰাৰ সময়তে দেওবাৰে তিনিচুকীয়া জিলাৰ সদৰ থানাৰ অধীনৰ লোহাৰী কছাৰী গাঁৱত এখন মাদ্রাছাক লৈ উত্তপ্ত হৈ পৰে। তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত ৰাইজৰ অজ্ঞাতে এখন মাদ্রাছা স্থাপন কৰি বিশেষ ধৰ্মৰ জ্ঞান দি আহিছিল। স্থানীয় ৰাইজ আৰু যুৱকৰ এটা দলে মাদ্ৰাছা স্থাপন কৰাৰ স্থানত উপস্থিত হৈ বন্ধ কৰাৰ দাবী জনায়।


উল্লেখযোগ্য যে নূৰ আলম নামৰ লোক এজনে মাদ্ৰাছা নিৰ্মাণ কৰি এবছৰ আগৰ পৰাই চলাই আছিল। দেওবাৰে সন্দেহ হোৱাত বিচাৰ চলে। আনহাতে, মাদ্রাছাত একেজন লোকৰ দুখনকৈ আধাৰ কাৰ্ড দেখা পাই লোকসকল সৰৱ হৈ পৰাৰ লগতে স্থানীয় আৰক্ষীক অৱগত কৰে। প্ৰথম অৱস্থাত মাদ্রাছা কর্তৃপক্ষই বিষয়টোক লৈ কিছু হোঁহকা-পিছলা কৰিছিল যদিও ৰাইজ ক্ষুব্ধ হৈ জবাবদিহি কৰে। দুই-এজন লোকে কটু বাক্য নিক্ষেপ কৰাত ৰাইজ উত্তেজিত হৈ পৰে। উত্তেজিত ৰাইজৰ ৰুদ্ৰ মূৰ্তিৰ পাছত মছজিদ কমিটীয়ে নিজেই জে চি বি আনি মাদ্রাছা ভাঙি দিয়ে। আনহাতে, মাদ্ৰাছাখন সুৰক্ষিত কৰিবলৈ বনোৱা এখন দেৱালো ভাঙি দিয়ে। স্থানীয় ৰাইজৰ অজ্ঞাতে এনে কাৰ্য কৰাৰ বাবে তীব্র সমালোচনা আৰু ককৰ্থনা কৰে। ভৱিষ্যতে স্থানীয় ৰাইজৰ অজ্ঞাতে কোনো কাম কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে। পাছত প্রশাসনৰ লোক উপস্থিত হোৱাত পৰিস্থিতিৰ শাম কাটে।


প্রণিধানযোগ্য যে বিগত কিছুদিন ধৰি তিনিচুকীয়া জিলাত সন্দেহজনক লোকৰ বিৰুদ্ধে ৰাইজ, দল-সংগঠনে অভিযান তীব্ৰতৰ কৰি তুলিছে। বহু সন্দেহজনক লোককো আটক কৰিছে। ৰাজ্যৰ বিভিন্ন প্রান্তত চলি থকা উচ্ছেদৰ পাছত উচ্ছেদিত লোক বিভিন্ন কাৰণত আহি উজনিত খোপনি পুতিব পাৰে বুলি ৰাইজে আশংকা ব্যক্ত কৰিছে। আনহাতে, ৰাইজে সজাগ-সচেতন হৈ সন্দেহজনক লোকৰ ওপৰত নজৰ ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ