--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমৰ প্ৰতিটো ছবিগৃহত কেৱল 'ৰৈ ৰৈ বিনালে'। যিসময়ত বাহুবলী ছবিখনে বক্স অফিচত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল তেনে সময়ত আজি নতুনকৈ মুক্তি লাভ কৰা বাহুবলী ৩ক পিছ পেলালে অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে'ই।

ডিজিটেল ডেস্ক : সৰ্বকালৰ অভিলেখ ভংগ কৰি আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'। জুবিনবিহীন জুবিন গাৰ্গৰ অন্তিমখন ছবি উপভোগ কৰিলে ৰাজ্য তথা দেশবাসীয়ে।


আজি পুৱা ৪-২৫ বজাত প্ৰথম দৰ্শনী উপভোগ কৰিলে দৰ্শকে। দেশৰ ছবি জগতৰ ইতিহাসত সম্ভৱতঃ বিৰল, য’ত পুৱতি নিশা এখন ছবিয়ে মুক্তি লাভ কৰিছে। ছবিখন উপভোগ কৰি ছবিগৃহতে কান্দোনত ভাগি পৰিল একাংশ দৰ্শক। তাৰ সমান্তৰালকৈ আজি মুক্তি লাভ কৰিছিল বাহুবলী ৩। কিন্তু অসমত কেৱল চলি আছে জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে'। অসমত বাহুবলী ৩ৰ নাই এটাও দৰ্শনী।


অসমৰ প্ৰতিটো ছবিগৃহত কেৱল 'ৰৈ ৰৈ বিনালে'। যিসময়ত বাহুবলী ছবিখনে বক্স অফিচত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল তেনে সময়ত আজি নতুনকৈ মুক্তি লাভ কৰা বাহুবলী ৩ক পিছ পেলালে অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে'ই। ভাৰতৰ ছবিগৃহসমূহটো একান্তভাৱে চলি থাকিল 'ৰৈ ৰৈ বিনালে'। অসমত তথা ভাৰত সকলোতে আজিৰে পৰা অহৰহ চলিব 'ৰৈ ৰৈ বিনালে'।


উল্লেখযোগ্য যে জুবিন গাৰ্গ বিহীন আজিৰ অসমখন বহুত দুখত আছে। জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ কোনো কালে পূৰণ নহ’ব। জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবিজগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল। তেনে এগৰাকী মহান ব্যক্তিৰ অকাল বিয়োগত আজিও মৰ্মাহত ৰাজ্যবাসী।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ