ডিজিটেল ডেস্ক : অসমত প্ৰতিবছৰে উৎসৱৰ দৰে অহা বানত সৰ্বসাধাৰণ লোকে হেৰুৱাবলগীয়া হৈছে কৃষিভূমি, ভেটি-মাটিৰ লগতে বহু অমূল্য সম্পদ। বাৰে বাৰে অহা বানৰ লগতে খহনীয়াই হাজাৰ হাজাৰ লোকক সর্বস্বান্ত কৰিছে।
সম্প্ৰতি ৰাজ্যখনৰ এক অন্যতম প্রধান আৰু জ্বলন্ত সমস্যাৰূপে পৰিগণিত হৈছে বান-খহনীয়াৰ সমস্যা। ইয়াৰ পাছতো কেন্দ্ৰত শাসনলৈ অহা কোনো এখন চৰকাৰে বান-খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্রহণ নকৰিলে। অথচ নিৰ্বাচনৰ সময়ত প্রতিটো ৰাজনৈতিক দলে অসমৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া হ'ব বুলি আভুৱা-ভাঁৰি আহিছে। অথচ স্বাধীনতাৰ পাছৰে পৰা অসমত চলি আহিছে এই ভয়াৱহ খহনীয়া।
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ খহনীয়াৰ তাণ্ডৱত ৰাজ্যখনৰ হাজাৰ হাজাৰ পৰিয়ালৰ ভেটি-মাটি খহাই নিছে। খহনীয়াৰ তাণ্ডৱত সৰ্বস্ব হেৰুৱাই পৰিয়ালসমূহে খাদ্য আৰু আশ্রয়স্থল বিচাৰি হাহাকাৰ কৰি আহিছে।
ব্ৰহ্মপুত্ৰ আৰু উপ-নৈসমূহৰ ৰুদ্ৰমূৰ্তিৰ কবলত পৰি গঞাৰ সপোন থানবান হৈছে। খহনীয়াপীড়িত ৰাইজে ৰাজ্যখনৰ বিভিন্ন মথাউৰি তথা চৰকাৰী মাটিত অস্থায়ীভাৱে আশ্রয় লৈ আহিছে। ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়ই গঞাক কেৱল আতংকিত কৰাই নহয়, লাখ লাখ লোকক গৃহহীন আৰু পথৰ ভিক্ষাৰী কৰিছে। গৃহহীন লোকৰ একাংশ পৰিয়ালে অসমৰ বিভিন্ন চহৰ-নগৰৰ উপৰি ৰাজধানী চহৰ দিল্লীত কাম-বন তথা দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। জানিব পৰা মতে, স্বৰাজোত্তৰ অসমৰ প্ৰায় ৪৩২খন গাঁও খহনীয়াই নিশ্চিহ্ন কৰিছে। বিগত প্রায় ৭৭ বছৰত ৰাজ্যখনৰ এই বৃহৎসংখ্যক গাঁও নৈৰ বুকুত হেৰাই যোৱাৰ ঘটনাটো দেশৰ ভিতৰতে এক ভয়াৱহ ঘটনাত পৰিণত হৈছে।
এই সময়ছোৱাত সর্বাধিক ক্ষতিগ্রস্ত জিলাখন হ'ল-মৰিগাঁও জিলা। জিলাখনত বান আৰু খহনীয়াই প্রায় ৯৩খন গাৱক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰি পেলাইছে। এই তথ্য প্রকাশ পাইছে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে অসম চৰকাৰৰ ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত। তথ্যমতে, দ্বিতীয় সর্বাধিক ক্ষতিগ্রস্তৰ তালিকাত আছে গোৱালপাৰা জিলা। জিলাখনত এতিয়ালৈকে প্রায় ৬৬খন গাঁও ব্রহ্মপুত্ৰ আৰু উপ-নৈসমূহৰ বুকুত বিলীন হৈছে। ইয়াৰে লক্ষীপুৰ ৰাজহ চক্ৰৰ ৬২খন গাঁও, মাটিয়া ৰাজহ চক্ৰৰ তিনিখন আৰু বালিজানা ৰাজহ চক্ৰৰ এখন গাঁও। ঠিক সেইদৰে বৰপেটা জিলাত প্রায় ৫৫ খন গাঁও, ধুবুৰী জিলাত প্রায় ৫০খন গাঁও, বঙাইগাঁও জিলাত তিনিখন, দক্ষিণ শালমাৰা-মানকাচৰৰ ১১খন গাঁও, কামৰূপ জিলাত প্রায় ৪৩খন গাঁও নদীৰ বুকুত নিশ্চিহ্ন হৈ গৈছে। বৰপেটা জিলাৰ বৰপেটা ৰাজহ চক্ৰৰ ৫খন, বাঘবৰ ৰাজহ চক্ৰৰ ১৫খন আৰু কলগাছিয়া ৰাজহ চক্ৰৰ ৩৪খন গাঁও সম্পূর্ণভাৱে নিশ্চিহ্ন হৈছে। নগাঁও জিলাৰ চাৰিখন, শোণিতপুৰ জিলাত প্রায় ২৮খন, তিনিচুকীয়া জিলাৰ প্ৰায় ২৩খন, ডিব্ৰুগড় জিলাৰ প্ৰায় ১৯খন, মাজুলীৰ প্ৰায় ১৫খন গাঁও বান-খহনীয়াত নদীৰ বুকুত বিলীন হৈছে।
ইফালে, ৰাজ্যখনৰ প্ৰায় ৯৭৩ খন গাঁৱক খেদি ফুৰিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহে। ইয়াৰ প্ৰথম স্থানত আছে ধুবুৰী জিলা। জিলাখনৰ প্ৰায় ১৫৯খন গাঁৱক নদীয়ে খেদি ফুৰিছে। ঠিক সেইদৰে বৰপেটা জিলাৰ প্ৰায় ১১১খন, গোৱালপাৰাৰ প্ৰায় ৮৫খন, কামৰূপ জিলাৰ প্ৰায় ১৩খন আৰু গোলাঘাট জিলাৰ প্ৰায় ৫০খন গাঁৱক ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহে খেদি ফুৰিছে। যিকোনো মুহূর্ততে এই গাঁওসমূহো নদীৰ বুকুত বিলীন হ'ব পাৰে।
উৎসঃ দৈনিক জনমভূমি