--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সাংস্কৃতিক অনুষ্ঠানত কাহিলিপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুল, বর্ষাপাৰাৰ ছাউথ পইন্ট স্কুল, আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে।

ডিজিটেল ডেস্ক : পুহমহীয়া শীতৰ সন্ধিয়াত কালি একাদশ দিনাও অসম গ্রন্থমেলা, গুৱাহাটীত গ্রন্থপ্ৰেমীৰ ব্যাপক সমাৱেশ ঘটে। সমান্তৰালভাৱে বৃদ্ধি পায় কিতাপ বিক্ৰীৰ পৰিমাণ।


যোৱা ২৪ ডিচেম্বৰৰ পৰা কালি ৩ জানুৱাৰীলৈ প্রায় ৫ কোটি ৭০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে। কালি বিয়লি অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত আয়োজন কৰা হয় এখন বহু ভাষিক কবি সম্মিলন। 


কবি, চলচ্চিত্র সমালোচক অপৰাজিতা পূজাৰীয়ে কবি সম্মিলনখন সঞ্চালনা কৰি কবিসকলৰ সৈতে অসম তথা ৰাষ্ট্ৰীয় প্রেক্ষাপটত সাম্প্রতিক কবিতা, গীত, ছবি সম্পর্কে গভীৰ আৰু ৰসপূৰ্ণ আলোচনা কৰে। বহু ভাষিক কবি সম্মিলনখনত বিশিষ্ট অতিথি হিচাপে হায়দৰাবাদৰ বিশিষ্ট কবি-লেখক ৰমেশ কার্তিক নায়কে অংশগ্ৰহণ কৰে। তেওঁ কয় যে কবিতাই হওক বা গল্প, সামগ্রিকভাবে সাহিত্য হৈছে সত্যৰ সন্ধান বা অনুসন্ধান। ব্যক্তিৰ জীৱন আৰু সমাজৰ কথা। ইয়াক অন্তঃদৃষ্টিৰে লক্ষ্য কৰিলে যি দেখা পোৱা তাতে সৃষ্টিৰ উৎস থাকে। আনহাতে, অসম গ্ৰন্থমেলাৰ সন্দৰ্ভত তেওঁ গ্রন্থক লৈ উদ্যাপিত এই উৎসৱ অভিনৱ বুলি মন্তব্য কৰে। আন এগৰাকী কবি-লেখক উত্তৰ প্ৰদেশৰ গৌৰৱ পাণ্ডেই এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি কিতাপৰ প্ৰতি আগ্ৰহ আৰু আদৰ দেখি আশ্বস্ত হোৱা বুলি মন্তব্য কৰে। 


বহু ভাষিক কবি সম্মিলনখনত ৰাজেন্দ্ৰ নাথ বৰদলৈ, নীলিমা ঠাকুৰীয়া হক, ৰাজীৱ ফুকন, জয়জিৎ ডেকা, বিজয় ৰবিদাস, সুতপা চক্ৰৱৰ্তী, দিনকৰ কুমাৰ, চার্জেন্ট ৰাভা মেগ', দ্বিজেন দাস, অন টেৰণ, মৃদুল হালৈ, সঞ্জয় চন্দ্র দাস, দীপক বৰগয়াৰী, ৱেলছিং হাঞ্চে, ৰশ্মি চৌধুৰীয়ে অংশগ্রহণ কৰে। ইয়াৰ পাছত সন্ধিয়া জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহৰ মঞ্চত এলানি মনপৰশা সাংস্কৃতিক প্রতিযোগিতা অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী বিদ্যাসাগৰে সাংস্কৃতিক প্রতিযোগিতা উদ্বোধন কৰে। সাংস্কৃতিক অনুষ্ঠানত কাহিলিপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুল, বর্ষাপাৰাৰ ছাউথ পইন্ট স্কুল, আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন