--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উল্লেখযোগ্য যে ভাৰতৰ দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ বজাৰত আমেৰিকাৰ প্ৰৱেশক লৈ দুয়ো দেশৰ মাজত মত-পার্থক্যৰ সৃষ্টি হোৱাৰ ফলত বাণিজ্য চুক্তিত অচলাৱস্থাৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক : ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক চুক্তি চূড়ান্ত পৰ্যায়ত আছে আৰু অচিৰেই দুয়োখন দেশে এই চুক্তিত স্বাক্ষৰ কৰিব। এই কথা প্রকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। দক্ষিণ এছিয়াত কৰা ভ্ৰমণৰ অন্তিম পৰ্যায়ত ট্রাম্প দক্ষিণ কোৰিয়াত উপস্থিত হয়। উল্লেখযোগ্য যে এই চুক্তিক লৈ কেইবামাহো ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছে।


আলোচনাত ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধ আৰু ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাক লৈ সৃষ্টি হোৱা বিতর্ক তথা শুল্ক বিবাদৰ বিষয়েও স্থান পায়। ট্রাম্পক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা পোৱা যায়। তেওঁ কয়, 'যদি আপুনি ভাৰত আৰু পাকিস্তানলৈ চায়, মই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি মোৰ অন্তৰত যথেষ্ট সন্মান আৰু স্নেহ আছে। আমাৰ মাজত অতি ভাল সম্বন্ধ আছে। প্রধানমন্ত্রী মোদী দেখিবলৈও অতি সুন্দৰ। তেওঁ এজন মহান ব্যক্তি, তেওঁ যথেষ্ট কঠোৰ।'


উল্লেখযোগ্য যে ভাৰতৰ দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ বজাৰত আমেৰিকাৰ প্ৰৱেশক লৈ দুয়ো দেশৰ মাজত মত-পার্থক্যৰ সৃষ্টি হোৱাৰ ফলত বাণিজ্য চুক্তিত অচলাৱস্থাৰ সৃষ্টি হয়। ইয়াৰ লগতে ভাৰতে ৰাছিয়াৰ পাৰ খাৰুৱা তেল ক্ৰয় হ্রাস কৰিবলৈ সন্মতি জনালে আমেৰিকাই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক ৫০%ৰ পৰা ১৬%লৈ হ্রাস কৰিবলৈও সন্মতি জনাব। দক্ষিণ কোৰিয়াত কৰা ভ্ৰমণৰ সময়ত ট্রাম্পে প্রধানমন্ত্রী মোদীক প্রশংসা কৰাত অকণো ত্রুটি নকৰিলে।


তেওঁ কয়, 'মই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ আগবাঢ়িছোঁ।' ৰাষ্ট্ৰপতি ট্রাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু ফিল্ড মার্শাল আছিম মুনিৰৰ বিষয়েও উল্লেখ কৰে। ট্রাম্পে কয় যে দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ সময়ত তেওঁ যুদ্ধ-বিৰতিৰ বাবে চাপৰ সৃষ্টি কৰিছিল। তেওঁ ভাৰত আৰু পাকিস্তান পাৰমাণৱিক অস্ত্র সম্পন্ন দেশ বুলিও উল্লেখ কৰে আৰু কয় যে যুদ্ধত একেবাৰে নতুন সাতখন বিমান ধ্বংস হৈছিল।


উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত বছৰি ১২৫০০ কোটি ডলাৰৰ ব্যৱসায় হয়। ইয়াৰ ভিতৰত ভাৰতে আমেৰিকাৰ পৰা প্ৰায় ৪০০০ কোটি টকাৰ সামগ্রী আমদানি কৰে আৰু আমেৰিকালৈ ৮০০০-৮৫০০ কোটি ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে। আন কথাত আমেৰিকাৰ বাণিজ্যিক ঘাটি হৈ আছে। এই ঘাটি পূৰণৰ কাৰণে ট্রাম্প প্রশাসনে বাণিজ্যিক চুক্তিৰ বাবে ভাৰতক হেঁচা দি আছে।


ইফালে নতুন দিল্লীৰ পৰা পোৱা বাতৰি মতে, কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানিকাৰীসকলক ৰেহাই দিয়া কৰ আৰু শুল্কৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে দুখন আঁচনি ক্রমে আৰ অ'ডিটিই পি আৰু আৰ অ' এছ চি টি এলৰ অধীনত অধিসূচিত দৰৰ সমীক্ষা কৰাৰ বাবে প্ৰাক্তন সচিব নীৰজ কুমাৰ গুপ্তাৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু