--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমৰ প্ৰতিটো ছবিগৃহত কেৱল 'ৰৈ ৰৈ বিনালে'। যিসময়ত বাহুবলী ছবিখনে বক্স অফিচত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল তেনে সময়ত আজি নতুনকৈ মুক্তি লাভ কৰা বাহুবলী ৩ক পিছ পেলালে অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে'ই।

ডিজিটেল ডেস্ক : সৰ্বকালৰ অভিলেখ ভংগ কৰি আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'। জুবিনবিহীন জুবিন গাৰ্গৰ অন্তিমখন ছবি উপভোগ কৰিলে ৰাজ্য তথা দেশবাসীয়ে।


আজি পুৱা ৪-২৫ বজাত প্ৰথম দৰ্শনী উপভোগ কৰিলে দৰ্শকে। দেশৰ ছবি জগতৰ ইতিহাসত সম্ভৱতঃ বিৰল, য’ত পুৱতি নিশা এখন ছবিয়ে মুক্তি লাভ কৰিছে। ছবিখন উপভোগ কৰি ছবিগৃহতে কান্দোনত ভাগি পৰিল একাংশ দৰ্শক। তাৰ সমান্তৰালকৈ আজি মুক্তি লাভ কৰিছিল বাহুবলী ৩। কিন্তু অসমত কেৱল চলি আছে জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে'। অসমত বাহুবলী ৩ৰ নাই এটাও দৰ্শনী।


অসমৰ প্ৰতিটো ছবিগৃহত কেৱল 'ৰৈ ৰৈ বিনালে'। যিসময়ত বাহুবলী ছবিখনে বক্স অফিচত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল তেনে সময়ত আজি নতুনকৈ মুক্তি লাভ কৰা বাহুবলী ৩ক পিছ পেলালে অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে'ই। ভাৰতৰ ছবিগৃহসমূহটো একান্তভাৱে চলি থাকিল 'ৰৈ ৰৈ বিনালে'। অসমত তথা ভাৰত সকলোতে আজিৰে পৰা অহৰহ চলিব 'ৰৈ ৰৈ বিনালে'।


উল্লেখযোগ্য যে জুবিন গাৰ্গ বিহীন আজিৰ অসমখন বহুত দুখত আছে। জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ কোনো কালে পূৰণ নহ’ব। জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবিজগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল। তেনে এগৰাকী মহান ব্যক্তিৰ অকাল বিয়োগত আজিও মৰ্মাহত ৰাজ্যবাসী।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু