--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৮৩বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই। স্বাস্থ্য দ্ৰুত অৱনতিৰ বাবে দেওবাৰে GMCHত ভৰ্তি কৰা হৈছিল বিশিষ্ট নাট্যকাৰগৰাকীক।

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি। স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত আৰু নাই। হেমন্ত দত্ত এগৰাকী অসমীয়া নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা দত্তই এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে।অসংখ্য নাট পৰিচালনা কৰাৰ উপৰি তেওঁ উপপথ (১৯৮০) নামৰ চলচ্চিত্ৰ এখনো পৰিচালনা কৰিছিল।


ভ্ৰাম্যমানৰ নাটকক নতুন ৰূপ দিছিল হেমন্ত দত্তই। হেমন্ত দত্তৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে অসমবাসীক। GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰগৰাকীয়ে। ৮৩বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই। স্বাস্থ্য দ্ৰুত অৱনতিৰ বাবে দেওবাৰে GMCHত ভৰ্তি কৰা হৈছিল বিশিষ্ট নাট্যকাৰগৰাকীক। GMCHত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান শিল্পীগৰাকীয়ে।


বিশিষ্ট নাট্যকাৰগৰাকীয়ে ‘এটা নষ্ট ল'ৰাৰ গল্প’, ‘পথ’, ‘টাইটানিক’, ‘সেন্দূৰ’, ‘আকাশৰ দৰে মন’, ‘মুক্তি’, ‘চক্ৰবেহু’, ‘জেতুকা পাতৰ ৰং’ আদিৰ দৰে কালজয়ী সৃষ্টি কৰি থৈ গৈছে।



মই যি বাটেৰে ওলালো আজি নাহো উভতি, এই আকাশ বৰ বিশাল, সময় গতিশীল, মেজ ভৰা আউসীৰে ৰাতি,ক'তেনো আছা মোৰ কলিজাৰ আই , মই এটি মুকলি পখী , কিনো অভাগা কপাল, যৌৱন মানে পচোৱাৰ লগত অহা, নায়ক হ'ব খুজি, খলনায়ক হলি, নহ'লে পৰিচয় হিয়াৰে, গছে বনে সেউজীয়া, ল'ৰালিয়েও দেও দিয়া, মন মোৰ উৰিছে, বৰষা তুমি আহা, জিৰি জিৰি, শেৱালী পাহিয়ে কোমল মিচিকি হাঁহিয়ে, জীউ তুমি মৰমৰে মৌ, গছে বনে সেউজীয়া, বকু দূৰু দূৰু লাগে কিয় বাৰু, হিয়াৰ মৰম মুকুতা আদি গীত তেওঁৰ চিৰযুগমীয়া সৃষ্টি।


চিৰযুগমীয়া বহু গীত,নাটক, উপহাৰ দিয়া হেমন্ত দত্তই অসমৰ ভাষা-সংস্কৃতিৰ জগতখন চহকী কৰি থৈ গৈছে।


ভবেন বৰুৱা বঁটা (২০১৭), ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯), মুন লাইট মিডিয়া বঁটা, অসম নাট্য সন্মিলনী বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা, নাট্য সিন্ধু বঁটা, গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮) ৰে বিভূষিত তেওঁৰ জীৱন। হেমন্ত দত্তক অসম চৰকাৰে ২০২৪ বৰ্ষৰ অসম সৌৰভ সন্মান আগবঢ়াইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু