--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জানিব পৰা মতে টীয়ক চাহ বাগিছাৰ সন্ধিয়া মুড়া নামৰ এগৰাকী ২১ বছৰীয়া যুৱতীক ইষ্টাগ্ৰামত চিনাকী হৈ বিকি হুচেইন নামৰ এজন সন্দেহযুক্ত যুৱকে বিভিন্ন প্ৰলোভনেৰে পলোৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে।

ডিজিটেল ডেস্কঃ হিন্দু আৰু মিঞা মুছলমানৰ মাজত ৰাজ্যত চলি থকা বিভিন্ন বিষয়ৰ মাজতে টীয়কত সংঘটিত হোৱা এক যুৱতী নিৰুদ্দেশৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


জানিব পৰা মতে টীয়ক চাহ বাগিছাৰ সন্ধিয়া মুড়া নামৰ এগৰাকী ২১ বছৰীয়া যুৱতীক ইষ্টাগ্ৰামত চিনাকী হৈ বিকি হুচেইন নামৰ এজন সন্দেহযুক্ত যুৱকে বিভিন্ন প্ৰলোভনেৰে পলোৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে।


পৰিয়ালৰ লোকে জনোৱা মতে বিকি হুচেইন নামৰ যুৱকজনৰ সৈতে কেৱল তেওঁলোকে সামাজিক মাধ্যমত ফটো দেখিহে বিষয়টো অৱগত হৈছে,পূৰ্বে কোনো যুৱকক তেওঁলোকে প্ৰত্যক্ষ কৰা নাই।ইতিমধ্যে পৰিয়ালৰ লোক টীয়ক আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে।


ইপিনে বাগিচা অঞ্চলৰ যুৱতীক বিভিন্ন প্ৰলোভন দি এইদৰে প্ৰেমৰ জালত পেলাই পলোৱাই নিয়াৰ ঘটনাক অপহৰণৰ ঘটনা বুলি অভিহিত কৰি অনতি পলমে যুৱতীগৰাকী উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে আটছাৰ লগতে হিন্দু জাগৰণ মঞ্চ টীয়ক সমিতিয়ে আৰু এই ঘটনাক লভ জেহাদ আখ্যা দি আগলৈ যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাইজ তথা আৰক্ষী প্ৰশাসনক সজাগ হ'বলৈ আহ্বান জনাইছে।


অৱশ্যে বিশেষ সুত্ৰে জানিব পৰা মতে যুৱতীগৰাকীক সন্দেহজনক হুছেইন উপাধিৰ যুৱকজনে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰি পলায়ন কৰিছে।আনহাতে যুৱতীগৰাকীৰ দৃষ্টিশক্তি কম হোৱাৰ হেতুকে এইদৰে মাজবাটতে এৰি যুৱকজন পলায়ন কৰিছে বুলিও সন্দেহ কৰিছে স্থানীয় সচেতন মহলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ