--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ চৰকাৰ প্রশাসনে ধনী-দুখীয়াৰ মাজৰ এই বৈসাদৃশ্য আঁতৰাবলৈ বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। তাৰেই ফল হিচাপে বস্তিমুক্ত হোৱাৰ পথত আগবাঢ়িছে গুজৰাটৰ ছুৰাট নগৰী।

ডিজিটেল ডেস্ক: ভাৰতৰ প্রথমখন 'বস্তিমুক্ত' নগৰাঞ্চল হিচাপে খ্যাতি অর্জনৰ দিশে আগবাঢ়িছে 'ডায়মণ্ড চিটি' হিচাপে জনাজাত ছুৰাটে। দেশৰ নগৰ-চহৰসমূহত যিদৰে এফালে গগনচুম্বী অট্টালিকা, বিশাল বিশাল শ্বপিং মল আছে, ঠিক সেইদৰে বহু বস্তিও আছে, য'ত দৰিদ্রতাৰ গ্ৰাসত পৰা এখন সমাজ বাস কৰে। 


দেশৰ চৰকাৰ প্রশাসনে ধনী-দুখীয়াৰ মাজৰ এই বৈসাদৃশ্য আঁতৰাবলৈ বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। তাৰেই ফল হিচাপে বস্তিমুক্ত হোৱাৰ পথত আগবাঢ়িছে গুজৰাটৰ ছুৰাট নগৰী। ছুৰাট পৌৰ নিগমে প্রধানমন্ত্রী আৱাস যোজনা আৰু ৰাজ্যিক গৃহ নির্মাণ নীতিৰ জৰিয়তে নগৰখনৰ বস্তিৰ লোকসকলক স্থায়ী ঘৰ দিয়াৰ বাবে ইতিমধ্যেই আঁচনি ৰূপায়ণ কৰিছে। 


পৌৰ নিগমে নিগমৰ অধীনস্থ অঞ্চলৰ প্রতিজন লোকেই যাতে ৰ'দ-বৰষুণত সমস্যা নোহোৱাকৈ এটা ভাল ঘৰত থাকিব পাৰে, তাৰ ব্যৱস্থা কৰাৰ বাবে বস্তি অঞ্চলত বহু মহলীয়া এপার্টমেন্ট নির্মাণ কৰি দিছে। এই এপার্টমেন্টত নিম্ন আয় আৰু মধ্যম আয়ৰ যিকোনো লোক সুন্দৰভাৱে থাকিব পাৰিব বুলি পৌৰ নিগমৰ সূত্রই প্রকাশ কৰে। এনে নিম্ন আয়ৰ বহু লোকে বস্তিৰ ঘৰ এৰি ইতিমধ্যেই ফ্লেটত আশ্রয় লৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ