--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাকিস্তানক পুনৰ সতর্কবাণী দি প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ভাৰতৰ ভূমিত ভৱিষ্যতে যিকোনো সন্ত্রাসবাদীৰ আক্ৰমণৰ বাবে পাকিস্তানে পৰিণাম ভুগিব লাগিব।

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে 'অপাৰেশ্যন সিন্দূৰ'ৰ এতিয়াও অন্ত পৰা নাই। পাকিস্তানক পুনৰ সতর্কবাণী দি প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ভাৰতৰ ভূমিত ভৱিষ্যতে যিকোনো সন্ত্রাসবাদীৰ আক্ৰমণৰ বাবে পাকিস্তানে পৰিণাম ভুগিব লাগিব।


সন্ত্রাসবাদৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল'বলৈ ভাৰত প্ৰস্তুত বুলি ৰাজনাথ সিঙে মন্তব্য কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ভাৰতীয় সেনাৰ উধমপুৰস্থিত নর্ডার্ন কমাণ্ডত আয়োজিত অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীজনে এই মন্তব্য কৰে।


কেন্দ্ৰীয় মন্ত্রী সিঙে কয় যে ভাৰতৰ বিৰুদ্ধে চলোৱা পাকিস্তানৰ অশুভ নীতিক 'অপাৰেশ্যন সিন্দূৰ'ৰ জৰিয়তে বিফল কৰা হ'ল। 'অপাৰেশ্যন সিন্দূৰ'ৰ অন্ত পৰা নাই। আমি পাকিস্তানক সকীয়াই দিব বিচাৰিছোঁ যে যদি পাকিস্তানে সন্ত্রাসবাদীক সমর্থন কৰাটো বাহাল ৰাখে, তেনেহ'লে দেশখনে ইয়াৰ পৰিণাম ভুগিব লাগিব, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে পাকিস্তানক হুংকাৰ দিয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক