--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জানিব পৰা মতে টীয়ক চাহ বাগিছাৰ সন্ধিয়া মুড়া নামৰ এগৰাকী ২১ বছৰীয়া যুৱতীক ইষ্টাগ্ৰামত চিনাকী হৈ বিকি হুচেইন নামৰ এজন সন্দেহযুক্ত যুৱকে বিভিন্ন প্ৰলোভনেৰে পলোৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে।

ডিজিটেল ডেস্কঃ হিন্দু আৰু মিঞা মুছলমানৰ মাজত ৰাজ্যত চলি থকা বিভিন্ন বিষয়ৰ মাজতে টীয়কত সংঘটিত হোৱা এক যুৱতী নিৰুদ্দেশৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


জানিব পৰা মতে টীয়ক চাহ বাগিছাৰ সন্ধিয়া মুড়া নামৰ এগৰাকী ২১ বছৰীয়া যুৱতীক ইষ্টাগ্ৰামত চিনাকী হৈ বিকি হুচেইন নামৰ এজন সন্দেহযুক্ত যুৱকে বিভিন্ন প্ৰলোভনেৰে পলোৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে।


পৰিয়ালৰ লোকে জনোৱা মতে বিকি হুচেইন নামৰ যুৱকজনৰ সৈতে কেৱল তেওঁলোকে সামাজিক মাধ্যমত ফটো দেখিহে বিষয়টো অৱগত হৈছে,পূৰ্বে কোনো যুৱকক তেওঁলোকে প্ৰত্যক্ষ কৰা নাই।ইতিমধ্যে পৰিয়ালৰ লোক টীয়ক আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে।


ইপিনে বাগিচা অঞ্চলৰ যুৱতীক বিভিন্ন প্ৰলোভন দি এইদৰে প্ৰেমৰ জালত পেলাই পলোৱাই নিয়াৰ ঘটনাক অপহৰণৰ ঘটনা বুলি অভিহিত কৰি অনতি পলমে যুৱতীগৰাকী উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে আটছাৰ লগতে হিন্দু জাগৰণ মঞ্চ টীয়ক সমিতিয়ে আৰু এই ঘটনাক লভ জেহাদ আখ্যা দি আগলৈ যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাইজ তথা আৰক্ষী প্ৰশাসনক সজাগ হ'বলৈ আহ্বান জনাইছে।


অৱশ্যে বিশেষ সুত্ৰে জানিব পৰা মতে যুৱতীগৰাকীক সন্দেহজনক হুছেইন উপাধিৰ যুৱকজনে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰি পলায়ন কৰিছে।আনহাতে যুৱতীগৰাকীৰ দৃষ্টিশক্তি কম হোৱাৰ হেতুকে এইদৰে মাজবাটতে এৰি যুৱকজন পলায়ন কৰিছে বুলিও সন্দেহ কৰিছে স্থানীয় সচেতন মহলে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য