--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অমিত শ্বাহে নতুন দিল্লীত এখন গ্রন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়।

ডিজিটেল ডেস্কঃ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে অতি সোনকালে এনেকুৱা এটা সময় আহিব, তেতিয়া দেশৰ লোকে ইংৰাজী ভাষা ক'বলৈ লাজ অনুভৱ কৰিব। অমিত শ্বাহে নতুন দিল্লীত এখন গ্রন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়।


শ্বাহে কয় যে যিসকলে ভাৰতীয় ভাষাসমূহ ক'বলৈ ইচ্ছা নকৰে, তেওঁলোক সম্পূর্ণ ভাৰতীয় নহয়। 'বিদেশী ভাষা'ৰ জৰিয়তে ভাৰতক বুজিব নোৱাৰি বুলি শ্বাহে মন্তব্য কৰে। তেওঁ কয় যে আমাৰ দেশৰ ভাষাসমূহ আমাৰ সংস্কৃতিৰ অলংকাৰ। আমাৰ ভাষাসমূহৰ অবিহনে আমি সম্পূর্ণ ভাৰতীয় নহওঁ। আই এ এছ বিষয়া আশুতোষ অগ্নিহোত্রিয়ে ৰচনা কৰা এখন গ্রন্থ উন্মোচন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ভাৰতীয় ভাষাসমূহৰ বিষয়ত এইদৰে কয়।


ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ইৰাংজী ভাষাৰ বিষয়ত দিয়া মন্তব্যৰ পাছতে শুকুৰবাৰে লোক সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কয় যে ইংৰাজী ভাষা জনাটো লাজৰ কথা নহয়, ইয়ে শক্তিহে প্ৰদান কৰে। ৰাহুলে কয় যে ইংৰাজী ভাষাই এজন লোকক সবলীকৰণ কৰে। ইৰাজী ভাষা জনাটো লজ্জাজনক নহয় আৰু এইটো সকলো শিশুকে শিকোৱা উচিত। আৰ এছ এছ আৰু বিজেপিয়ে গৰিব শিশুসকলে ইংৰাজী শিকাটো নিবিচাৰে। সেই শিশুসকলে যাতে তেওঁলোকক প্রশ্ন সুধিব নোৱাৰে, সেইবাবেই এই শিশুসকলে ইংৰাজী শিকাটো নিবিচাৰে আৰ এছ এছ-বিজেপিয়ে। ইংৰাজী হৈছে আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ সৈতে যোগাযোগৰ ভাষা, ৰাহুলে মন্তব্য কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক