--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উল্লেখযোগ্য যে ভাৰতৰ দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ বজাৰত আমেৰিকাৰ প্ৰৱেশক লৈ দুয়ো দেশৰ মাজত মত-পার্থক্যৰ সৃষ্টি হোৱাৰ ফলত বাণিজ্য চুক্তিত অচলাৱস্থাৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক : ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক চুক্তি চূড়ান্ত পৰ্যায়ত আছে আৰু অচিৰেই দুয়োখন দেশে এই চুক্তিত স্বাক্ষৰ কৰিব। এই কথা প্রকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। দক্ষিণ এছিয়াত কৰা ভ্ৰমণৰ অন্তিম পৰ্যায়ত ট্রাম্প দক্ষিণ কোৰিয়াত উপস্থিত হয়। উল্লেখযোগ্য যে এই চুক্তিক লৈ কেইবামাহো ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছে।


আলোচনাত ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধ আৰু ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাক লৈ সৃষ্টি হোৱা বিতর্ক তথা শুল্ক বিবাদৰ বিষয়েও স্থান পায়। ট্রাম্পক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা পোৱা যায়। তেওঁ কয়, 'যদি আপুনি ভাৰত আৰু পাকিস্তানলৈ চায়, মই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ আগবাঢ়িছোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি মোৰ অন্তৰত যথেষ্ট সন্মান আৰু স্নেহ আছে। আমাৰ মাজত অতি ভাল সম্বন্ধ আছে। প্রধানমন্ত্রী মোদী দেখিবলৈও অতি সুন্দৰ। তেওঁ এজন মহান ব্যক্তি, তেওঁ যথেষ্ট কঠোৰ।'


উল্লেখযোগ্য যে ভাৰতৰ দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ বজাৰত আমেৰিকাৰ প্ৰৱেশক লৈ দুয়ো দেশৰ মাজত মত-পার্থক্যৰ সৃষ্টি হোৱাৰ ফলত বাণিজ্য চুক্তিত অচলাৱস্থাৰ সৃষ্টি হয়। ইয়াৰ লগতে ভাৰতে ৰাছিয়াৰ পাৰ খাৰুৱা তেল ক্ৰয় হ্রাস কৰিবলৈ সন্মতি জনালে আমেৰিকাই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক ৫০%ৰ পৰা ১৬%লৈ হ্রাস কৰিবলৈও সন্মতি জনাব। দক্ষিণ কোৰিয়াত কৰা ভ্ৰমণৰ সময়ত ট্রাম্পে প্রধানমন্ত্রী মোদীক প্রশংসা কৰাত অকণো ত্রুটি নকৰিলে।


তেওঁ কয়, 'মই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ আগবাঢ়িছোঁ।' ৰাষ্ট্ৰপতি ট্রাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু ফিল্ড মার্শাল আছিম মুনিৰৰ বিষয়েও উল্লেখ কৰে। ট্রাম্পে কয় যে দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ সময়ত তেওঁ যুদ্ধ-বিৰতিৰ বাবে চাপৰ সৃষ্টি কৰিছিল। তেওঁ ভাৰত আৰু পাকিস্তান পাৰমাণৱিক অস্ত্র সম্পন্ন দেশ বুলিও উল্লেখ কৰে আৰু কয় যে যুদ্ধত একেবাৰে নতুন সাতখন বিমান ধ্বংস হৈছিল।


উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত বছৰি ১২৫০০ কোটি ডলাৰৰ ব্যৱসায় হয়। ইয়াৰ ভিতৰত ভাৰতে আমেৰিকাৰ পৰা প্ৰায় ৪০০০ কোটি টকাৰ সামগ্রী আমদানি কৰে আৰু আমেৰিকালৈ ৮০০০-৮৫০০ কোটি ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে। আন কথাত আমেৰিকাৰ বাণিজ্যিক ঘাটি হৈ আছে। এই ঘাটি পূৰণৰ কাৰণে ট্রাম্প প্রশাসনে বাণিজ্যিক চুক্তিৰ বাবে ভাৰতক হেঁচা দি আছে।


ইফালে নতুন দিল্লীৰ পৰা পোৱা বাতৰি মতে, কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানিকাৰীসকলক ৰেহাই দিয়া কৰ আৰু শুল্কৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে দুখন আঁচনি ক্রমে আৰ অ'ডিটিই পি আৰু আৰ অ' এছ চি টি এলৰ অধীনত অধিসূচিত দৰৰ সমীক্ষা কৰাৰ বাবে প্ৰাক্তন সচিব নীৰজ কুমাৰ গুপ্তাৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ