--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৮৩বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই। স্বাস্থ্য দ্ৰুত অৱনতিৰ বাবে দেওবাৰে GMCHত ভৰ্তি কৰা হৈছিল বিশিষ্ট নাট্যকাৰগৰাকীক।

ডিজিটেল ডেস্কঃ ৰাজ্যৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি। স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত আৰু নাই। হেমন্ত দত্ত এগৰাকী অসমীয়া নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা দত্তই এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে।অসংখ্য নাট পৰিচালনা কৰাৰ উপৰি তেওঁ উপপথ (১৯৮০) নামৰ চলচ্চিত্ৰ এখনো পৰিচালনা কৰিছিল।


ভ্ৰাম্যমানৰ নাটকক নতুন ৰূপ দিছিল হেমন্ত দত্তই। হেমন্ত দত্তৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে অসমবাসীক। GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰগৰাকীয়ে। ৮৩বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই। স্বাস্থ্য দ্ৰুত অৱনতিৰ বাবে দেওবাৰে GMCHত ভৰ্তি কৰা হৈছিল বিশিষ্ট নাট্যকাৰগৰাকীক। GMCHত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান শিল্পীগৰাকীয়ে।


বিশিষ্ট নাট্যকাৰগৰাকীয়ে ‘এটা নষ্ট ল'ৰাৰ গল্প’, ‘পথ’, ‘টাইটানিক’, ‘সেন্দূৰ’, ‘আকাশৰ দৰে মন’, ‘মুক্তি’, ‘চক্ৰবেহু’, ‘জেতুকা পাতৰ ৰং’ আদিৰ দৰে কালজয়ী সৃষ্টি কৰি থৈ গৈছে।



মই যি বাটেৰে ওলালো আজি নাহো উভতি, এই আকাশ বৰ বিশাল, সময় গতিশীল, মেজ ভৰা আউসীৰে ৰাতি,ক'তেনো আছা মোৰ কলিজাৰ আই , মই এটি মুকলি পখী , কিনো অভাগা কপাল, যৌৱন মানে পচোৱাৰ লগত অহা, নায়ক হ'ব খুজি, খলনায়ক হলি, নহ'লে পৰিচয় হিয়াৰে, গছে বনে সেউজীয়া, ল'ৰালিয়েও দেও দিয়া, মন মোৰ উৰিছে, বৰষা তুমি আহা, জিৰি জিৰি, শেৱালী পাহিয়ে কোমল মিচিকি হাঁহিয়ে, জীউ তুমি মৰমৰে মৌ, গছে বনে সেউজীয়া, বকু দূৰু দূৰু লাগে কিয় বাৰু, হিয়াৰ মৰম মুকুতা আদি গীত তেওঁৰ চিৰযুগমীয়া সৃষ্টি।


চিৰযুগমীয়া বহু গীত,নাটক, উপহাৰ দিয়া হেমন্ত দত্তই অসমৰ ভাষা-সংস্কৃতিৰ জগতখন চহকী কৰি থৈ গৈছে।


ভবেন বৰুৱা বঁটা (২০১৭), ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯), মুন লাইট মিডিয়া বঁটা, অসম নাট্য সন্মিলনী বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা, নাট্য সিন্ধু বঁটা, গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮) ৰে বিভূষিত তেওঁৰ জীৱন। হেমন্ত দত্তক অসম চৰকাৰে ২০২৪ বৰ্ষৰ অসম সৌৰভ সন্মান আগবঢ়াইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য