--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অমিত শ্বাহে নতুন দিল্লীত এখন গ্রন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়।

ডিজিটেল ডেস্কঃ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে অতি সোনকালে এনেকুৱা এটা সময় আহিব, তেতিয়া দেশৰ লোকে ইংৰাজী ভাষা ক'বলৈ লাজ অনুভৱ কৰিব। অমিত শ্বাহে নতুন দিল্লীত এখন গ্রন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়।


শ্বাহে কয় যে যিসকলে ভাৰতীয় ভাষাসমূহ ক'বলৈ ইচ্ছা নকৰে, তেওঁলোক সম্পূর্ণ ভাৰতীয় নহয়। 'বিদেশী ভাষা'ৰ জৰিয়তে ভাৰতক বুজিব নোৱাৰি বুলি শ্বাহে মন্তব্য কৰে। তেওঁ কয় যে আমাৰ দেশৰ ভাষাসমূহ আমাৰ সংস্কৃতিৰ অলংকাৰ। আমাৰ ভাষাসমূহৰ অবিহনে আমি সম্পূর্ণ ভাৰতীয় নহওঁ। আই এ এছ বিষয়া আশুতোষ অগ্নিহোত্রিয়ে ৰচনা কৰা এখন গ্রন্থ উন্মোচন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ভাৰতীয় ভাষাসমূহৰ বিষয়ত এইদৰে কয়।


ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ইৰাংজী ভাষাৰ বিষয়ত দিয়া মন্তব্যৰ পাছতে শুকুৰবাৰে লোক সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কয় যে ইংৰাজী ভাষা জনাটো লাজৰ কথা নহয়, ইয়ে শক্তিহে প্ৰদান কৰে। ৰাহুলে কয় যে ইংৰাজী ভাষাই এজন লোকক সবলীকৰণ কৰে। ইৰাজী ভাষা জনাটো লজ্জাজনক নহয় আৰু এইটো সকলো শিশুকে শিকোৱা উচিত। আৰ এছ এছ আৰু বিজেপিয়ে গৰিব শিশুসকলে ইংৰাজী শিকাটো নিবিচাৰে। সেই শিশুসকলে যাতে তেওঁলোকক প্রশ্ন সুধিব নোৱাৰে, সেইবাবেই এই শিশুসকলে ইংৰাজী শিকাটো নিবিচাৰে আৰ এছ এছ-বিজেপিয়ে। ইংৰাজী হৈছে আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ সৈতে যোগাযোগৰ ভাষা, ৰাহুলে মন্তব্য কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ