--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ চৰকাৰ প্রশাসনে ধনী-দুখীয়াৰ মাজৰ এই বৈসাদৃশ্য আঁতৰাবলৈ বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। তাৰেই ফল হিচাপে বস্তিমুক্ত হোৱাৰ পথত আগবাঢ়িছে গুজৰাটৰ ছুৰাট নগৰী।

ডিজিটেল ডেস্ক: ভাৰতৰ প্রথমখন 'বস্তিমুক্ত' নগৰাঞ্চল হিচাপে খ্যাতি অর্জনৰ দিশে আগবাঢ়িছে 'ডায়মণ্ড চিটি' হিচাপে জনাজাত ছুৰাটে। দেশৰ নগৰ-চহৰসমূহত যিদৰে এফালে গগনচুম্বী অট্টালিকা, বিশাল বিশাল শ্বপিং মল আছে, ঠিক সেইদৰে বহু বস্তিও আছে, য'ত দৰিদ্রতাৰ গ্ৰাসত পৰা এখন সমাজ বাস কৰে। 


দেশৰ চৰকাৰ প্রশাসনে ধনী-দুখীয়াৰ মাজৰ এই বৈসাদৃশ্য আঁতৰাবলৈ বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। তাৰেই ফল হিচাপে বস্তিমুক্ত হোৱাৰ পথত আগবাঢ়িছে গুজৰাটৰ ছুৰাট নগৰী। ছুৰাট পৌৰ নিগমে প্রধানমন্ত্রী আৱাস যোজনা আৰু ৰাজ্যিক গৃহ নির্মাণ নীতিৰ জৰিয়তে নগৰখনৰ বস্তিৰ লোকসকলক স্থায়ী ঘৰ দিয়াৰ বাবে ইতিমধ্যেই আঁচনি ৰূপায়ণ কৰিছে। 


পৌৰ নিগমে নিগমৰ অধীনস্থ অঞ্চলৰ প্রতিজন লোকেই যাতে ৰ'দ-বৰষুণত সমস্যা নোহোৱাকৈ এটা ভাল ঘৰত থাকিব পাৰে, তাৰ ব্যৱস্থা কৰাৰ বাবে বস্তি অঞ্চলত বহু মহলীয়া এপার্টমেন্ট নির্মাণ কৰি দিছে। এই এপার্টমেন্টত নিম্ন আয় আৰু মধ্যম আয়ৰ যিকোনো লোক সুন্দৰভাৱে থাকিব পাৰিব বুলি পৌৰ নিগমৰ সূত্রই প্রকাশ কৰে। এনে নিম্ন আয়ৰ বহু লোকে বস্তিৰ ঘৰ এৰি ইতিমধ্যেই ফ্লেটত আশ্রয় লৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু