--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিতৌ সন্দেহজনক লোকক ৰাইজ, দল-সংগঠনে আটক কৰাৰ সময়তে দেওবাৰে তিনিচুকীয়া জিলাৰ সদৰ থানাৰ অধীনৰ লোহাৰী কছাৰী গাঁৱত এখন মাদ্রাছাক লৈ উত্তপ্ত হৈ পৰে।

ডিজিটেল ডেস্ক : যি সময়ত অসম চৰকাৰে মাদ্ৰাছা বন্ধ কৰিছে, সেই সময়ত তিনিচুকীয়া জিলাত মাদ্রাছা খুলি চলাই থকা বিষয়টোত ৰাইজ ক্ষুব্ধ হৈ পৰিছে।


নিতৌ সন্দেহজনক লোকক ৰাইজ, দল-সংগঠনে আটক কৰাৰ সময়তে দেওবাৰে তিনিচুকীয়া জিলাৰ সদৰ থানাৰ অধীনৰ লোহাৰী কছাৰী গাঁৱত এখন মাদ্রাছাক লৈ উত্তপ্ত হৈ পৰে। তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত ৰাইজৰ অজ্ঞাতে এখন মাদ্রাছা স্থাপন কৰি বিশেষ ধৰ্মৰ জ্ঞান দি আহিছিল। স্থানীয় ৰাইজ আৰু যুৱকৰ এটা দলে মাদ্ৰাছা স্থাপন কৰাৰ স্থানত উপস্থিত হৈ বন্ধ কৰাৰ দাবী জনায়।


উল্লেখযোগ্য যে নূৰ আলম নামৰ লোক এজনে মাদ্ৰাছা নিৰ্মাণ কৰি এবছৰ আগৰ পৰাই চলাই আছিল। দেওবাৰে সন্দেহ হোৱাত বিচাৰ চলে। আনহাতে, মাদ্রাছাত একেজন লোকৰ দুখনকৈ আধাৰ কাৰ্ড দেখা পাই লোকসকল সৰৱ হৈ পৰাৰ লগতে স্থানীয় আৰক্ষীক অৱগত কৰে। প্ৰথম অৱস্থাত মাদ্রাছা কর্তৃপক্ষই বিষয়টোক লৈ কিছু হোঁহকা-পিছলা কৰিছিল যদিও ৰাইজ ক্ষুব্ধ হৈ জবাবদিহি কৰে। দুই-এজন লোকে কটু বাক্য নিক্ষেপ কৰাত ৰাইজ উত্তেজিত হৈ পৰে। উত্তেজিত ৰাইজৰ ৰুদ্ৰ মূৰ্তিৰ পাছত মছজিদ কমিটীয়ে নিজেই জে চি বি আনি মাদ্রাছা ভাঙি দিয়ে। আনহাতে, মাদ্ৰাছাখন সুৰক্ষিত কৰিবলৈ বনোৱা এখন দেৱালো ভাঙি দিয়ে। স্থানীয় ৰাইজৰ অজ্ঞাতে এনে কাৰ্য কৰাৰ বাবে তীব্র সমালোচনা আৰু ককৰ্থনা কৰে। ভৱিষ্যতে স্থানীয় ৰাইজৰ অজ্ঞাতে কোনো কাম কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে। পাছত প্রশাসনৰ লোক উপস্থিত হোৱাত পৰিস্থিতিৰ শাম কাটে।


প্রণিধানযোগ্য যে বিগত কিছুদিন ধৰি তিনিচুকীয়া জিলাত সন্দেহজনক লোকৰ বিৰুদ্ধে ৰাইজ, দল-সংগঠনে অভিযান তীব্ৰতৰ কৰি তুলিছে। বহু সন্দেহজনক লোককো আটক কৰিছে। ৰাজ্যৰ বিভিন্ন প্রান্তত চলি থকা উচ্ছেদৰ পাছত উচ্ছেদিত লোক বিভিন্ন কাৰণত আহি উজনিত খোপনি পুতিব পাৰে বুলি ৰাইজে আশংকা ব্যক্ত কৰিছে। আনহাতে, ৰাইজে সজাগ-সচেতন হৈ সন্দেহজনক লোকৰ ওপৰত নজৰ ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু