--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাংলাদেশৰ জাতীয় সংগীত গোৱাসকলক কংগ্ৰেছে দলৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'গৌৰৱ গগৈয়ে মনে মনে ভালেই পাইছে। কাৰণ এয়া হৈছে পাকিস্তান চৰকাৰৰ প্ৰজেক্ট।

ডিজিটেল ডেস্ক : শ্রীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰাসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিব অসম চৰকাৰে। কালি দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'কংগ্ৰেছ দলৰ বৈঠকত বাংলাদেশৰ জাতীয় সংগীতটোক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয়। বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে শ্রীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ বাবে নির্দেশ দিছোঁ।'


আনহাতে, আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে যথোপযুক্ত ধাৰাত গোচৰ পঞ্জীয়নেৰে গ্রেপ্টাৰ কৰি আইনী ব্যবস্থা গ্রহণ কৰিব বুলি জনাই তেওঁ লগতে কয়, 'বহুতো বাংলাদেশীয়ে উত্তৰ-পূবক তেওঁলোকৰ দেশৰ অংশ বুলি দাবী কৰি আহিছে।' ইফালে বাংলাদেশৰ জাতীয় সংগীত গোৱাসকলক কংগ্ৰেছে দলৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'গৌৰৱ গগৈয়ে মনে মনে ভালেই পাইছে। কাৰণ এয়া হৈছে পাকিস্তান চৰকাৰৰ প্ৰজেক্ট।


কেইদিনমানৰ আগতে পাকিস্তানৰ জইন্ট ষ্টাফ কমিটীয়ে বাংলাদেশৰ মহম্মদ ইউনিছক এটা প্রেজেন্টেশ্যন দিছে, তাতো ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ অংশ বুলি দেখুওৱা হৈছে। এতিয়া অসমখন বাংলাদেশৰে অংশ বুলি এটা বার্তা কংগ্রেছে বাংলাদেশলৈ পঠিয়াই দিলে। এই গোটেই কংগ্রেছ পার্টিটো পাকিস্তান আৰু বাংলাদেশৰ 'ডট ডট' পার্টি বুলি আমি ক'ব পাৰোঁ বুলিও মত প্রকাশ কৰে ড° শৰ্মাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ