--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অপাৰেশ্যন সিন্দূৰৰ পিছৰ পৰাই এই বিশেষ পদক্ষেপৰ বাবে চিন্তা চৰ্চা কৰা হৈছিল । কাৰণ অপাৰেশ্যন সিন্দূৰৰ সময়ত পাক সেনাই তুৰ্কী আৰু চীনা ড্ৰোন ব্যৱহাৰ কৰি ভাৰতীয় সেনা আৰু বায়ু সেনাৰ ঘাটিসমূহত আক্ৰমণ কৰিছিল।

ডিজিটেল ডেস্ক: ভাৰতীয় সেনাই চীন আৰু পাকিস্তানৰ সীমা নিৰীক্ষণৰ বাবে হাতত লৈছে বিশেষ ব্যৱস্থা। দুয়োখন দেশৰ সীমান্তৰ কম উচ্চতাৰ আকাশমাৰ্গৰ দিশত স্থাপন কৰা হ’ব এয়াৰ কমাণ্ড চেণ্টাৰ। ৩৫ কিলোমিটাৰ ভূমি দূৰত্ব আৰু ৩ কিলোমিটাৰ আকাশ মাৰ্গৰ উচ্চতালৈকে সকলো ধৰণৰ বস্তু বিশেষকৈ শত্ৰু পক্ষৰ ড্ৰোনৰ পৰা নিৰাপত্তাৰ বাবে এই বিশেষ ব্যৱস্থা সেনাৰ।


অপাৰেশ্যন সিন্দূৰৰ পিছৰ পৰাই এই বিশেষ পদক্ষেপৰ বাবে চিন্তা চৰ্চা কৰা হৈছিল । কাৰণ অপাৰেশ্যন সিন্দূৰৰ সময়ত পাক সেনাই তুৰ্কী আৰু চীনা ড্ৰোন ব্যৱহাৰ কৰি ভাৰতীয় সেনা আৰু বায়ু সেনাৰ ঘাটিসমূহত আক্ৰমণ কৰিছিল।


সীমান্তত সংস্থাপন কৰা এয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰৰ জৰিয়তে কেৱল নিৰীক্ষণেই নহয় সেই ড্ৰোনসমূহ নিষ্ক্ৰিয় কৰাটো সক্ষম হ'ব । বৰ্তমান এই ৩৫×৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ড্ৰোন আৰু ড্ৰোন বিৰোধী কাৰ্য্যকলাপৰ ৯৭ শতাংশ সেনাই চম্ভালি আছে। এই পৰিকল্পনাৰ অধীনত পশ্চিম থিয়েটাৰত ১০ হাজাৰ ড্ৰ’ন চলোৱাৰ ক্ষমতা বিকশিত কৰা হৈছে, আনহাতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত ২০ হাজাৰৰো অধিক ড্ৰ’ন নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে । সেনাই দুটা ৰকেট ফৰ্চ ইউনিট, দুটা ৰুদ্ৰ ব্ৰিগেড, আৰু ২১টা ভৈৰৱ বেটেলিয়ন মোতায়েন কৰিছে। ভাৰতীয় আৰ্টিলাৰীৰ ৰেঞ্জ ১৫০ কিলোমিটাৰৰ পৰা ১০০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে।


আঞ্চলিক কৰ্পছৰ কমাণ্ডাৰসকলে ভাৰতীয় বায়ুসেনাৰ কমাণ্ডাৰৰ সৈতে সমন্বয় সাধন কৰি আছে। ভৈৰৱ বেটেলিয়নে শত্ৰুৰ ভূখণ্ডৰ গভীৰতাত কৌশলগত আক্ৰমণৰ বাবে বিশেষ বাহিনীক সশস্ত্ৰ ড্ৰোন আৰু অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰাৰ বিপৰীতে এই বেটেলিয়নসমূহক সীমান্তত কৌশলগত ভূমিকা গ্ৰহণৰ বাবে নিয়োগ কৰা হ’ব। ২০২০ চনৰ গালৱান সংঘৰ্ষ আৰু তাৰ পিছত চীন আৰু পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকাশ কৰিছে এই কথা।


শত্ৰুৰ ড্ৰ’নৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকিৰ প্ৰতি সঁহাৰি জনাই এই নিৰীক্ষণৰ ব্যৱস্থাটো কৌশলগত পৰিৱৰ্তনৰ অংশ। চীনে এল এ চিৰ কাষেৰে ৰকেট ৰেজিমেণ্ট নিয়োগ কৰিছে, আনহাতে পাকিস্তানে অপাৰেশ্যন সেন্দুৰত ফাটাহ-১ আৰু ২ ৰকেট ব্যৱহাৰ কৰিছিল আৰু তাৰ পিছত সশস্ত্ৰ ড্ৰ’ন, ৰাডাৰ, আৰু মিছাইল লাভ কৰিছে। ভাৰতীয় সেনাৰ এই পদক্ষেপৰ লক্ষ্য হৈছে সীমান্তত চোৰাংচোৱাগিৰি, সঁহাৰি, আৰু প্ৰতিৰক্ষামূলক ক্ষমতা শক্তিশালী কৰা, উত্তৰ আৰু পশ্চিম ফ্ৰণ্টত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা। ভাৰত ভূমিৰ নিৰাপত্তাৰ বাবে এই পদক্ষেপ যথেষ্ট লাভজনক আৰু সুৰক্ষামূলক বুলি অভিহিত কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ