--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইপিনে খাৰিদলৰ কলহী নৈখন পাৰাপাৰৰ বাবে ৰাইজ তথা শিক্ষার্থীয়ে জমা ধন খৰচ কৰিবলগীয়া হৈছে। আনকি খাৰিদলৰ কলহী নৈত ইপাৰৰ পৰা সিপাৰলৈ বান্ধি ৰখা হৈছে এডাল দীঘল ৰছী।

ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত পকী দলং নথকাত টুলুঙা নাৱেৰে ৰাইজে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে। খাৰিদলৰ কলহী নৈত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে বছৰৰ ৩৬৫ দিনেই টুলুঙা নাৱৰ বাহিৰে যাতায়াতৰ গত্যন্তৰ নাই। 


ইপিনে খাৰিদলৰ কলহী নৈখন পাৰাপাৰৰ বাবে ৰাইজ তথা শিক্ষার্থীয়ে জমা ধন খৰচ কৰিবলগীয়া হৈছে। আনকি খাৰিদলৰ কলহী নৈত ইপাৰৰ পৰা সিপাৰলৈ বান্ধি ৰখা হৈছে এডাল দীঘল ৰছী। ৰছীডালৰ লগত টুলুঙা নাৱৰ সৈতে ৰছী বান্ধি দিয়া হৈছে। যাতে পানীৰ সোঁতে টুলুঙা নাওখন উটুৱাই নিব নোৱাৰে। সৰু টুলুঙা নাৱত নাথাকে কোনো নাৱৰীয়া। নাৱত যাতায়াত কৰা লোকে নিজেই ৰছীডাল টানি বিপদসংকুলভাৱে কলহী নৈ পাৰাপাৰ হ'ব লাগে। নৈত ৰছী টানি টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত অব্যাহত ৰখাৰ ফলত শিক্ষার্থীসকলে সময়মতে শিক্ষানুষ্ঠান গৈ নাপায়। তদুপৰি খাৰিদলৰ কলহী নৈত দলং নথকাত স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনি এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হ'বলগা হৈছে প্রসূতি মাতৃ তথা মুমূর্ষু ৰোগীয়ে। ফলত প্রসূতি, মুমূর্ষু ৰোগীক লৈ সমস্যাত পৰিবলগা হৈছে। আনহাতে, নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে দুর্গম অঞ্চলৰ উন্নয়নৰ কথা কয় যদিও পিছমুহূৰ্ততে পাহৰি যায় অনগ্ৰসৰ খাৰিদল, ১নং জামবাৰী পথাৰ, পাছগুমী আদি সংখ্যালঘু বসতিপ্রধান অঞ্চলৰ উন্নয়নৰ কথা।


কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ জৰিয়তে গ্রামাঞ্চলৰ আন্তঃগাঁথনি তথা ঠাইবিশেষে পকী দলং নিৰ্মাণ কৰাৰ বাবে কোটি কোটি টকা আবণ্টন দি আহিছে যদিও কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল খাৰিদলৰ কলহী নৈৰ ওপৰত আজিও ৰহস্যজনক কাৰণত এখন স্থায়ী দলং নিৰ্মাণ নহ'ল। সেয়েহে উক্ত ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।




উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী